Rupaliparda.com
Joymoti | Rupaliparda.com

অসমীয়া চিনেমা : জয়মতী ||–উৎপল মেনা

ৰূপধৰা নাগবন সৌন্দর্য’— অনাঘ্রাতা সুৰভি সঁফুৰা আপােনাতে আপুনি বিভােৰ, আপােনাতে আপােন পাহৰা—

আপােনাৰ নৃত্যতেই আপুনিয়ে বিয়াকুল হােৱা— নিজৰাৰ পাৰে পাৰে শিলনিৰ গায়ে গায়ে— দেও দি নাচি ফুৰা— চৰগী ৰাজ্যৰ বাট চিৰ আনন্দ— চিৰ সৌন্দৰ্যৰ জ্বলন্ত কণিকা— আজলী, ৰূপহী— ডালিমী।
কোনে কয় মানৱী লয়ে হায়
বনৰ সৌন্দর্যই ৰূপ ধৰি আহি
দেও দি চাপৰি বায়
ৰূপধৰা নাগবন সৌন্দর্য অনাঘ্রাত সুৰভি সঁফুৰা আপােনাত আপুনি বিভােৰ… (‘জয়মতী’ চিত্রনাট্যৰ পৰা)

জ্যোতিপ্ৰসাদ আগৰৱালাই চিত্রনাট্য ৰচনা কৰাৰ সময়তে ‘কেমেৰাৰ ভাষা’ অনুভৱ কৰিছিল। ‘চিত্রনাট্য’ৰ এই অংশটোৱে স্পষ্ট উদাহৰণ। –চিনেমাখন আমি চোৱা নাই। জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয় পৰিচালনা ‘ইন্দ্ৰমালতী’ চোৱাৰ সুযোগো আমি পােৱা নাই। চোৱাৰ সুযােগ পাইছিলোঁ ড° ভূপেন হাজৰিকাই সম্পাদনা কৰা চিনেমা দুখনৰ কিছু ছিকুৱেন্স। সেই ছিকুৱেন্সসমূহৰ দ্বাৰাই অনুমান কৰিব পাৰি— ‘ইন্দ্ৰমালতী’ কিছু পৰিমাণে নাটক আছিল। ব্যৱসায়িক দিশত ‘ইন্দ্ৰমালতী’ সফল আছিল আৰু সম্ভৱতঃ এই বাবেই ‘ইন্দ্ৰমালতী’ৰ অভিনয়, পৰিচালনা শৈলী স্পষ্ট হৈছিল পৰৱৰ্তী সময়ছােৱাত অসমীয়া চিনেমাত। অর্থাৎ ক’ব পাৰি অসমীয়া চিনেমাৰ বুনিয়াদ ‘ইন্দ্ৰমালতী শৈলী’। পৰৱৰ্তী সময়ছােৱাত পৰিচালকসকলে ‘জয়মতী শৈলী’ক আদৰি ল’লে অসমীয়া চিনেমাই হয়তাে বিশ্ব চিনেমাৰ স’তে খােজ দিব পাৰিলেহেঁতেন। আমি কি ক’ব খুজিছো, সেয়া আৰু স্পষ্ট কৰি দিছে— এই শতিকাৰ ভাৰতীয় চিনেমা পৰিচালকসকলে যি চিন্তা কৰিছে, সেয়া জ্যোতিপ্ৰসাদে ‘জয়মতী’ পৰিচালনাৰ সময়তে কৰিছিল।

‘জয়মতী’ চোৱা ছিকুৱেন্সকেইটাৰ পৰাই আমি অনুভৱ কৰিছে—কেমেৰাৰ ভাষা, শ্বটৰ গাণিতিক ব্যৱহাৰ (সেই সময়ৰ কথা মনত ৰাখি ক’ব পাৰি) —অপূর্ব। পৰিচালক জ্যোতিপ্ৰসাদে কেমেৰাৰ ফ্ৰেমত স্বামী গদাপাণিৰ ভালৰ বাৰে সঁফুৰা এখন আগত লৈ প্রার্থনা কৰি থকা জয়মতীক লৈ লােৱা আংশিক টপ এংগ’ল শ্বট, যুদ্ধৰ ছিকুৱেন্সৰ মাজত লােৱা ক্লজ শ্বট, কেমেৰাৰ ভাষাৰে সন্ধিয়া নামি অহা ‘শ্বট’, ৰাজসভাত জয়মতীক ফ্রেমত লৈ ক্লজ শ্বট, ‘নগাপাহাৰ’ত গদাপাণি-ডালিমীক ফ্রেমত লৈ ‘মিড শ্বট’ ইত্যাদি আছিল সেই সময়ত ভাবিব নােৱাৰা ‘চিনেকর্ম’। ‘চলচ্চিত্র ইতিহাস’ অধ্যয়ন কৰিলে জনা যায় সেই সময়ত প্ৰতিটো শ্বট লােৱা হৈছিল এটা ঠাইত কেমেৰা ৰাখি। আমি চোৱা ছিকুৱেন্সকেইটাত স্পষ্ট ‘কেমেৰা-ছাবজেক্ট মুভমেণ্ট’ পৰিপাটি। সেই সময়ত সেই পৰিৱেশত এয়া কেনেকৈ সম্ভৱ হৈছিল সেয়া স্বাভাৱিকতে গৱেষণাৰ বিষয়৷

২০ মার্চ, ১৯৩৫ চনত ‘জয়মতী’ক ‘মুক্তি’ দিয়া হৈছিল চিত্রগৃহত। এখন ‘ৰচনা’ত উত্তম বৰুৱাই উল্লেখ কৰিছিল– ‘২০ মার্চৰ দিনা গুৱাহাটীৰ কলামােদী ৰাইজৰ ওচৰত ‘জয়মতী’ প্রদর্শন কৰালে জ্যোতিয়ে নিজেই।.. এমাহজুৰি প্রদর্শন হ’ল।’ জ্যোতিপ্ৰসাদে কৈছিল— ‘আজি প্রায় ডেৰ বছৰৰ মূৰত ‘জয়মতী’ ফিল্ম ৰাইজৰ আগলৈ উলিয়াবলৈ সমৰ্থ হৈছোঁ।…’ অর্থাৎ চিনেমাখনৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ হৈছিল ১৯৩৩ চনৰ শেষৰ ফালে। কিন্তু চিনেমাখনৰ চিন্তা আছিল ১৯২২ চনৰে।

কলকাতাত ‘আঁধাৰে আলাে’ নামৰ নির্বাক চিনেমাখন চোৱাৰ পিছত (জয়মতীত গদাপাণিৰ চৰিত্ৰত অভিনয় কৰা) ফুনু বৰুৱাই ৰচনা এখনত উল্লেখ কৰিছে— ১৯২১ চনৰ শেষভাগত জ্যোতিয়ে কলিকতা বিদ্যাপীঠ আৰু মই বেংগল টেকনিকেল ইনষ্টিটিউটত পঢ়িবলৈ বুলি কলকাতালৈ যাওঁ। ১৯২২ চনত কলকাতাত ‘আঁধেৰ আলাে’ নামৰ বায়ােস্কোপ এখন চোৱাৰ পিছতেই আমাৰাে অসমীয়া বায়ােস্কোপ এখন কৰিবলৈ হাবিয়াস জাগে।…’— সম্ভৱতঃ ইয়াৰ কাৰণ হয়তাে এনে ধৰণৰ আছিল— কলকাতাৰ পৰা সম্ভৱ হৈছে, অসমৰপৰা নহ’ব কিয়? কিন্তু কেনেকৈ, সম্ভৱ কৰিব পৰা যায়? ফুনু বৰুৱাৰ ভাষাত— ‘সেই দিনাই জ্যোতিৰ মনত বায়ােস্কোপৰ চিন্তাই বাহ লয়। জ্যোতিয়ে মােক ক’লে— আমি প্রথমে ‘বিষয়’টো ভালদৰে জানিব লাগিব। জানিবৰ বাবে মই বিদেশলৈ যাম।’ —কেনেকৈ? অপেক্ষা কৰিব লগা হ’ল ১৯২৬ চনলৈ। ১৯২৬ চনৰ ছেপ্টেম্বৰত উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যায়। এডিনবৰা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ত সংগীতৰ শিক্ষা লয়। এডিনবৰা বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা সম্পূর্ণ নকৰাকৈ জার্মানীলৈ যায়। উদ্দেশ্য— ১৯২২ চনতে মনত বাহ লােৱা ‘সপােন’টো বাস্তৱ ৰূপ দিয়া। তাত জ্যোতিপ্রসাদক ‘ভাগ্য’ই লগ দিয়ে। লগ চেপলিন, গ্রিফিথ, আইজেনস্টাইন, ৰেনে ক্লেয়াৰ আদিৰ নির্বাক ‘চিত্রকথা’ চোৱাৰ। এই মহান ‘চিত্ৰকৰ্মী’সকলৰ ‘চিত্রকর্ম’ই হয়তাে শিক্ষা দিলে ‘চিনেমা’ৰ। শিক্ষা দিলে ‘চিনেমা’ৰ মূলমন্ত্র যে কেমেৰাৰ ভাষা প্রয়ােগ। দুখৰ বিষয়— সেয়া আছিল পৰিচালকগৰাকীৰ বাৰে, ‘জয়মতী’ৰ বাবে অভিজ্ঞতা। ‘জয়মতী’ আছিল সময়তকৈ আগবঢ়া। চিনেমাৰ যিবােৰ প্ৰধান ‘গুণ’, সেইবোৰক সেই সময়ৰ চিনেমা আলোচকসকলে ‘দোষ’ হিচাপে ব্যাখ্যা কৰিছিল৷ জ্যোতিপ্ৰসাদে সেই সময়তে বুজিছিল, চিনেমাৰ অভিনয় স্বাভাবিক। সেয়েহে অভিনেতা-অভিনেত্রীসকলক স্বাভাবিক অভিনয় কৰােৱাত গুৰুত্ব দিছিল। সেয়েহে সমালােচকসকলে মন্তব্য কৰিছিল— “অভিনয়বােৰ অভিনয় যেন লগা নাই। ভাৱৰীয়া-ভাৱৰীয়ানীসকলৰ অভিনয় হাদয়গ্রাহী হােৱা নাই।… এই প্রসংগত জ্যোতিপ্ৰসাদৰ ব্যাখ্যা : ‘…মই ‘জয়মতী’ ছবিখন আৰু ভাল অভিনেতাক একেবাৰে বাস্তৱিক দৃষ্টিৰে পৰিচালনা কৰিছোঁ, যিটো সকলো ইংলিছ, আমেৰিকান আৰু ৰুছীয় প্রথম শ্রেণীৰ ফিল্মৰ লক্ষণ। সেই কাৰণে মােৰ ‘জয়মতী’য়ে ৰাজসভাত বক্তৃতা দি আন ঠাইত নানা ভাৰপ্ৰৱণ বক্তৃতাৰে গােজৰণি মৰা নাই।

‘জয়মতী’ৰ নির্মাণকার্য সহজ নাছিল। সেই সময়ত মহিলাই অভিনয় কৰাটো ‘অপৰাধ’ আছিল। ‘নায়িকা’ৰ চৰিত্ৰৰ বাবে গােলাঘাটৰ আইদেউ সন্দিকৈক বিচাৰি উলিয়াইছিল। অভিনয় কৰােৱাইছিল ৰাজমাতাৰ ভূমিকাত মােহিনী ৰাজকুমাৰীক, তৰবৰীৰ চৰিত্ৰত ভনীতি বুঢ়াগােহাঁইক, ডালিমীৰ চৰিত্ৰত মাকণ দত্তক। এই প্রসংগত বহু সমস্যাৰ সৃষ্টি হৈছিল। ইয়াতকৈ ডাঙৰ সমস্যাটো আছিল অবিভক্ত ভাৰতৰ লাহােৰৰ চিনেমা ষ্টুডিঅ’ৰ ছাউণ্ড ইঞ্জিনীয়াৰ ফৈজী চাহাবৰ বিফলতাই। … ‘চিনেমাখনৰ আধাতকৈও বেছি অংশৰ ঘৰঘৰণিৰ বাহিৰে আন কোনাে শব্দ উঠা নাই। গালাে-বালো খােলাকটিৰ তাল হ’ল। জ্যোতিপ্ৰসাদে প্রমাদ গণিলে। লাহােৰৰ তথাকথিত ‘ফৈজী ছিষ্টেমে’ প্রথম অসমীয়া বােলছবিৰ মূৰতে ৰাম-টাঙোন মাৰিলে। এই প্রণালীৰ প্ৰৱৰ্তক ইঞ্জিনীয়াৰ ফৈজী চাহাবে কথা বিষম দেখি পলাই ফাট মাৰিলে। জ্যোতিপ্ৰসাদে চকুৰে সৰিয়হ ফুল দেখিলে। তেওঁ মনৰ বেজাৰতে দুদিন-দুনিশা নােখােৱা-নােলােৱাকৈ এটা কোঠালিত দুৱাৰ বন্ধ কৰি সােমাই আছিল। অৱশেষত বুকুত অসীম ধৈর্য লৈ তেওঁ ওলাই আহি সম্পাদনাৰ মেজত বহিল। ষ্টুডিঅ’ ঘৰত সােমাই ডেৰ কুৰিমান অভিনেতাৰ বচন ‘ডাবিং’ কৰিবলৈ সাজু হ’ল। অকলে কিয়নাে সেই দূৰণিবটীয়া ৰাজ্যত মাত- কথাৰে সহায় কৰিবলৈ তেওঁ দ্বিতীয়জন অসমীয়া মানুহ পাবলৈ আশা কৰিব। নােৱাৰে। তদুপৰি দুনাই ঘৰৰপৰা ধন পাবলৈ আশা কৰাটোও টান।…’ (মঞ্চলেখা’, অতুল চন্দ্ৰ হাজৰিকা) যি নহওক, প্রায় ডেৰ কুৰিৰ ওঁঠত সংলাপ নাই, ছহেজাৰ ফুট সংলাপ ৰেকর্ডিং কৰি ‘জয়মতী’ৰ মাত ফুটালে। ক’ব পাৰি ‘জয়মতী’ হ’ল ‘ডাবিং’ কৰা প্ৰথমখন ভাৰতীয় কথাছবি, চিনেমা।

জয়মতী আখ্যান : জয়মতী আখ্যান সাহিত্যৰথী বেজবৰুৱাৰ ‘জয়মতী কুঁৱৰী’ নাটৰ পৰা যদিও লােৱা হৈছে, তথাপি তাত বহুতাে সালসলনি কৰা হৈছে। বিশেষকৈ ড° সূর্যকুমাৰ ভূঞাদেৱে প্ৰকাশ কৰা তুংখুঙীয়া বুৰঞ্জীৰ পৰা লালুকসােলা বৰফুকন আৰু দক্ষিণপটীয়া গাঠি হাজৰিকাৰ চৰিত্ৰ জয়মতী ফিল্মত ন-কৈ অৱতাৰণা কৰা হৈছে। জয়মতীৰ যি কাহিনী জোনাকী কাকতত ৰত্নেশ্বৰ মহন্তই লিখিছিল, সেই কাহিনীকেই সাহিত্যগুৰু পদ্মনাথ আৰু সাহিত্যৰথী বেজবৰুৱাই আলম লৈ নাটক লিখি গৈছে। সেই কাহিনীয়েই জনসাধাৰণৰ মাজতাে প্রচলিত হৈ আছে। তুংখুঙীয়া বুৰঞ্জীয়েও প্রায় সেই কাহিনীকেই সমর্থন কৰে … পদ্য বুৰঞ্জীত জয়মতীৰ কাহিনী কিছু বেলেগকৈ দিয়া আছে। এই বিষয়ে সাহিত্যৰথী বেজবৰুৱা আৰু ঔপন্যাসিক ৰজনী বৰদলৈৰ ভিতৰত কাকতৰ যােগেদি যথেষ্ট আলােচনা-বিলােচনা হৈছিল। ড° বাণীকান্ত কাকতিদেৱ আৰু ড° সূর্যকুমাৰ ভূঞাৰ পৰামর্শ মতে, আমি ৰত্নেশ্বৰ মহন্তৰ কাহিনী আৰু তুংখুঙীয়া বুৰঞ্জীৰ তথ্যৰ ওপৰতেই ‘জয়মতী’ ফিল্মৰ আখ্যান প্রতিষ্ঠিত কৰিছিলোঁ।

লালুকসােলা বৰফুকন গুৱাহাটীত ৰাজপ্রতিনিধি ৰূপে শাসনকর্তা হৈ আছিল। তেওঁ ৰাজক্ষমতালৈ হাবিয়াস কৰি— দক্ষিণপটীয়া গাঠি হাজৰিকাক সোঁহাত স্বৰূপে লৈ উজনিলৈ হাত মেলে। স্বৰ্গদেউ চুদৈফাক হত্যা কৰােৱাই, ডাঙৰীয়াসকলক হাতৰ মুঠিলৈ আনি স্বৰ্গদেউ ৰত্নধ্বজ সিংহ (ল’ৰাৰজা)ক সিংহাসনত পুতলাকৈ বহুৱাই লালুক বৰফুকন আহােম ৰাজ্যৰ সৰ্বময় নিয়ামক হৈ পৰে। তেওঁৰ ক্ষমতা অটুট ৰাখিবলৈ সিংহাসন বিচৰা উপযুক্ত কেঁৱৰসকলক ঘুণীয়া কৰাবলৈ ধৰে। আহােম নিয়ম মতে ঘুণীয়া কোঁৱৰ ৰাজপাটত বহিব নােৱাৰে।

ৰাজ্যত এনে অসহনীয় কথা হােৱাত, ডাঙৰীয়াসকলৰ ভিতৰত কেইজনমান লালুকৰ বিৰােধী হ’ল। লালুকৰ এনে কাম ল’ৰাৰজাৰ মাক ৰাজমাৱেও সমর্থন কৰিব নােৱাৰিলে।

তুংখুঙীয়া ফৈদৰ গদাপাণি আছিল এজন উপযুক্ত কোঁৱৰ। তেওঁক আঁতৰাই নিষ্কণ্টক হ’বলৈ লালুকে নানা ষড়যন্ত্র কৰিবলৈ ধৰিলে, কিন্তু বন্ধুসকলৰ সহায়ত আৰু বিশেষকৈ গদাপাণিৰ কুঁৱৰী জয়মতীৰ ৰাজনৈতিক দূৰদর্শিতাৰ বাবে গদাপাণি পলাই সাৰি থাকিব পাৰিলে।

লালুকৰ চকুত জয়মতী পৰিল। জয়মতীক নানা শাস্তি বিহিলে৷ জয়মতীয়ে গিৰীয়েকৰ সন্ধান দিব বুলি আৰু জয়মতীৰ শাস্তিৰ কথা শুনিলে গদাপাণিয়ে নিজেই ধৰা দিবহি বুলি লালুক বৰফুকনে জয়মতীৰ ওপৰত গাঠি হাজৰিকাৰ হতুৱাই অত্যাচাৰ কৰােৱাবলৈ ধৰিলে।

আনফালে, গদাপাণি নগা পর্বতত গৈ আঁৰে আঁৰে লুকাই ফুৰি থাকোতে পৰ্বতীয়া ‘সুখৰ সামাজিক’ ডালিমীয়ে গদাপাণিৰ জীৱনত মৌ বৰষি থাকিবলৈ ধৰিলে।

জয়মতীৰ শাস্তিৰ কথা গৈ গদাপাণিৰ কাণত পৰিল— বিয়াকুল হৈ গদাপাণি ভৈয়ামলৈ আহিল, কিন্তু জয়াই সকলাে অত্যাচাৰ-নির্যাতন স্বামীৰ কল্যাণৰ বাবে, দেশৰ মংগলৰ বাবে তিল তিলকৈ সহি এদিন সন্ধিয়া মাৰ যােৱা বেলিৰ সােণালী-ৰূপালী পােহৰতে মিলি গ’ল—
সেই গৌৰৱৰ কাহিনী
দেশে বিদেশে ক’বলৈ—
লুইতৰ পানী দূৰ-দূৰণিলৈ
বৈ গ’ল—

চিত্ৰবনৰ বুৰঞ্জী* : ১৯৩৩ চনত তেজপুৰৰ কলংপুৰৰ বালিজান নৈৰ পাৰত অসমৰ ফিল্ম শিল্পৰ প্রথম প্রতিষ্ঠান চিত্রলেখা মুভিটন কোম্পানীৰ ‘ফিল্ম শিবিৰ’ ‘চিত্ৰবন’ ভােলাগুৰি চাহ বাগিচাৰ ভিতৰত পতা হৈছিল।

১৯৩৪ চনৰ প্রথম ভাগতে জ্যোতিপ্ৰসাদৰ পিতৃ, অসমৰ ফিল্ম শিল্প পিতামহস্বৰূপ স্বর্গীয় পৰমানন্দ আগৰৱালাই ‘চিত্ৰবন’ উদ্বোধন কৰে আৰু অসমীয়া প্রথম কথাচিত্র জয়মতী’ৰ প্রযােজনাৰ কাম জ্যোতিপ্ৰসাদে তেওঁৰ ককায়েক-ভায়েকসকল আৰু শিল্পীসকলৰ সহায়-সহযােগেৰে আৰম্ভ কৰে।

চিত্ৰবনতেই সম্পূর্ণ ছাউণ্ড ষ্টুডিঅ’ পতা হৈছিল। অসমৰ সকলাে ঠাইৰেই ডেকা-ডেকেৰীৰ সমূহীয়া চেষ্টাৰ ফলতেই অসমৰ ফিল্ম শিল্পৰ পাতলি মেলে৷…

‘জয়মতী’ কথাছবিত অংশগ্ৰহণ কৰা গাঁৱৰ আইদেউসকলে সমাজৰ গৰিহণা, দুষ্কৃতিৰ নানা অপবাদ মূৰত লৈ নিজকে নানা সামাজিক নির্যাতনৰ ভাগি কৰিও নির্ভীকভাৱে সকলাে বাধা-বিঘিনি মষিমূৰ কৰি অসমৰ ফিল্ম শিল্প গঢ় দিবলৈ নহা হ’লে জ্যোতিপ্ৰসাদে অসমীয়া কথাছবি উলিয়াবলৈ নিশ্চয় অক্ষম হ’লহেঁতেন। অসমৰ গাঁৱৰ মাজত প্রযােজিত হােৱা কথাছবি ‘জয়মতী’ জ্বলন্ত কীর্তি। গাঁৱলীয়া আৰু চহৰীয়াৰ সহযােগ আৰু সমবায়ত কেনেকৈ শিল্পানুষ্ঠান গঢ়ি তুলিব পাৰি, তাৰ পতিয়ন নিয়াৰ পৰা নিদর্শন।

‘জয়মতী’ৰ প্রযােজনাৰ সময়তেই জ্যোতিপ্ৰসাদৰ পিতৃ পৰমানন্দ আৰু মাতৃ কিৰণময়ীৰ পৰলােক হয়।

জ্যোতিপ্ৰসাদে ইয়াৰ উপৰি নানা পর্বতসম বাধা-বিঘিনি পাৰ হৈ ১৯৩৫ চনত ‘জয়মতী’ সম্পূর্ণ কৰে। ১৯৩৫ চনৰ ১০ মার্চত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই কলকাতাৰ ধৰ্মতলাৰ ‘ৰাওনাক’ মহলত এই ‘জয়মতী’ৰ প্রদর্শন অনুষ্ঠান মুকলি কৰে। অসমৰ ডেকা-ডেকেৰীৰ প্রথম প্রচেষ্টাতেই আজি স্বাধীন ৰাইজৰ আগলৈ চিত্রলেখাই পুনৰ আগবঢ়ালে।

পৃথিৱীত সবাক চিত্ৰ আৱিষ্কাৰ হােৱাৰ মাত্ৰ কেইবছৰমান পিছতেই অসমৰ গাঁৱৰ মাজত প্রযােজিত কথাছবি ‘জয়মতী’ৰ প্রযােজনাৰ অৱশ্যেই ত্রুটি হৈছিল। শব্দগ্রহণত হােৱা বিশেষ ত্রুটিৰপৰা এই আটকধুনীয়া কথাছবিখনৰ
যথেষ্ট সৌন্দর্য হানি হৈছিল।

এই দ্বিতীয় সংস্কৰণত সেই সকলাে শব্দ তােলাৰ ত্ৰুটি গুচাই দিয়া হৈছে।

শব্দ সংস্কাৰ কৰাৰ বাহিৰে, প্রথম সংস্কৰণ ‘জয়মতী’ৰ সকলাে আগৰ দৰেই আছে। অসমীয়া শিল্পীসকলৰ প্রথম প্রচেষ্টাতেই কিমান দূৰ কৃতকার্যতা লাভ কৰিছিল— তাৰেই ‘জয়মতী’ নিদর্শন ৰূপে ৰখা হ’ল।

‘জয়মতী’ প্রথম প্রযােজনাৰ বাবে চিত্রলেখা মুভিটনে বহুতাে লােকচান ভৰে। দ্বিতীয় কথাছবি ‘ইন্দ্ৰমালতী’য়েও সেই ক্ষতি পূৰাব নােৱাৰাত, চিত্রলেখাই অসমত স্থায়ী ফিল্ম ষ্টুডিঅ’ পতাৰ সপােন সামৰিব লগা হয়। (*‘জয়মতী’ৰ দ্বিতীয় সংস্কৰণৰ পুস্তিকা এখন দিছিল চিনেমা লেখক পবিত্র কুমাৰ ডেকাই। সেই পুস্তিকাখনৰ সৌজন্যত। ১৯৩৫ চনৰ ২০ মার্চত মুক্তি পােৱা ‘জয়মতী’ৰ ত্রুটি আঁতৰাই দ্বিতীয়বাৰ মুক্তি দিয়া হয় ১৯৪৯ চনত।)

অর্থনীতি : ‘জয়মতী’ বােলছবি নাছিল, চিনেমা আছিল। সম্ভৱতঃ এই কাৰণেই ১৯৩৫-৩৬ চনত এই প্রথমখন অসমীয়া চিনেমাই দৰ্শকৰ আদৰ পােৱা নাছিল। স্পষ্ট, দৰাচলতে এই কথা অস্পষ্ট হৈ থকা নাই। অসমীয়া চিনেমাৰ ক্ষেত্ৰখনৰ সৰহসংখ্যকেই (ছবি আলােচককে ধৰি) আজিৰ তাৰিখতে কথাছবি’ সময়ছােৱাত অসমৰ দৰ্শকে বা চিত্ৰৰসিকে চিনেমাৰ মােল নুবুজাটো অস্বাভাৱিক কথা নহয়। ‘জয়মতী’ ত্রুটিমুক্ত নাছিল। কিয়? এগৰাকী সমালােচকে লিখিছিল … ‘নাটক নাই’৷ আজিৰ তাৰিখত চিনেমাত নাটক থকাটো ত্ৰুটি বুলি ব্যাখ্যা কৰা হয়৷ অর্থাৎ জ্যোতিপ্ৰসাদ আগৰৱালাই চিত্রনাট্য ৰচনাৰ সময়ত, এনেদৰেও ক’ব পাৰোঁ জ্যোতিপ্ৰসাদৰ ‘জয়মতী’য়ে যেতিয়া সফলতা পালে৷ আজি অসমীয়া চিনেমা ‘বিশ্ব চিনেমা’ৰ এৰিব নােৱাৰা অংগ হৈ থাকিলহেঁতেন।

জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰৱৰ্তী সময়ছােৱাত অসমীয়া চিনেমাৰ ক্ষেত্ৰখনত যি পৰিচালকে কাম কৰিছে, সেইসকলক আলােচনা কৰিব পৰাকৈ তথ্য মােৰ হাতত নাই। ইয়াৰ মূল কাৰণ এই পৰিচালকসকলৰ চিত্রকর্ম চোৱাৰ সুযােগ পােৱা নাই। যিখিনি চাইছোঁ তাৰ ওপৰত ভিত্তি কৰি ক’ব পৰা যায়—জ্যোতিপ্ৰসাদৰ দৰে পিছৰ সময়ছােৱাত চিন্তা-চৰ্চা কৰা পৰিচালকগৰাকী হল পদুম বৰুৱা। চিনেমাৰ মূলমন্ত্র চিনেমেটিক ভাষা প্রয়ােগ। এই কথাটো যে পৰিচালকগৰাকীয়ে উপলব্ধি কৰিছিল সেয়া ‘গঙা চিলনীৰ পাখি’ (১৯৭৬) চালেই, ‘অধ্যয়ন কৰিলেই বুজিব পাৰি। পৰিচালক দুগৰাকীৰ (জ্যোতিপ্রসাদ আগৰৱালা-পদুম বৰুৱাৰ) আন মিল হ’ল— ‘বজাৰ’ উপলব্ধ কৰিছিল। ‘জয়মতী’ৰ এগৰাকী অভিনেতা থানুৰাম বৰাক লগ পাইছিলোঁ ২৮ জুন, ১৯৯৩ত। ‘জয়মতী’ত ভাওনাৰ দৃশ্য সংযােজন কৰা হৈছিল। সেই ভাওনাতে থানুৰাম বৰাই অসুৰৰ চৰিত্ৰত অভিনয় কৰিছিল। জ্যোতিপ্ৰসাদৰ দ্বিতীয়খন চিনেমা ‘ইন্দ্ৰমালতী’ (১ আগষ্ট, ১৯৩৯)তো অভিনয় কৰিছিল, চণ্ডীৰামৰ চৰিত্ৰত। কেৱল অভিনয়ে কৰা নাছিল, আন দিশত সহায় কৰিছিল। অভিনেতাগৰাকীয়ে কৈছিল—‘জয়মতী’ত আর্থিকভাৱে জুৰুলা হােৱাত কিবাকৈ ‘ইন্দ্ৰমালতী’ নিৰ্মাণৰ কথা মােক কৈছিল। কাৰিকৰী সমস্যাৰ বাবে ‘জয়মতী’ত খৰচ হৈছিল অতিৰিক্ত ১২ হাজাৰ টকা। মােক তেওঁ কোৱা মতে চিনেমাখনৰ প্ৰথমটো প্রিণ্ট ওলােৱালৈকে খৰচ হৈছিল প্রায় ৫০ হাজাৰ টকা। ভাবিব নােৱাৰা কথা। হাতলৈ ১০ হাজাৰ টকাও ঘূৰি অহা নাছিল। মােক কোৱা মতে এই লােকচানৰ কথা তেওঁ আগতেই অনুমান কৰিছিল। সেয়েহে তেওঁ ভাঙি পৰা নাছিল। মােক কি কৈছিল— ‘হাতলৈ কিছু টকা ঘূৰাই আনিব লাগে। ‘ইন্দ্ৰমালতী’ৰ বাবে বজাৰ চাইছোঁ। মই এইবাৰ সফল হ’ম।… তুমি মালতীৰ ভাওত অভিনয় কৰিবলৈ ছােৱালী এজনী চোৱা।’ কামটো মােৰ বাবে দুঃসাধ্য আছিল যদিও অনুসন্ধান চলাই ছােৱালী এজনী পালে। নাম ৰসেখৰী বৰুৱা।… চিনেমাৰ কাম আগবাঢ়িল। জ্যোতিপ্রসাদ আগৰৱালাই মােক ক’লে— ‘এইবাৰ ১৫ হাজাৰ টকাৰ বেছি খৰচ নকৰো ।…’ (মই আৰু তেজপুৰৰ যাদৱ চন্দ্ৰ শৰ্মাই লােৱা থানুৰাম বৰাৰ সাক্ষাৎকাৰটোৰ একাংশ প্রকাশ হৈছিল হেমন্ত বৰ্মনৰ সম্পাদিত ‘শ্রীময়ী’ত, ১৬-১৩ জুলাই, ১৯৯৩ সংখ্যাত।) —হয়, বেছি খৰচ কৰা নাছিল। মাত্র ১২ হাজাৰ টকা খৰচ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই ‘ইন্দ্ৰমালতী’ সম্পূর্ণ কৰিছিল। আনহাতে ‘অসমৰ চিত্রশিল্প গঢ়াত অসমীয়া দর্শকৰ দায়িত্ব’ শীর্ষক লেখাত জ্যোতিপ্রসাদ আগৰৱালাই লিখিছিল — ‘চিনেমা চোৱা ৰাইজ বৰ তাকৰ থকাত চিত্রলেখা মুভিটনৰ প্রায় ৩০ হাজাৰ টকা লােকচান হৈছিল।

জয়মতীৰ সংগীত : চিনেমাখনৰ সংগীত ৰচনা কৰিছিল— পৰিচালক জ্যোতিপ্ৰসাদে নিজে। আৱহ সংগীতত ব্যৱহাৰ হৈছিল অসমীয়া লােক-সংগীতৰ সুৰ। আমাৰ হাতত থকা তথ্য মতে, চিনেমাখনত ব্যৱহাৰ হৈছিল ৭টা গীত। “টাইটেল সংগীত’ হিচাপে ব্যৱহাৰ কৰিছিল চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰচনা, কমলাপ্রসাদ আগৰৱালাৰ সুৰেৰে ‘অসম- সুষমা- কামৰূপা …’। আনকেইটা গীত হ’ল— লুইতৰে পানী যাবি ঐ বৈ …’ (কথা-সুৰ : জ্যোতিপ্ৰসাদ আগৰৱালা), ‘ল’ৰা-বুঢ়া কাক কয়. …’ (কথা : লক্ষ্মীনাথ বেজবৰুৱা, সুৰ : জ্যোতিপ্ৰসাদ আগৰৱালা), ‘খােপাতে পিন্ধিম মই …’ (কথা : লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, সুৰ : জ্যোতিপ্ৰসাদ আগৰৱালা), ‘জোন যেন কুঁৱৰী ..’ (কথা : ভৰত বৰপূজাৰী, জ্যোতিপ্ৰসাদ আগৰৱালা, সুৰ : বিয়া নামৰ …), ‘পৰ্বতৰ চেঁকীয়া …’ (কথা : লক্ষ্মীনাথ বেজবৰুৱা, সুৰ : জ্যোতিপ্ৰসাদ আগৰৱালা)। গীতকেইটাত কণ্ঠদান কৰিছিল লিলি বৰুৱা, স্বর্গজ্যোতি দত্ত আৰু অন্ন আগৰৱালাই। চিনেমাখনত অভিনয় কৰিছিল— আইদেউ সন্দিকৈ (জয়মতী), মােহিনী ৰাজকুমাৰী (ৰাজমাও), স্বর্গজ্যোতি দত্ত (ডালিমী), ৰেৱতী হাজৰিকা (পাটমাদৈ), সুবর্ণ শইকীয়া (সেউতী), উপা কটকী (কাৰেঙৰ লিগিৰী), ফুনু বৰুৱা (গদাপাণি), নৰেন বৰদলৈ (ল’ৰাৰজা), প্রফুল্ল বৰুৱা (বৰগােহাঁই), ললিত মােহন চৌধুৰী (লালুকসােলা মন্ত্রীফুকন), মনােভিৰাম বৰুৱা (দিলিহিয়াল ফুকন), জয়ন্ত বৰুৱা (লাই), ৰঞ্জিত বৰুৱা (লেচাই), ফণী শৰ্মা (গাঠি হাজৰিকা), পুতুল দাস (চাওদাং) আদিয়ে।

জয়মতীৰ নায়িকা

‘ভােগৰাম কাই…ল’ৰা।’ ৰূপালী পর্দাত দর্শকে দেখিছিল এখন মুখ। দাঁতহীন৷ চেহেৰাত বয়সৰ আঁচোৰ। বয়স ৰেখাৰ ভাঁজে-ভাঁজে ওলমি পৰিছিল হাঁহি। কৃত্রিমতাই স্পর্শ নকৰা হাঁহি। দেখা গৈছিল পদুম বৰুৱাৰ ‘গঙা চিলনীৰ পাখি’ত। ‘ভােগৰাম কাই।… ল’ৰা’ সংলাপ ফাকি কোৱা অভিনেত্রী’গৰাকী—আইদেউ সন্দিকৈ (১৯২০-২০০২)। প্রথমখন অসমীয়া চিনেমা ‘জয়মতী’ৰ নায়িকা।

সম্পূর্ণ ‘জয়মতী’ আমি চোৱা নাই। চোৱাৰ সুযােগ নাপালোঁ। কেইটামান ‘ছিকুৱেন্স’হে চাইছোঁ। ছিকুৱেন্সকেইটাত আইদেউ সন্দিকৈৰ অভিনয় ‘অনুভৱ’ কৰিব পাৰিছিলোঁ। তেতিয়া স্বাভাৱিকতে মনলৈ প্ৰশ্ন আহিছিল— আইদেউ সন্দিকৈৰ বিষয়ে যিবােৰ শুনা যায়, কাকত-আলােচনীত প্ৰকাশ হৈ থাকে সেইবােৰ
কিমান সঁচা? —আমি জানিছিলোঁ, আমি পঢ়িছিলোঁ :
১) জাহাজ দেখুৱাম বুলি ঘৰৰ পৰা আইদেউ সন্দিকৈ নামৰ ‘সহজ- সৰল’ছােৱালীজনীক লৈ যােৱা হৈছিল আৰু চিনেমাৰ বাবে ‘শ্বট’ লােৱা হৈছিল।
২) চিনেমাখনৰ ছিকুৱেন্স নির্মাণৰ স্বাৰ্থত ‘পৰৰ মানুহ’ (ফুনু বৰুৱা)ক ‘বঙহৰদেউ’ (চিনেমাখনৰ সংলাপ) বুলিছিল। তেতিয়াৰ সমাজৰ দৃষ্টিত সেয়া ‘অপৰাধ’ আছিল। সেই ‘অপৰাধ’ৰ বাবে গাঁৱৰপৰা এঘৰীয়া কৰা হৈছিল।
৩) ‘বঙহৰদেউ’ বােলাৰ ‘অপৰাধ’ত পৰাচিত কৰা হৈছিল।
৪) চিনেমাত অভিনয় কৰাৰ ‘অপৰাধ’ত আজীৱন অবিবাহিতা হৈয়েই থাকিবলগীয়া হৈছিল।
১৯৯৩ চনৰ কোনাে এটা দিনত আমি লগ পাইছিলোঁ ‘জয়মতী’ৰ অভিনেতা থানুৰাম বৰুৱাক (মই আৰু তেজপুৰৰ যাদৱ চন্দ্র শর্মাই লােৱা থানুৰাম বৰাৰ সাক্ষাৎকাৰৰ একাংশ প্রকাশ হৈছিল ‘শ্রীময়ী’ আলােচনীৰ ১৬-৩১ জুলাই, ১৯৯৩ সংখ্যাত)। ‘অভিনেতা’গৰাকীৰ পৰা জানিব বিচাৰিছিলোঁ ‘আইদেউ সন্দিকৈ’ক। ‘নায়িকা’গৰাকীৰ বিষয়ে চর্চা শুনা যায়, সেয়া কিমান দূৰ সত্য। উত্তৰত ‘বিশেষ নাজানাে’ বুলিছিল। ‘অভিনেতা’গৰাকীয়ে কৈছিল— ‘তােমালােকে কোৱা বহু কথাই মই নাজানাে। এঘৰীয়া কৰা কথাটো শুনিছিলোঁ। কথাটোৰ বুজ ল’বলৈ, বুজাবলৈ আমি কেইজনমান গৈছিলোঁ। আইদেউৰ সহায়ৰ বাবে আমি একো কৰিব নােৱাৰিলোঁ। ‘কিবা’ এটা কৰাৰ পৰিৱেশ নাছিল।… তেতিয়া এনে এটা পৰিৱেশ নাছিল। আমি গৈ জ্যোতিপ্ৰসাদ আগৰৱালাক আইদেউৰ দুখৰ কথা কম বুলি ভাবিছিলোঁ। তেতিয়া তেওঁ নিজে বহুত দুখৰ মাজত আছিল। শ্বুটিং কৰি নিয়া ‘ ৰিল’বােৰ চাই দেখিছিল— ছবি আছে, কথা নাই। হাতত এটকাও নাছিল।… পিছত শুনিছিলোঁ—আইদেউ অবিবাহিতা হৈয়েই থাকিল। মনতে দুখ পাইছিলোঁ। বাকী কথাবােৰ কিন্তু নাজানাে। চিনেমাখনৰ ‘ফটো’ লৈ থকা সময়তহে আইদেউক দেখিছিলোঁ। জ্যোতিপ্ৰসাদ আগৰৱালাই যেনেদৰে বিচাৰে বচন কয়, অভিনয় কৰে। সকলােৱে উৎসাহ দিয়ে, ভাল হােৱা বুলি প্রশংসা কৰে। মােৰ কোনাে মুহূর্ততে এনে লগা নাছিল যে আইদেউক অভিনয় কৰিবলৈ বাধ্য কৰােৱা হৈছিল।… অ’ কেতিয়াবা আমাৰ দুখ লাগিছিল, তেতিয়া শুনিছিলোঁ- কালি ফটো’ উঠোৱা সময়ত সঁচাকৈয়ে বলিন (ফণী শৰ্মা)ৰ চামতাৰ কেইটামান কোব আইদেউৰ গাত লাগিল। আইদেউৰ চকুত সঁচা চকুপানী, তেতিয়া আমাৰ বেয়া লাগিছিল। এবাৰ আমি সুধিবলৈ কোৱাত ‘জয়মতী’ৰ আন এগৰাকী অভিনেত্রী মােহিনী ৰাজকুমাৰীয়ে সুধিছিল- ‘বহুত দুখ পালা নেকি ?’ উত্তৰত মুখত হাঁহি ৰাখি আইদেউৱে কৈছিল— ‘মােৰ অভিনয় সকলােৱে ভাল হােৱা বুলি কৈছে।’ – মই আইদেউ সন্দিকৈক ইমানখিনিয়ে জানাে।

থানুৰাম বৰাৰ সহায়তে তেজপুৰৰ ব্যক্তি এগৰাকীৰ সৈতে আইদেউ সন্দিকৈৰ ঘৰ পাইছিলোঁ। কমাৰ গাঁৱৰ ওচৰৰে পানী দিহিঙীয়া। গা ভাল নাছিল। কৈছিল- দুদিনমান হ’ল জ্বৰ। গাত বিষ। ইহঁতে (আইদেউৰ ভতিজাহঁতে) জ্বৰ, গাৰ বিষটোৰ বাবে ডাক্তৰৰপৰা কিবা-কিছু আনি দিছে। মােৰ আৰু এইবােৰ খাবলৈ ইচ্ছা নােহােৱা হৈছে।… কিন্তু খাইছোঁ, ইহঁতৰ শান্তিৰ বাবে।’

মই যিগৰাকী ব্যক্তিৰ সৈতে গৈছিলোঁ, তেওঁ আছিল আইদেউ সন্দিকৈ পৰিয়ালৰ সৈতে ঘৰুৱা সম্পর্ক থকা। স্বাভাৱিকতে ঘৰুৱা কথাত ব্যস্ত হৈছিল তেওঁলােক। মই ‘জয়মতী’ৰ কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। মােৰ মনলৈ আহিছিল, আইদেউ সন্দিকৈৰ গাত যে বিষ, সেয়া চামতাৰ কোবৰ বিষ নেকি?

‘জয়মতী’ৰ প্ৰসংগত সেইদিনা কেইবাটাও প্রশ্ন কৰাৰ পিছত আইদেউ সন্দিকৈয়ে কৈছিল— ‘সেই কথাবােৰ মই মনত ৰখা নাই। আজিলৈকে সেই ‘ফটো’বোৰে (চিনেমাখন) চোৱা নাই৷ যােৱা কথা গ’ল। এতিয়া মই মােৰ ভতিজাহঁতৰ সৈতে, সিহঁতৰ মৰমৰ মাজত আছে। ‘জয়মতী’ত অভিনয় কৰাৰ বাবে মােৰ খবৰ লয় বহুতে। বহুতে আহি মােক কয়— মােৰ বাবেই হেনাে এতিয়া অসমীয়া চিনেমাত ছােৱালী-বােৱাৰীয়ে অভিনয় কৰিব পাৰিছে। এইবােৰাে মােৰ বাবে মৰম। এই মৰমবােৰৰ বাবে মনটো ভাল লাগি থাকে। এতিয়া মােৰ কোনাে আক্ষেপ নাই। কাৰাে প্ৰতি খং নাই।’ —হয়, আইদেউ সন্দিকৈৰ খং নাথাকিব পাৰে, কিন্তু অসমীয়া চিনেমাৰ প্ৰথমগৰাকী ‘নায়িকা’ প্রতি শ্রদ্ধা থকা প্ৰতিগৰাকীৰ খং আছে, কোনাে পক্ষই উপযুক্ত ‘আসন’ত স্থান নিদিয়াৰ বাবে। মই ‘পেঞ্চন’ ইত্যাদিৰ কথা ক’ব খােজা নাই। ক’ব খুজিছোঁ—‘জ্যোতি চিত্ৰবন’ৰ ওচৰে-পাঁজৰে আইদেউ সন্দিকৈৰ বাবে গৃহ নির্মাণৰ চিন্তা কৰিব পাৰিলেহেঁতেন। অসম চৰকাৰৰ চিনেমা নির্মাণৰ কথা ভাবিব পাৰিলেহেঁতেন। নােৱাৰিলেহেঁতেন নে … ?

জয়মতীৰ নায়ক

‘১৯২১ চনৰ শেষভাগত জ্যোতিয়ে কলকাতা বিদ্যাপীঠ আৰু মই বেংগল টেকনিকেল ইনষ্টিটিউটত পঢ়িবলৈ বুলি কলকাতালৈ যাওঁ। ১৯২২ চনত কলিকতাত ‘আঁধেৰ আলাে’নামৰ বায়ােস্কপ এখন চোৱাৰ পিছতেই আমাৰাে অসমীয়া বায়ােস্কপ এখন কৰিবলৈ হাবিয়াস জাগে। …’ —এখন ‘ৰচনা’ত লিখিছিল ফুনু বৰুৱাই। জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৈতে পঢ়িবলৈ কলকাতালৈযােৱা এই গৰাকী ফুনু বৰুৱাই অভিনয় কৰিছিল প্রথমখন অসমীয়া কথাছবিত। ‘জয়মতী’ৰ নায়ক গদাপাণিৰ চৰিত্ৰত অভিনয় কৰিছিল।

‘জয়মতী’ৰ এগৰাকী অভিনেতা তেজপুৰৰ থানুৰাম বৰাই আমাক কোৱা মতে, জ্যোতিপ্রসাদ আগৰৱালাই হেনাে ফুনু বৰুৱাক কৈছিল – ‘তােমাতকৈ সুন্দৰ গদাপাণি মই ক’ত পাম’—থানুৰাম বৰাৰ মতে, ‘… ফুনু বৰুৱাক নায়কৰ চৰিত্ৰটোত লােৱাৰ মূল কাৰণ— ফুনু বৰুৱাই কেমেৰাৰ সন্মুখত অভিনয় কেনেকৈ কৰিব লাগে জানিছিল। আনহাতে তেওঁ আছিল মঞ্চৰ সু-অভিনেতা। ‘শকুনিৰ প্রতিশােধ’ত শকুনিৰ চৰিত্ৰত অভিনয় কৰি সেই সময়ত নাম কৰিছিল। ‘পিয়লি ফুকন’, ‘কর্ণার্জুন’, ‘মৰাণ জীয়ৰী’, ‘চক্ৰধ্বজ সিংহ’, ‘নন্দ দুলাল’ আদি নাটকত অভিনয় কৰি, সেই সময়ত অসম বিখ্যাত। নহ’লেনাে কিয়? ফুনু বৰুৱাৰ জন্ময়ে যে অভিনয়-সংগীতৰ মাজত। সংগীতাচার্য লক্ষীৰাম বৰুৱাৰ দ্বিতীয় পুত্র। পােছাকী নাম পৰশুৰাম বৰুৱা। সকলােৱে ফুনু বুলি মাতিছিল কাৰণেই পােছাকী নামটো আঁৰতে থাকি যায়। সেয়া যি নহওক ‘জয়মতী’ৰ বাবে বহু বাক-বিতণ্ডাৰ পিছত ফুনু বৰুৱাক মান্তি কৰােৱা হৈছিল। ফুনু বৰুৱাই লিখিছিল— আচলতে মােৰ চিনেমাত কাম কৰিবলৈ ভয় লাগিছিল। যাত্রা, ভাওনা, মঞ্চত অভিনয় কৰিছিলোঁ যদিও চিনেমাৰ অভিনয় এইবােৰৰ ওচৰৰ নাছিল। অৱশ্যে এটা কথা অনুভৱ কৰিছিলোঁ চিনেমাৰ অভিনয়ত যাত্রা বা ভাওনাৰ অভিনয়তকৈ কম কষ্টকৰ। কিয়নাে মঞ্চত এবাৰ ভুল কৰিলে শুধৰােৱাৰ কোনো বাট নাথাকে। চিনেমাৰ অভিনয়ত ৰিটেকৰ সুবিধা থাকে। বিভিন্ন এংগলৰ পৰা ছবি লােৱাৰ সুবিধা থাকে। কেতিয়াবা যদি বচন ভুল হৈছে, সেইবােৰ শুধৰােৱাৰ সুযােগ থাকে। এই সুযােগৰ কথা মনলৈ অহাৰ পাছতেই কথাছবিত অভিনয় কৰিবলৈ মই সাহস গােটাইছিলোঁ।’ এইখিনিতে উল্লেখ কৰিব পাৰি যে ফুনু বৰুৱা অকল অভিনেতাই নাছিল, সংগীতৰ সৈতেও জড়িত আছিল। পিতৃ লক্ষ্মীনাথ বৰুৱাই গৌৰীপুৰৰ জমিদাৰ প্রভাত চন্দ্ৰ বৰুৱাৰ পৰা পেৰিছৰপৰা অনা এখন সুন্দৰ বেহেলা উপহাৰ হিচাপে পাইছিল। পিতৃৰ হাতৰপৰা পিছত এই বেহেলাখন ফুনু বৰুৱাৰ হাতলৈ আহিছিল। আৰু এই বেহেলাখন লৈয়েই বিভিন্ন সংগীতানুষ্ঠানত যােগ দিছিল।

জয়মতী চাৰি নে পাঁচ নম্বৰ…

প্ৰথমখন অসমীয়া চিনেমা ‘জয়মতী’কেন্দ্রিক দুটা চর্চা প্রায়ে হয়—(ক) ভাৰতৰ চতুর্থখন সবাক চিনেমা, (খ) ডাবিং কৰা প্ৰথমখন ভাৰতীয় চিনেমা। —হয় জানো? ২০ মার্চ, ১৯৩৫ চনৰ আগৰ সময়ছােৱাত মাত্র তিনিখনহে সবাক ভাৰতীয় চিনেমা নির্মাণ হােৱা ‘তথ্য’টো কিমান সত্য? প্রথমবাৰ এই ‘তথ্য’টো পঢ়িছিলাে এখন সাপ্তাহিক অসমীয়া কাকতত, কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি যােৱা চিত্র সাংবাদিক এগৰাকীৰ লেখাত। তাৰ পাছত সেই ‘তথ্য’ কেইবাখনাে কাকত-আলােচনীৰ পৃষ্ঠাত পঢ়িছিলাে। সেই প্রসঙ্গ এই লেখাৰ বিষয় নহয়। এই লেখাৰ বিষয়— প্রকৃত তথ্যৰ সন্ধান।

প্ৰথমখন ‘সবাক ভাৰতীয় ছবি (সেই সময়ত ‘চিনেমা’ ধাৰণা নাছিল) বা ভাৰতীয় বােলছবি ‘আলম আৰা’। ইমানদিনে আলমআৰা ভাৰতৰ প্ৰথমখন সবাক ছবি বুলি কৈ অহা হৈছে। কিন্তু শেহতীয়াভাৱে কেইবাগৰাকীও ছবি আলােচকে উল্লেখ কৰিছে যে কানাড়া ভাষাৰ ‘ভক্ত কবীৰ’হে ভাৰতৰ প্ৰথমখন। সবাক ছবি বা বােলছবি। (ভাৰতৰ চিনেমা ইতিহাসত ১৯৩৪ চনতহে ‘সতী সুলােচনা’ৰে কন্নড় চিনেমাৰ ‘সবাক যুগ’ আৰম্ভ হােৱা যি তথ্য পােৱা যায়, সেয়া যে সত্য নহয়, যুক্তি আগবঢ়াইছে একাংশ চিনে পণ্ডিতে।) ১৯৩০ চনত বােলছবিখন দর্শকে চোৱাৰ সুযােগ পাইছিল। ‘ইণ্ডিয়ান চিনেমা’ নামৰ সংকলন এটাত সন্নিবিষ্ট লেখা এটাত এই বিষয়ে এনেদৰে উল্লেখ কৰিছে- ‘গাব্বি বিৰান্না এগৰাকী মঞ্চকর্মী। তেওঁক নাটকৰ ন-ন শৈলীৰ আৱিষ্কাৰক বুলি কোৱা হয়। আজিও এইগৰাকী নাট্যকর্মীৰ নাম শ্রদ্ধাসহকাৰে লােৱা হয়। ১৯২২-২৩ চনৰ সময়ছােৱাত গাব্বিৰ এখন নাটকে দর্শকৰ বিশেষ সমাদৰ লাভ কৰিছিল। দর্শকসকলৰ মাজত জনপ্রিয় হােৱা বাবেনাটকখন অসংখ্যবাৰ মঞ্চস্থ কৰিবলগীয়া হৈছিল। কিন্তু গাব্বিৰ পক্ষে দর্শকে বিচৰা ধৰণে নাটকখন একেৰাহে ইমানবােৰ দর্শনী মঞ্চস্থ কৰাটো সম্ভৱ নাছিল। বিশেষকৈ নাটকখনৰ অভিনেতা-অভিনেত্ৰীসকলক গাব্বিয়ে ইয়াৰ বাবে সন্মত কৰাব পৰা নাছিল। সেই সময়ত দক্ষিণ ভাৰতৰ তামিল আৰু তেলেগু চিনেমাৰ ক্ষেত্ৰ দুখনত নির্বাক যুগ আৰম্ভ হৈছিল। গাব্বিয়ে ঠিক কৰিলে— নাটকখন কেমেৰাত বন্দী কৰা হওক। কিন্তু সংলাপৰ কি কৰা হ’ব? সেই কথা ভাবি গাব্বি প্রায় নিৰাশ হৈ পৰিছিল। কিন্তু নিৰাশ নহ’ল বিজ্ঞান চর্চা কৰি ভাল পােৱা তেওঁৰ দলৰে এজন অভিনেতা। অৱশ্যে ইয়াৰ বাবে গাব্বিয়ে ১৯৩০ চনলৈকে অপেক্ষা কৰিবলগীয়া হ’ল। সেই অভিনেতাজনে ১৯২৯ চনৰ কোনােবা এটা দিনত মুম্বাইৰ মে ডানা থিয়েটাৰত আমেৰিকান সবাক ছবি ‘মেল’ডী অব লাভ’ চোৱাৰ সুযােগ পাইছিল। অভিনেতাজনে ‘মেল’ডী অৱ লাভ’ৰ প্রযুক্তি ব্যৱহাৰ কৰি ‘ভক্ত কবীৰ’ত শব্দ দিয়াৰ ব্যৱস্থা কৰিলে। এই সবাক ছবিখন দর্শকে চোৱাৰ সুযােগ পালে ১৯৩০ চনৰ ২৭ মার্চত। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি বিশ্বৰ প্ৰথমখন সবাক ছবি ১৯২৭ চনৰ ৬ অক্টোবৰত নিউয়র্কত মুক্তি পাইছিল।

All talking, all singing, all dancing বুলি প্ৰচাৰ চলােৱা হিন্দী ভাষাৰ ‘আলমআৰা’মুম্বাইত মুক্তি পাইছিল ১৯৩১ চনৰ ১৪ মার্চত, ‘ভক্ত কবীৰ’ৰ প্রায় এবছৰ পাছত। অৱশ্যে এটা কথা স্পষ্ট— ‘ভক্ত কবীৰ’ প্ৰকৃতাৰ্থত পূর্ণদৈর্ঘ্যৰ ছবি নাছিল। সেই হিচাপত এম ইৰানীৰ ‘আলমআৰা’হে প্রথমখন ভাৰতীয় পূর্ণদৈর্ঘ্যৰ সবাক ছবি। আন এখন সবাক ছবি ‘কালিদাস’ মুক্তি পাইছিল ১৯৩১ চনৰ জানুৱাৰীত, তৃতীয় শুকুৰবাৰে৷ কিন্তু এইখনো পূৰ্ণদৈৰ্ঘ্যৰ ছবি নাছিল৷ হ’লেও ‘কালিদাস’ ‘আলমআৰাত’কৈ আগেয়ে চিত্ৰগৃহলৈ আহিছিল। এতিয়া স্বাভাৱিকতে প্রশ্ন উত্থাপন হৈছে– চিনেমা সম্পর্কে চিন্তা-চৰ্চা কৰাসকলৰ মাজত এই তথ্য বিভ্রান্তি হােৱাৰ কাৰণ কি? এইখিনিতে এটা কথা স্পষ্ট কৰি হােৱা ভাল হ’ব—এই চিনেমাবােৰ মুক্তি পােৱাৰ সময়লৈকে কোনাে চেন্সৰৰ ব্যৱস্থা নাছিল। চিনেমাবােৰ সম্পূৰ্ণ হােৱাৰ লগে লগে দর্শকৰ ওচৰলৈ গুচি গৈছিল। সেই কাৰণেই সম্ভৱতঃ এই তথ্য বিভ্রান্তিৰ সূত্রপাত হৈছে। আৰু এটা কথা, চিনেপণ্ডিতসকলৰ চিনেমা চর্চা আছিল হয়তাে মুম্বাই কেন্দ্রিক। ফলত আঞ্চলিক ভাষাবােৰত নির্মাণ হােৱা ছবিবােৰ আঁৰতে ৰৈ গৈছিল। তাৰ ফলত ভাৰতীয় চিনেমাৰ বুনিয়াদ গঢ়ি তােলা ভাৰতৰ আঞ্চলিক ভাষাবােৰৰ ভালেকেইগৰাকী চিত্রকর্মী স্বীকৃতিৰ পৰা বঞ্চিত হৈ আহিছে। এতিয়া কথা হ’ল— সেই মহান চিত্রকর্মসকলক আজিও স্বীকৃতি দিয়া নহ’ব নেকি? সেই কাৰণেই ভাৰতৰ চিনেমাৰ ইতিহাস নতুনকৈ লিখাৰ কাম চলিছে।

১৯৩৫ চনৰ ২৭ মার্চলৈকে ‘ভাৰতীয় চিনেমাৰ ইতিহাস’ অধ্যয়ন কৰিছিলো বিভিন্ন মাধ্যমত। চিনেমা বিষয়ত গৱেষণা কৰি থকা আৰ কে ৰাঘৱনে ক’লে—১৯৩০ চনৰ ৭ মার্চলৈকে তামিল, তেলেগু ভাষাত ১৮খন পূর্ণদৈর্ঘৰ কথাছবি নির্মাণ হৈছিল। চুটি-চুটি বােলছবিও নির্মাণ হৈছিল। শুদ্ধ তথ্য পােৱা নাযায়।’ তামিল চিনেমাৰ ‘সবাক’ আৰম্ভ হৈছিল ‘কালিদাস’ৰে, ১৯৩১ চনত। ‘ভক্ত প্রহ্লাদ’ৰে সেই একেটা বর্ষতে তেলেগু চিনেমাৰ ‘সবাক যুগ’ আৰম্ভ হৈছিল। বাংলা চিনেমাৰাে ‘সবাক যুগ’ আৰম্ভ হৈছিল এই বছৰটোতে। অমৰ চৌধুৰীয়ে পৰিচালনা কৰা ‘জামাই ষষ্ঠী’প্রথমখন বাংলা কথাছবি। দৈর্ঘ আছিল প্রায় ৩০ মিনিটহে। ৩০ ডিচেম্বৰ, ১৯৩১ ত ‘দর্শক’ৰ বাবে মুকলি কৰি দিয়া প্রেমাকুংৰ আতর্থীৰ ‘দেনা-পাওনা’প্ৰথমখন পূর্ণদৈর্ঘ্য বাংলা কথাছবি। প্রথমখন অসমীয়া কথাছবি চিত্ৰগৃহলৈ অহাৰ বৰ্ষটোত নির্মাণ হৈছিল ১২ খন পূর্ণদৈর্ঘ্য বাংলা, ৮ খন মাৰাঠী আৰু দক্ষিণ ভাৰতৰ পৰা ২৫ খন কথাছবি। এই তথ্য মাৰাঠী গ্রন্থ ‘আজছা চিত্রপট’ৰ। গ্ৰন্থখনত প্ৰকাশ পােৱা তথ্যমতে, ১৯৩২ চনত চিত্ৰগৃহলৈ অহা সবাক মাৰাঠী চিত্রকর্ম ‘অযােধ্যেচা ৰাজা’ৰ লগতে পৰৱর্তী বৰ্ষত চিত্ৰগৃহলৈ অহা বাংলা চিনেমা নিতীন বােসৰ ‘ভাগ্যচক্র’ ‘ডাব’ কৰা হৈছিল।

নলীন দুৱৰাই কৈছিল…

নলীন দুৱৰা। অসমীয়া চিনেমাৰ ‘সেউজ অতীত’। চিনেমেটোগ্রাফাৰ, পৰিচালক। ‘মমতাজ’ (১৯৭৩) আৰু ‘ৰতনলাল’ (১৯৭৫)ৰ পৰিচালক। ‘নিমিলা অংক’, ‘স্মৃতিৰ পৰশ’, ‘লখিমী’, ‘মাক আৰু মৰম’, ‘ধুমুহা’, নৰকাসুৰৰ পৰা ‘কনকলতা’, ‘বংশধৰ’লৈকে প্রায় দুকুৰি অসমীয়া চিনেমাৰ চিত্রগ্রহণকাৰী। ১৯৫৫ চনত লক্ষ্যধৰ চৌধুৰীৰ পৰিচালনাৰে নির্মিত ‘নিমিলা অংক’ প্রথম চিত্ৰগ্ৰহণ কৰা চিনেমা। মুম্বাইৰ জেভিয়াৰচৰ অধীনস্থ আব্দুল্লাহ ফতেহ ভাই চিনেমেটোগ্রাফী ইনষ্টিটিউটৰ (১৯৪৮) স্নাতক নলীন দুৱৰাক লগ পাইছিলোঁ কেইবাবাৰাে। শেষৰবাৰ লগ পাইছিলোঁ ১৯৯৪ চনৰ শেষৰফালে। শেষবাৰ লগ পােৱাৰ পিছতে মই মুম্বাইলৈ গুচি গৈছিলোঁ আৰু তাত থকা সময়ছােৱাতে, ২০০১ত ‘খবৰ’ পাইছিলোঁ— দক্ষ ‘চিত্রকর্মী’গৰাকীৰ পৰলােকপ্রাপ্তিৰ। সেই যে কেইবাবাৰাে লগ পাইছিলোঁ, তেতিয়া বহু কথাৰ মাজতে ‘জয়মতী’ৰ কথাও পাতিছিলো। সেই সময়ত দৈনিক কাকত ‘আজিৰ সংবাদ’ৰ সম্পাদনা বিভাগৰ সৈতে জড়িত হৈছিলোঁ; আৰু চিত্রকর্মী’গৰাকীয়ে কোৱা কথাৰে ‘জয়মতী’ৰ বিষয়ে লিখিছিলোঁ। পৰিচালক- চিনেমেটোগ্রাফাৰগৰাকীয়ে কৈছিল— ‘১৯৩৬ চনত চিনেমাখন মই চাইছিলোঁ। চোৱাৰ সৌভাগ্য হৈছিল। চিনেমাখনত শব্দৰ খুঁত ৰৈ গৈছিল। শুনামতে Film Developingৰ কাম জ্যোতিপ্ৰসাদ আগৰৱালাই নিজে সজা Laboratory তে কৰিছিল। Print ক’ত কৰা হৈছিল নাজানাে। চিনেমাখনৰ ছিকুৱেন্সবােৰ দীঘল-দীঘল আছিল। ‘কেমেৰা মেন’ কৰা সেই সময়ত সহজ কাম নাছিল। তথাপি Geography সহজে বুজাই দিছিল। এনে ঘটবােৰ সাধাৰণতে লং শ্বটেৰে লােৱা হয়। ফটোগ্রাফীৰ কম্পজিচন সুন্দৰ আছিল। এটা ধোঁৱা খােৱা ব্যৱহাৰ কৰি ক’লা বগা ছবিৰ ভাৰসাম্য ৰক্ষা কৰিছিল। মই আচৰিত হৈছিলোঁ— এটা শ্বটৰ পৰা আনটো শ্বটলৈ যাওঁতে কেনেকৈ অভিনেতাসকলৰ স্থান, গতি, চকুৰ দৃষ্টি আদি সঠিকভাৱে ‘মঞ্চ’ নকৰাকৈ কৰিছিল, সেই কথা ভাবি। বহু সময় ভবাৰ পিছত মই উত্তৰ পাইছিলোঁ— জয়মতীৰ চিত্রনাট্য আছিল সুপৰিকল্পিত, যাৰ বাবে প্রতিটো শ্বট প্রায় একে ঠাইতেই কেমেৰা বহুৱাই লােৱা হৈছিল যদিও গতি ইত্যাদি সমস্যা হােৱা নাছিল। – (বেলশৰ/জুন/১৯৯৪)

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform

Follow us

Don't be shy, get in touch. We love meeting interesting people and making new friends.

%d bloggers like this: