Rupaliparda.com
ৰাজ কুন্দ্ৰাৰ গাড়ীৰ আগে আগে দৌৰ শিল্পা ছেট্টীৰ দেহৰক্ষীৰ, ট্ৰোল হোৱাৰ লগতে লাভ কৰিলে প্ৰশংসাওঃ 1

ৰাজ কুন্দ্ৰাৰ গাড়ীৰ আগে আগে দৌৰ শিল্পা ছেট্টীৰ দেহৰক্ষীৰ, ট্ৰোল হোৱাৰ লগতে লাভ কৰিলে প্ৰশংসাওঃ

বলীউড অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী ব্যৱসায়ী ৰাজ কুন্দ্ৰাই শেহতীয়াকৈ জামিন লাভ কৰিছে। বিগত ১৯ জুলাই তাৰিখে তেখেতক ক্ৰাইম ব্ৰান্সে অশ্লীল ছবি নিৰ্মাণ কৰাৰ ফলত গ্ৰেপ্তাৰ কৰিছিল। তেওঁ দুমাহ ধৰি কাৰাগাৰত থকা পিছতেই ২০ ছেপ্টেম্বৰ তাৰিখে জামিন লাভ কৰিছিল ৰাজ কুন্দ্ৰাই আৰু ২১ তাৰিখে তেওঁ বাসগৃহত উভতি আহে। ৰাজ কুন্দ্ৰাই জামিন লাভ কৰাৰ পিছত তেওঁৰ বহুকেইখন ফটো চচিয়েল মিডিয়া যোগে ভাইৰেল হৈ পৰিছিল। যিসমূহত বৰ্তমান দৰ্শকে ভিন্ন ধৰণৰ মতামত আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। এই ভাইৰেল হোৱা ফটোসমূহৰ মাজতেই শিল্পা ছেট্টীৰ দেহৰক্ষী এগৰাকীৰ এখন ফটোৱে শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। প্ৰায় অধিকাংশ দেহৰক্ষী গৰাকীক এনে অৱস্থাত দেখি সমাদৰ জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। আনহাতে, আন একাংশই দেহৰক্ষীগৰাকীক ট্ৰোল কৰাও দেখিবলৈ পোৱা গৈছে। একাংশই দেহৰক্ষী গৰাকীক নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ বাবদ প্ৰশংসা কৰিছে আনহাতে আন একাংশই তেওঁক উদ্দেশ্যি কৈছে যে, “দেহৰক্ষী গৰাকীয়ে গাড়ীৰ আগে আগে এনেকে দৌৰিছে যেন ৰাজ কুন্দ্ৰাই দেশৰ নাম উজ্বলাই আহিছে।”


উল্লেখ্য যে, ৫০ হাজাৰ টকাৰ জৰিমনা গ্ৰহণ কৰি ৰাজ কুন্দ্ৰা আৰু তেওঁৰ সহযোগী ৰায়ন থোৰ্পে জামিন লাভ কৰে। কেৱল এয়াই নহয়, তেওঁলোক দুয়োকে আন এক চৰ্তনুসৰি প্ৰদান কৰা হৈছে যাতে তেওঁলোকে নিজ প্ৰমাণসমূহৰ সৈতে একো খেলা নকৰে। বিগত বছৰৰ আগষ্ট মাহৰ পৰা ডিচেম্বৰৰ ভিতৰত পর্ন ব্যৱসায়ৰ পৰা প্ৰায় ১.১৭ কোটি টকা উপাৰ্জন হৈছে ৰাজ কুন্দ্ৰাৰ।
জানিব পৰা মতে, ৰাজৰ এপৰ জৰিয়তে কিমান উপাৰ্জন হ’ব পাৰে, তাৰ এক পৰিকল্পনা কৰা হৈছিল। ২০২৩-২৪ চনৰ ভিতৰত ১৪৬ কোটি টকা উপাৰ্জন আৰু ৩৪ কোটি টকা লাভৰ পৰিকল্পনা আছিল ৰাজ আৰু তেওঁৰ সহকাৰীসকলৰ। ২০২১-২২ চনত ৩৬ কোটিৰো অধিক আৰু ২০২২-২৩ত ৭৩ কোটিৰ অধিক টকা লাভৰ আশা কৰিছিল ৰাজৰ সংস্থাটোৱে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform