Rupaliparda.com
অলংকৃতা আৰু ৰূপাংকৃতা কলিতাৰ নতুন গীত 'শৰতৰ নিয়ৰে'- 1

অলংকৃতা আৰু ৰূপাংকৃতা কলিতাৰ নতুন গীত ‘শৰতৰ নিয়ৰে’-

বিগত বহুদিনৰ অন্তত আকৌ এবাৰ ‘ওৱণ্ডাৰ চিষ্টাৰচ’ ৰাইজৰ কাষ চাপিবলৈ সাজু হৈছে। অলংকৃতা আৰু ৰূপাংকৃতা কলিতাৰ ‘শৰতৰ নিয়ৰে’ শীৰ্ষক নতুন গীতটিৰ বাবে তেওঁলোকৰ অনুৰাগীসকল উৎসাহিত হৈ পৰিছে। চচিয়েল মিডিয়াত সক্ৰিয় দুয়ো ভগ্নীৰ এই যুটিটোৱে প্ৰায়ে নিজৰ ফটো আপলোডেৰে জনসাধাৰণক আপ্লুত কৰা দেখা যায়। গুৱাহাটী নাৰেংগী নিবাসী উক্ত যুঁটিটোৰ নাম বৰ্তমান সকলোৰেই বাবে পৰিচিত। ৰূপাংকৃতাই নিজৰ ডেবিউ গীতেই পৰিৱেশন কৰিছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সৈতে। প্ৰায়বোৰ মঞ্চানুষ্ঠানত আমন্ত্ৰণ জনোৱা এই দুয়োগৰাকী গায়িকা গীতসমূহে সমাদৰো লাভ কৰে শ্ৰোতা ও দৰ্শকৰ। এওঁলোকৰ গীতসমূহৰ উপৰিও দুই ভগ্নীৰ একেধৰণৰ পিন্ধনেও দৰ্শকক আকৰ্ষিত কৰে। মঞ্চত তথা কোনো অনুষ্ঠানত যেতিয়াই দুই ভগ্নীক একেলগে দেখা হয়; দুয়োকে একে ধৰণৰ কাপোৰৰ সৈতেই দেখে দৰ্শকে।


তেওঁলোকৰ প্ৰতিটো মুক্তিপ্ৰাপ্ত গীতেই আচলতে শ্ৰোতা-দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ইয়াৰ উদাহৰণ তেওঁলোকৰ গীত “চেৰেক চেৰেক” অথবা “বাবৰি বাবৰি” ৰ পৰাই পাব পৰা যায়। অনুৰাগীক আকৰ্ষণ কৰি তোলাৰ বাবে এওঁলোকে প্ৰায় একোটা গীতৰ কভাৰ প্ৰস্তুত কৰাও দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform