Rupaliparda.com
পজিটিভ তৰালী শৰ্মা, ইতিবাচক বাৰ্তাৰে প্ৰতিদিনে জনসাধাৰণক আপ্লুত কৰে তেওঁঃ 1

পজিটিভ তৰালী শৰ্মা, ইতিবাচক বাৰ্তাৰে প্ৰতিদিনে জনসাধাৰণক আপ্লুত কৰে তেওঁঃ

এগৰাকী বহুলভাৱে সমাদৃত সংগীতশিল্পীয়ে কেৱল মাত্ৰ নিজ কণ্ঠ, সুৰ-সংগীতেৰেই নহয়, তেওঁৰ কথাবোৰেৰেও অনুৰাগী কৰি তুলিবলৈ সক্ষম হয় আমাক। অসমীয়া সংগীতক্ষেত্ৰখনত বহুলভাৱে সমাদৃত বুলি ক’বলৈ গ’লে আমাৰ মনলৈ তৰালী শৰ্মাৰ নামটো প্ৰায় প্ৰথমতেই মনলৈ আহে। যাৰ কন্ঠই হৃদয়খন খামোচ মাৰি ৰাখি সুৰবোৰ সিঁৰে সিঁৰে বিয়পাই দিব পাৰে তেওঁ হৈছে তৰালী শৰ্মা। যিগৰাকীৰ কন্ঠই অনুৰাগীৰ মনলৈ এক প্ৰশান্তি আনি দিব পাৰে তেওঁৰ প্ৰতিটো গীতৰ বাবেই আচলতে ৰৈ যায় শ্ৰোতা-দৰ্শক। তাহানিৰ দিনৰ পৰা বৰ্তমানলৈ তৰালী শৰ্মাৰ কন্ঠত কি যাদু আছে বুলি সুধিলে তাৰ উত্তৰত এটাই কথা ক’ব পৰা যায় যে, তেওঁৰ কন্ঠত মৰম আছে, সৰু সৰু কথাৰে গুঁঠি লোৱা আৱেগ আছে আৰু শ্ৰোতাৰ হিয়া মন জুৰ পেলাব পৰাকৈ এসোপা মান আদৰ আছে। যিয়ে প্ৰেমক সুন্দৰৰ শাৰীৰ পৰা লৈ গৈ সৰ্বাংগ সুন্দৰ কৰি তোলে; আজি আমি তৰালী শৰ্মাৰ নতুন গীতৰ বিষয়ে নহয়, ক’বলৈ ওলাইছোঁ তেওঁৰ কিছুমান কথাহে। চচিয়েল মিডিয়াত প্ৰায়ে নিজৰ একোটা পোষ্টৰে তেওঁ জনসাধাৰণৰ মাজত পজিটিভ তথা ইতিবাচক বাৰ্তা প্ৰেৰণ কৰে। কণ্ঠটোৰ দৰেই তেওঁৰ কথাবোৰ জীপাল তথা সুন্দৰ। শেহতীয়াকৈ তৰালী শৰ্মাই ফেচবুক যোগে দিয়া এটা ষ্টেটাচক তেওঁৰ প্ৰায় প্ৰতিগৰাকী অনুৰাগীয়ে আকোঁৱালি লৈ নিজৰ মনৰ কথাখিনি কৈ পেলোৱা বুলি কমেণ্টত ব্যক্ত কৰে।

পজিটিভ তৰালী শৰ্মা, ইতিবাচক বাৰ্তাৰে প্ৰতিদিনে জনসাধাৰণক আপ্লুত কৰে তেওঁঃ 2


তেওঁ ষ্টেটাচত কৈছিল যে, “আপুনি যিমানেই দয়ালু, মৰমীয়াল, সত্যবাদী, আন্তৰিক বা পৰিশ্ৰমী নহওঁক কিয়, সদায়ে এনে এজন ব্যক্তি থাকিব যি আপোনাক ঘৃণা কৰিব, আপোনাক ভুল বুজিব, আপোনাৰ বিষয়ে কথা পাতিব আৰু আপোনাক একো বুলি বিবেচনা নকৰিব। ঠিক আছে, আপুনি বিচলিত হ’ব নালাগে। এইটো তেওঁলোকৰ দেখুওৱাৰ উপায় যে তেওঁলোক কোন। আপুনি আপোনাৰ ফালৰ পৰা অধিক মৰমীয়াল, অধিক দয়ালু, অধিক সহানুভূতিশীল হ’ব। আপুনি কোন সেয়া দেখুওৱাৰ এইটো আপোনাৰ উপায়! যেতিয়ালৈকে আপুনি নিজৰ প্ৰতি সঁচা, আপুনি পৃথিৱীৰ আটাইতকৈ ধুনীয়া ব্যক্তি।” জনসাধাৰণে বিগত বহুদিন ধৰি বহু ঋণাত্মক খবৰৰ মুখামুখি হৈছে। সেইসমূহ সহ্য কৰিয়ে আগবাঢ়ি গৈছে সকলো, কিন্তু এনে সময়ত কোনো এজনে যেতিয়া সকাহপূৰ্ণ এষাৰ কথা কয় তেতিয়া আচলতে প্ৰত্যেকেই ইতিবাচক দিশলৈ গতি কৰিবলৈ আৰম্ভ কৰে। ভাল চিন্তা কৰিবলৈ লয়। অনাগত সময়ত তৰালী শৰ্মাৰ এটি বহু প্ৰত্যাশিত প্ৰকল্প ‘ডেউকা’ য়ে লাভ কৰিব মুক্তি। সংগীতশিল্পী গৰাকী বিগত বহুদিনৰ অন্তত এটি নিজৰ এলবামৰ জৰিয়তে ৰাইজৰ কাষ চাপিবলৈ সাজু হৈছে। এলবামটিৰ মুক্তিৰ তাৰিখ বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও ইয়াৰ বাবে অপেক্ষাৰত সকলো।

পজিটিভ তৰালী শৰ্মা, ইতিবাচক বাৰ্তাৰে প্ৰতিদিনে জনসাধাৰণক আপ্লুত কৰে তেওঁঃ 3


অনাগত দিনত তৰালী শৰ্মাই এনেদৰেই তেওঁৰ অনুৰাগী সকলক উৎসাহিত কৰি যাওক তাৰেই আশা কৰিছোঁ। লগতে, ৰূপালীপৰ্দাৰ তৰফৰ তেওঁলৈ যাচিছোঁ আন্তৰিক শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform