Rupaliparda.com
"কুঁৱাৰ পৰা সাগৰলৈ মই মোৰ এই যাত্ৰা অব্যাহত ৰাখিছোঁ"- লভা হাজৰিকা চিৰলা (লখিমী) 1

“কুঁৱাৰ পৰা সাগৰলৈ মই মোৰ এই যাত্ৰা অব্যাহত ৰাখিছোঁ”- লভা হাজৰিকা চিৰলা (লখিমী)

এগৰাকী অসম কন্যা, বৰ্তমান মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিবাসী। তৎস্বত্বেও, অসমবাসীৰ প্ৰতি শ্ৰদ্ধা তথা অপাৰ মৰম তেওঁৰ। অহা কাইলৈ মুক্তি পাবলগীয়া অসমীয়া ছবি ‘লখিমী’ ত তেখেতে মুখ্য চৰিত্ৰটি ৰূপায়ণ কৰিছে। লগতে, আশা কৰিছে ৰাইজৰ আশীৰ্বাদ আৰু সঁহাৰিৰ। অভিনেত্ৰী গৰাকীৰ নাম লভা হাজৰিকা চিৰলা। OTT প্লেটফৰ্ম Moviesaints.com ত মুক্তি পাবলগীয়া বিশ্বজিৎ বৰাৰ দ্বাৰা পৰিচালিত ছবি ‘লখিমী’ ৰ বাবে ইতিমধ্যে অপেক্ষাৰত অসমীয়া দৰ্শক সমাজ। গ্ৰামাঞ্চলৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ বাস্তৱ ছবি এখনৰ উপস্থাপনৰ জৰিয়তে ‘লখিমী’ ক এখন গ্ৰহণযোগ্য ছবি হিচাবে ৰাইজৰ মাজলৈ উলিয়াই আনিছে পৰিচালক গৰাকীয়ে। শেহতীয়াকৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা ছবিখনৰ মুখ্য চৰিত্ৰ ৰূপায়িত অভিনেত্ৰী লভা হাজৰিকাৰ সৈতে পাতিছিলোঁ কিছু এক্সক্লুচিভ কথা-বতৰা। প্ৰথমতে, অনুভৱৰ বিষয়ে সোধাত তেওঁ কয়ে যে, “ছবিখন আচলতে বহু দিন আগতেই মুক্তিৰ বাবে সাজু হৈ উঠিছিল। কিন্তু ‘কা’ আন্দোলনৰ লগতে ক’ৰোণা মহামাৰীৰ সন্ত্ৰাসৰ ফলত ছবিখন বহুদিনৰ বাবে স্তব্ধ হৈ ৰ’ল। এক কথাত ক’বলৈ গ’লে, মোৰ জীৱনত প্ৰায়বোৰ বস্তুৱেই সম্পূৰ্ণ তথা সফল হ’বলৈ অকণমান দীঘলীয়া সময় লয়। ‘লখিমী’ ছবিখনেও যিহটো অকণ সময় লৈছে, গতিকে ই সফল হ’ব। মই পজিটিভ হৈ আছোঁ।” লভা হাজৰিকাই দৰ্শকৰ পৰা কি আশা কৰে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “মই সদায় নিজৰ মাতৃভূমি খনক লৈ গৌৰৱ অনুভৱ কৰি আহিছোঁ। যদিও বৰ্তমান মই আমেৰিকাত আছোঁ তথাপিও অসমবাসীৰ বাবে মোৰ বহুত মৰম আছে। মই বিশ্বাস কৰোঁ, আমি ইজনে আনজনক সঁহাৰি জনালেহে আমি আগবাঢ়ি যাবলৈ সক্ষম হ’ম। অসমবাসী ৰাইজৰ ফালৰ পৰা মইও ঠিক এনে সঁহাৰিৰেই আশা ৰাখিছোঁ। তেওঁলোকৰ সঁহাৰি আমাৰ প্ৰতিটো সময়ত কাম্য।”

"কুঁৱাৰ পৰা সাগৰলৈ মই মোৰ এই যাত্ৰা অব্যাহত ৰাখিছোঁ"- লভা হাজৰিকা চিৰলা (লখিমী) 2


কথা প্ৰসংগত লভা হাজৰিকাই কয় যে, “মোৰ জীৱনত এবাৰলৈ হ’লেও পৰিচালক জাহ্নু বৰুৱা ছাৰৰ সৈতে কাম কৰাৰ ইচ্ছা আছিল। তেওঁৰ কামবোৰ মোৰ খুবেই পচন্দৰ, তেওঁৰ তথা তেওঁৰ প্ৰতিটো সৃষ্টিৰ মই সক্ৰিয় অনুৰাগী। এই সপোন কেতিয়ালৈ ফলিয়াব নাজনোঁ, কিন্তু মই সুখী যে জাহ্নু বৰুৱা ছাৰৰ সান্নিধ্যত থকা অসমৰ তথা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এগৰাকী জনপ্ৰিয় পৰিচালক বিশ্বজিৎ বৰাৰ সৈতে মই কাম কৰাৰ সুবিধা লাভ কৰিছোঁ। তেখেতৰ সৈতে কাম কৰিবলৈ পাই মই বহুত বস্তুৱেই শিকিলোঁ। মোৰ অভিজ্ঞতা হ’ল।” ‘লখিমী’ ছবিখনত লভা হাজৰিকাক দুই ধৰণে দেখিবলৈ পোৱা যাব, ছবিখনৰ ট্ৰেইলাৰত প্ৰথমাৱস্থাত তেওঁক এগৰাকী ঘৰুৱা নিৰ্জু মহিলা হিচাবে দেখিবলৈ পোৱা গৈছে। তাতেই আকৌ পিছলৈ তেওঁ এগৰাকী সাহসী নাৰীৰ চৰিত্ৰও ৰূপায়ণ কৰিছে। বাস্তৱ জীৱনত তেওঁ আচলতে কোনজনী বুলি প্ৰশ্ন কৰাত অভিনেত্ৰী গৰাকীয়ে কয় যে, “বাস্তৱ জীৱনত ক’বলৈ গ’লে মই সেই সাহসী গৰাকী, জীৱনৰ বহু ঘাত-প্ৰতিঘাত, বাধা-বিঘিনিক খণ্ডন কৰি মই আজিৰ এই পৰ্যায় পাইছোঁহি। কুঁৱাৰ পৰা সাগৰলৈ মই মোৰ এই যাত্ৰা অব্যাহত ৰাখিছোঁ।”

"কুঁৱাৰ পৰা সাগৰলৈ মই মোৰ এই যাত্ৰা অব্যাহত ৰাখিছোঁ"- লভা হাজৰিকা চিৰলা (লখিমী) 3


লভা হাজৰিকাক ‘লখিমী’ ছবিখনৰ বাবে আন্তৰিক শুভকামনা জ্ঞাপন কৰিছে ৰূপালীপৰ্দাই। আনহাতে, আশা কৰিছে ছবিখনৰ বহুল সফলতাৰ। মহেশ চিৰলাৰৰ প্ৰযোজনাত নিৰ্মিত এই ছবিখনটো বহুকেইগৰাকী ন-পূৰণি শিল্পীৰো সমাৱেশ ঘটিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform