Rupaliparda.com
ঋতৃষা শৰ্মাৰ সাংগীতিক যাত্ৰাৰ বাস্তৱ কাহিনীৰে 'তুমি আছা মানে মই আছো' ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি, লগত জুবিন গাৰ্গ 1

ঋতৃষা শৰ্মাৰ সাংগীতিক যাত্ৰাৰ বাস্তৱ কাহিনীৰে ‘তুমি আছা মানে মই আছো’ ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি, লগত জুবিন গাৰ্গ

সপোনক সাৰ্থকতাৰ দিশে অগ্ৰসৰ কৰিবলৈ কাৰনো মন নাযায়? আমি প্ৰত্যেকেই একোটা সপোনক বুকুত বান্ধি ঘূৰি ফুৰোঁ আৰু ইয়াক সাৰ্থক কৰিবলৈ অহোপুৰুষাৰ্থ কৰাত ব্যস্ত হৈ পৰোঁ। কিন্তু, কথাতে কয় নহয় প্ৰতিটো বস্তুৰেই এটা নিৰ্দ্দিষ্ট সময় থাকে, সময়ৰ আহ্বান হ’লেহে সপোনটোৰ সফল ৰূপায়ণ হ’বলৈ সি সক্ষম হয়। সময়তকৈ আগত না সময়তকৈ পিছত, সপোন পূৰণ হ’বলৈ একোটা নিৰ্দ্দিষ্ট সময়ৰ প্ৰয়োজন মাত্ৰ। আমি আপোনালোকক আজি কথাবোৰ বহলাই কৈ নাথাকো, মাত্ৰ এটা প্ৰশ্ন কৰিম। আপোনালোকৰ বাৰু মনত আছেনে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সৈতে বিহু মঞ্চত যোৰহাটৰ এগৰাকী প্ৰতিভাসম্পন্ন যুৱতীৰ গীত পৰিৱেশন কৰা দিনবোৰ? তেওঁলোকৰ যুটিটোৱে কম দিনৰ ভিতৰতেই শ্ৰোতা-দৰ্শকক আপ্লুত কৰাৰ সমান্তৰালকৈ যুটিটোক লৈ উৎস্যুক হৈ পৰিছিল প্ৰত্যেকগৰাকী জনসাধাৰণ। জুবিন গাৰ্গৰ অনুৰাগী সকল প্ৰতিভাসম্পন্ন সেই যুৱতীগৰাকীৰো সমানেই অনুৰাগী হৈ পৰিছিল। তেওঁৰ নাম নিশ্চয় বৰ্তমান সকলোৰে মুখে মুখে। হয় ঋতৃষা শৰ্মা, বিহু মঞ্চৰ পৰা ‘ঝুনুকা’ আৰু তাৰ পিছত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সমাদৰ বুটলি ল’বলৈ সক্ষম হোৱা ঋতৃষা শৰ্মাৰ এই সাংগীতিক যাত্ৰাটোনো কেনে আছিল সেয়া, কোনেনো জানিব নিবিচাৰে? জুবিন গাৰ্গক লগ পোৱাৰে পৰা আৰম্ভ কৰি তেওঁলোকৰ যুটিটোৰ জনপ্ৰিয়তাক কেন্দ্ৰ কৰি থকা জনসাধাৰণৰ বহুল উৎস্যুকতাৰ উপসম ঘটাই ঋতৃষা শৰ্মাই আপোনালোকৰ মাজলৈ আনিবলৈ সাজু হৈছে এটি নতুন গীত ‘তুমি আছা মানে মই আছোঁ’। শেহতীয়াকৈ গীতটিৰ ফাৰ্ষ্ট লুক পোষ্টাৰ ৰাইজৰ মাজত এৰি দিয়া হৈছে। মন কৰিবলগীয়া এয়াও যে, গীতটিৰ ফাৰ্ষ্ট লুক পোষ্টাৰখনেই শ্ৰোতা-দৰ্শকক অধিক হাৰত গীতটিক লৈ অপেক্ষাৰত কৰি তুলিছে।

ঋতৃষা শৰ্মাৰ সাংগীতিক যাত্ৰাৰ বাস্তৱ কাহিনীৰে 'তুমি আছা মানে মই আছো' ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি, লগত জুবিন গাৰ্গ 2


ঋতৃষা শৰ্মাই এই গীতটিক তেওঁৰ ‘সপোনৰ প্ৰকল্প’ হিচাবে নামাকৰণ কৰিছে। নকৰিবওনো কিয়? যি গৰাকীৰ ব্যক্তিৰ হাত ধৰি সাংগীতিক যাত্ৰাৰ সফলতাৰ শিখৰলৈ গতি কৰিছিল তেখেতৰ সৈতে নিজ সাংগীতিক যাত্ৰাটোক ৰাইজৰ মাজলৈ উলিয়াই দিয়াটো প্ৰত্যেকৰে এক সপোন স্বৰূপ। ইয়াত ঋতৃষা শৰ্মাৰ জীৱনৰ বাস্তৱ কাহিনী ভাগক সংযোজন কৰা হৈছে, বাস্তৱ কাহিনীটোকেই গীত আকাৰে উপস্থাপন কৰা হৈছে ‘তুমি আছা মানে মই আছোঁ’ শীৰ্ষক গীতটিত। এই গীতটিত কণ্ঠদান কৰিছে জুবিন গাৰ্গ আৰু ঋতৃষা শৰ্মাই নিজেই আৰু ভিডিঅ’ সহ মুক্তিপাবলগীয়া এই গীতটিত জুবিন গাৰ্গৰ অভিনয়ো দেখিবলৈ পোৱা যাব। গীতটিত কথা ৰাহুল গৌতম শৰ্মাৰ, কিছুদিন পূৰ্বে এইগৰাকী গীতিকাৰৰ কথাৰে নিৰ্মিত ‘বুঢ়া তামোলৰ পাগ’ শীৰ্ষক গীতটিত ঋতৃষা শৰ্মাই কণ্ঠদান কৰি উল্লেখনীয় সমাদৰ লাভ কৰিছিল শ্ৰোতা সমাজৰ পৰা। গীতটিৰ ভিডিঅ’ পৰিচালনাৰ দায়িত্বত আছে শচীন বৰুৱা, অসমীয়া ভিডিঅ’ গীতসমূহৰ সফলতাৰ আঁৰত থকা শচীন বৰুৱাৰ প্ৰায় প্ৰতিটো প্ৰকল্পই গ্ৰহণযোগ্য। আনহাতে, গীতটিত সংগীত কৰিছে আন এটি লেখত ল’বলগীয়া যুটি পল্লৱ তালুকদাৰ আৰু প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাই। দুয়োগৰাকীৰ কণ্ঠ আৰু দুয়োগৰাকীয়ে সংগীতেৰে শ্ৰোতাক দিয়া মাদকতা আপোনালোকক আকৌ এবাৰ হয়টো বুজাই দিয়াৰ প্ৰয়োজন নাই। ‘তুমি আছা মানে মই আছোঁ’ শীৰ্ষক এই গীতটিক অতিশীঘ্ৰে ৰাইজৰ মাজলৈ উলিয়াই দিয়া হ’ব।

ঋতৃষা শৰ্মাৰ সাংগীতিক যাত্ৰাৰ বাস্তৱ কাহিনীৰে 'তুমি আছা মানে মই আছো' ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি, লগত জুবিন গাৰ্গ 3


চলিত বৰ্ষৰ এটি বহু প্ৰত্যাশিত প্ৰকল্পৰ মাজৰ এটি হ’ব ‘তুমি আছা মানে মই আছোঁ’ শীৰ্ষক এই গীতটো। গীতটিৰ সৈতে জড়িত প্ৰতিগৰাকী কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ আন্তৰিক শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform