ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত প্ৰতিগৰাকী অসম সন্তানে আমাক প্ৰতিটো সময়ত গৌৰৱান্বিত কৰি ৰাখে। তেওঁলোকৰ সৃষ্টি সমূহ কেৱলমাত্ৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতেই নহয়, সমগ্ৰ অসমতেই জনপ্ৰিয় হৈ পৰে। আপোনালোকে নিশ্চয় ডনী হাজৰিকাৰ নামটোৰ সৈতে পৰিচিত, এগৰাকী জনপ্ৰিয় শব্দযন্ত্ৰী হিচাবে খ্যাত এইগৰাকী ডনী হাজৰিকাই বিগত ৩৫ বছৰৰ পৰা মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছে। প্ৰায় ৩৫ খনকৈ হিন্দী ধাৰাবাহিক লগতে ১৫ খনকৈ অসমীয়া ছবিৰ সৈতে জড়িত ডনী হাজৰিকা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰকল্পসমূহৰ সৈতেও জড়িত। আপোনালোকৰ নিশ্চয় মনত আছে “আয়া বিহু ঝুম কে” ৰ বিষয়ে; য’ত আমাৰ বাপতি সাহোন বিহুটিক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত কৰাৰ মানসেৰে তেওঁ এই প্ৰকল্পটোৰ সৈতে জড়িত কৰোৱাইছিল কেইবাগৰাকীও জনপ্ৰিয় বলীউডৰ কন্ঠশিল্পীক। আচলতে, আজি আমি এইগৰাকী শিল্পীৰ বিষয়ে কোৱাৰ আঁৰত আছে আন এক প্ৰসংগহে। সদ্যঘোষিত ‘ক্লিফ মিউজিক এৱাৰ্ড’ ত ডনী হাজৰিকাই লাভ কৰিছে বিশেষ সন্মান। শ্ৰেষ্ঠ চাউণ্ড ইঞ্জিনিয়াৰৰ খিতাপ লাভ কৰিছে অসম সন্তান গৰাকীয়ে। এই সুখবাৰ্তাই প্ৰতিগৰাকী অসমীয়াক উৎসাহিত কৰাৰ সমান্তৰালকৈ ডনী হাজৰিকালৈ প্ৰত্যেকেই শুভকামনা জ্ঞাপন কৰিছে। বিগত বৰ্ষৰ ‘লক-ডাউন’ ৰ ফলত সমগ্ৰ বিশ্বই স্তব্ধতাৰ সন্মুখীন হোৱা সময়ছোৱাতে চচিয়েল মিডিয়া যোগেই এইগৰাকী সংগীতশিল্পীয়ে আৰম্ভ কৰিছিল Tete-a-tete নামে এক অন্যতম ব্যতিক্ৰমী যাত্ৰা।

Tete-a-tete নামৰ এই লাইভ অনুষ্ঠানটোৰ বাবে বহুল ভাৱে সমাদৃত হৈছিল ডনী হাজৰিকা। এই লাইভ যাত্ৰা সমূহত ডনী হাজৰিকাই কেৱল মাত্ৰ একোজন জনসাধাৰণৰ পৰিচিত আৰু চচিয়েল মিডিয়াৰ সৈতে সক্ৰিয় সংগীতশিল্পীকেই লৈ অনা নাছিল; তেওঁ নিজৰ এই প্ৰচেষ্টাত সন্নিৱিষ্ট কৰিছিল এনে কিছু সংগীতশিল্পী যিগৰাকীৰ কামসমূহ আমাৰ চিনাকী যদিও তেওঁক এগৰাকী ব্যক্তিৰূপে বৰ্তমানলৈ প্ৰায় জনসাধাৰণ পৰিচিত নহয়। লাইভ সমূহত ডনী হাজৰিকাই তেওঁলোকৰ সাংগীতিক যাত্ৰাটোৰ বিষয়ে কথা পতাৰ লগতে তেওঁলোকৰ জীৱনৰ কিছু নজনা কথা জানিবলৈ অথবা জনসাধাৰণৰ মাজত উলিয়াই আনিবলৈও চেষ্টা কৰিছিল। প্ৰত্যেকটো শনিবাৰে কৰা এই “Tete-a-tete” লাইভ অনুষ্ঠান সমূহত পিছলৈ ডনী হাজৰিকাই একোজন তেওঁৰ পৰিচিত মনোবৈজ্ঞানিক, চিকিৎসক আদিকো মতাই আনিছিল। “লক-ডাউন” ৰ সময়ত একাংশৰ ওপৰত পৰা মানসিক হেঁচা লগতে এগৰাকী সংগীতশিল্পীয়ে গোটেই ৰাতি কাম কৰা ফলত দৈহিকভাৱে কেনে পৰিৱৰ্তন হ’ব পাৰে আদি বহুখিনি বিষয়ক লৈ হোৱা বাৰ্তালাপ সমূহে আন বহু শিল্পীক উপকৃত কৰিবলৈ সক্ষম হৈছিল।

তেখেতৰ পৰিকল্পনা তথা প্ৰয়াস সমূহে যাতে এনেদৰেই মোহাচ্ছন্ন কৰিব পাৰে জনসাধাৰণক, তাৰেই আশা ৰাখিছোঁ। তেখেতৰ অনাগত প্ৰতিটো প্ৰকল্প তথা সৃষ্টিৰ বাবে ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।
Add comment