সৰুৰে পৰা যেতিয়া এটা বস্তু দেখি থকা হয় তেতিয়া সেই বস্তুটোৰ প্ৰতি আগ্ৰহ ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ থাকে। আমি কেতিয়া সেই বস্তুটোৰ প্ৰতি ইমান আকৰ্ষিত হওঁ ধৰিবই নোৱাৰো; ঠিক তেনেদৰে, আমি যেতিয়াই কোনো সংগীতশিল্পী অথবা কন্ঠশিল্পী এগৰাকীৰ সাক্ষাৎকাৰ লৈছো আমি প্ৰায়ে তেওঁলোকে কোৱা শুনো যে তেওঁলোক সৰুৰ পৰাই অকণমানকৈ হ’লেও এই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত হৈছিল। অৰ্থাৎ সংগীত বোলা এই শব্দটোৰ অৰ্থ বুজাৰ পূৰ্বেই তেওঁলোক ইয়াৰ প্ৰতি নিজক উচৰ্গা কৰিবলৈ বিচাৰিছিল; শেহতীয়াকৈ সংগীত ক্ষেত্ৰখনত নৱপ্ৰজন্মৰ প্ৰচেষ্টাৰে এনে একাংশ গীতে মুক্তি লাভ কৰিছে যিয়ে সংগীত প্ৰেমী শ্ৰোতাক আমোদ প্ৰদানৰ সমান্তৰালকৈ দিছে প্ৰশান্তি; নৱপ্ৰজন্মৰ প্ৰচেষ্টাত নিৰ্মিত প্ৰায় সমূহ গীতেই যেন বৰ্তমান স্পৰ্শ কৰি গৈছে সকলোকে। আমি নজনাকৈয়ে একোটা সুন্দৰ গীতক লৈ নিজাকৈ আকৃষ্ট হওঁ, সেই গীতটি প্লে-লিষ্টত “ৰিপিট” ম’ডত বাৰ বাৰ চলিলেও আমাৰ আমনি নলগাৰ সমান্তৰালকৈ সেই গীতটিৰ প্ৰতি আৰু দুগুণ উৎসাহ আমাৰ বাঢ়ে। এনে উৎসাহবোৰ বৃদ্ধিৰ ক্ষেত্ৰত সম্প্ৰতি সময়ছোৱাত আগ-ভাগ লৈছে নৱপ্ৰজন্মই; বিজ্ঞানৰ পৰা আৰম্ভ কৰি সাহিত্য তথা মনোৰঞ্জন যিয়েই নহওঁক কিয়! এই আটাইবোৰতেই তেওঁলোকৰ অংশগ্ৰহণে প্ৰতিজন শ্ৰোতা-দৰ্শকক ইমানেই অধিক আপ্লুত কৰিবলৈ সক্ষম হৈছে যে তেওঁলোকৰ সৃষ্টিত জনপ্ৰিয়তাৰ মোহৰ লাগিবলৈ আৰম্ভ হৈছে। বহুল সংখ্যাত গীত সমূহৰ সৈতে জড়িত নহ’লেও তেওঁলোকৰ এই সংগীত ক্ষেত্ৰখনক লৈ থকা ইচ্ছা দৰ্শক-শ্ৰোতাৰ সমুখত তেওঁলোকক অধিক গ্ৰহণযোগ্য কৰি তোলে। আমি তেনেই এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভা ডেভিদ কাশ্যপৰ সৈতে ৰূপালীপৰ্দাৰ তৰফৰ পৰা পাতিছিলো কিছু কথা; সংগীতক্ষেত্ৰখনত কেতিয়াৰ পৰা জড়িত বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে,
“সঁচা কথা ক’বলৈ গ’লে সংগীতৰ সতে সৰুৰে পৰাই জড়িত। ৫ বছৰ বয়সৰ পৰাই গান গাইছিলো। সৰুৰে পৰাই ঘৰখনত সংগীতৰ পৰিবেশ পাই আহিছিলোঁ। সেয়েহে হয়টো অজানিতেই মনৰ মাজত সংগীতে কেতিয়ানো খুঁপনি পুঁতিলে গমেই নাপালোঁ। তাৰ পিছত ২০১৩ ত চাউণ্ড ইঞ্জিনিয়াৰিং সম্পূৰ্ণ কৰাৰ পিছত ২০১৪/১৫ ৰ পৰা সংগীত পৰিচালনা কৰিবলৈ আৰম্ভ কৰিলোঁ। এনেকৈয়ে ক্রমাৎ সংগীতৰ জগত খনৰ লগত একাত্ম আৰু জড়িত হৈ পৰিলোঁ আৰু আজীৱন হৈ থাকিম। সংগীত মোৰ মনত, সংগীত মোৰ প্রাণত আৰু মই বিচাৰোঁ এই সংগীত বৈ থাকক সকলোৰে হৃদয়ত।” সংগীতৰ কোনটো উপাদানে এটা গীতক পূৰ্ণতা দিয়া বুলি প্ৰশ্ন কৰাত ডেভিদে কয় যে, “সংগীতৰ প্ৰয়োজনীয় উপাদান সমূহ হ’ল ক্ৰমে গান এটাৰ কথাৰ গভীৰতা, তাৰ সৈতে সংগত কৰা বাদ্য যন্ত্ৰৰ সঠিক ব্যৱহাৰ আৰু সুৰ । গানৰ সুৰটো হ’ল সাবাতোকৈ ডাঙৰ উপাদান। কাৰণ, সুৰটো ভাল লাগিলে আমি ভাষা নুবুজাকৈ গান এটাৰ প্রতি আকৰ্ষিত হওঁ। ঠিক তেনেদৰে ভাষা বুজিলে আমি কথাৰ গভীৰতা বিচাৰোঁ।সৰ্বশেষত হ’ল সংগত বাদ্যযন্ত্ৰৰ যাদু। বাদ্যযন্ত্ৰ অবিহনে এটা গানে কেতিয়াও পূর্ণতা নাপায়। গতিকে, এইখিনিতে এটা কথা ক’ব খোজোঁ যে সচৰাচৰ হেণ্ডচ্ বুলি কোৱা বাদ্যযন্ত্ৰী সকলকো শিল্পী বুলি সন্মান আৰু স্বীকৃতি দিয়াটো উচিত।” ডেভিডে নিজ আগন্তুক পৰিকল্পনাৰ বিষয়ে জনাই কয় যে, “ভৱিষ্যত পৰিকল্পনা বুলি বিশেষ কোনো পৰিকল্পনা নাই মোৰ। সংগীত মোৰ মন আৰু অনুভৱৰ সৈতে জড়িত। গতিকে সদায়েই সংগীতৰ সৈতে জড়িত হৈ ৰ’ম।”
ডেভিদৰ মতে এগৰাকী ‘শিল্পী’ ৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয় যে, “এগৰাকী প্রকৃত শিল্পী খুব ভাবুক আৰু সৰল হয়, তেওঁৰ তাত অহংকাৰ ভাৱ নাথাকে। তেওঁলোকে প্রতিমূহুর্ততে সৃষ্টিৰ সন্ধানত নিজকে বিলীন কৰি দিয়ে।”
Add comment