মাত্র ১০ দিনত চিত্ৰায়নৰ কাম শেষ কৰিছিল ‘ইন্দ্ৰ-মালতী’ৰ। কাৰণ জ্যোতিপ্ৰসাদ আগৰৱালাৰ উদ্দেশ্য আছিল যিমান সম্ভৱ সিমান কম সময়ত চিনেমাখন সম্পূর্ণ কৰিব লাগে। কম সময় মানে, কম খৰচ৷ পৰিচালকগৰাকীয়ে নিজৰ কাহিনীৰে নিৰ্মাণ কৰা চিনেমাখনৰ বহিঃদৃশ্য গ্ৰহণ কৰিছিল তেজপুৰৰ মিছন চাৰিআলিৰ তালবাৰীত। এইবাৰ পৰিচালকগৰাকীয়ে ইনড’ৰৰ কাম সমূহ কৰিছিল মাত্র তিনিটা দিনতে।
কাহিনী : ইন্দ্ৰ-মালতীত দেখা গৈছে এটা প্রেম কাহিনী। ইন্দ্রজিৎ বৰুৱা (অভিনয় কৰিছে মনােভিৰাম বৰুৱাই) আৰু মালতীৰ (অভিনয় কৰিছে ৰাসেশ্বৰী বৰুৱাই) প্রেমৰ কাহিনী। তেজপুৰৰ ইন্দ্রজিৎ বৰুৱা। কলিকতাত পঢ়ি আছে। মাক নাই। মৃত্যু হৈছে। গৰমৰ বন্ধত ঘৰলৈ আহে। মাকৰ অভাৱ অনুভৱ কৰে। মন দুখেৰে ভৰি পৰে। দুখ পাতলাবলৈ সি দদায়ে ঘৰলৈ যায়। তাতেই মানে দদায়েকৰ গাঁও- সােণাপুৰত মালতীক লগ পায়। কম দিনৰ ভিতৰতে ইন্দ্রই মালতীৰ মন অনুভৱ কৰে। সময়ত ইন্দ্ৰ কলিকতালৈ উভতি যায়। তাত গৈয়াে মনৰ পৰ্দাত দেখি থাকে মালতীৰ হাঁহি।—কাহিনীলৈ আহে চিনেমাখনৰ খলনায়ক-চণ্ডীৰম (অভিনয় কৰিছে থানুৰাম বৰাই)। মালতীক বিয়া কৰাব খােজে। মালতীয়ে কিন্তু চণ্ডীৰামৰ নামটোকে শুনিব নােখােজে। তাৰ জেদ বাঢ়ে আৰু এদিন অপহৰণ কৰি মিচিং গাঁৱত ৰাখে।- খবৰ গৈ ইন্দ্ৰৰ কাণত পৰে। কলিকতাৰপৰা বন্ধু ললিত (অভিনয় কৰিছে ফণী শৰ্মাই)ৰ সৈতে আহি মালতীক উদ্ধাৰ কৰে। শেষত মালতী ইন্দ্ৰৰ মিলন। মিলনৰ ইংগিত।
অভিনয় : ‘অসম বাণী’ত প্ৰকাশ পােৱা ফণী শৰ্মাৰ লেখা এটা পঢ়ি জানিব পৰিছিলোঁ চিনেমাখনৰ ‘চৰিত্ৰ’ৰ বাবে প্রযােজক পক্ষই সাজ-পাৰ কিনা নাছিল। যাৰ যি পােছাক আছিল তাকে পিন্ধি ওলাইছিল।… “ছবিৰ নায়ক মনােভিৰাম বৰুৱাৰ নিজৰ লংপেণ্ট আছে। মােৰ নাই। মনত বৰ দুখ। কিনি ল’বলৈও হাতত পইচা নাই।” – ফণী শৰ্মাই লিখিছিল। আনহাতে, কোনাে অভিনয় শিল্পীয়ে পাৰিশ্ৰমিক লােৱা নাছিল। সন্দেহ নৰখাকৈ ক’ব পাৰি অসমীয়া চিনেমা নির্মাণত ‘কম্প্রমাইজ’ তেতিয়াৰপৰায়ে আৰম্ভ হৈছিল। এই কথাও ক’ব পাৰি অসমীয়া চিনেমাই গতি কৰিছিল। ইন্দ্ৰমালতী’ৰ বাটেৰে। ‘জয়মতী’ৰ বাটত খােজ পেলাইছিল পৰৱৰ্তী সময়ত পদুম বৰুৱাই। এইখিনিতে স্পষ্ট কৰি থব খুজিছোঁ ‘জয়মতী’ আৰু ‘ইন্দ্ৰ-মালতী’ৰ ‘সােৱাদ’ লৈছিলোঁ ‘ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আৰু জয়মতী’ তথ্যচিত্ৰখনত।
ব্যৱসায় : ‘ইন্দ্ৰ-মালতী’ৰ উদ্দেশ্য আছিল–ব্যৱসায়। ‘জয়মতী’ও লােকচান হৈছিল। সাংঘাতিক লােকচান। ‘জয়মতী’, ‘ইন্দ্ৰ-মালতী’ৰ অভিনেতা তেজপুৰৰ থানুৰাম বৰাই আমাক কৈছিল—“প্ৰথমখন চিনেমাত যে লােকচান হ’ব, সেয়া জ্যোতিপ্ৰসাদ আগৰৱালাই আগতে অনুমান কৰিছিল। সেয়েহে তেওঁ ভাঙি পৰা নাছিল। মােক মাতি নি কৈছিল— “হাতলৈ কিছু টকা ঘূৰাই আনিব লাগে। ‘ইন্দ্ৰ-মালতী’ৰ বাবে বজাৰ চাইছোঁ। মই এইবাৰ সফল হম।…” সফল হৈছিল। ১০-১২ হাজাৰ টকা লাভ হৈছিল। কিন্তু চিনেমা হিচাপে ‘জয়মতী’ৰ পর্যায় পােৱা নাছিল। কিয় পােৱা নাছিল?– থানুৰাম বৰাই কৈছিল— “চিনেমাৰ কাহিনী, চিত্রনাট্য পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালাই নিজে ৰচনা কৰিছিল। চিত্রনাট্য ৰচনাৰ সময়ত ‘বাজেট’ৰ কথা মনত ৰাখিছিল যেন লাগে। মই ভাবো চিনেমাখনৰ চিত্রগ্রহণ ‘জয়মতী’ৰ দৰে ভােলাগুৰিৰ চিত্ৰবনত কৰা নাছিল বাজেট কমােৱাৰ বাবে। ‘ইনড’ৰ শ্বুটিং কৰিছিল কলিকতাৰ নাৰকেল ডাংগাৰ আৰােৰ ষ্টুডিঅ’ত। মাত্র তিনিদিনৰ কাম কৰিছিল। চিনেমাখনৰ বেছিভাগ চিত্ৰগ্ৰহণৰ কাম কৰিছিল তেজপুৰৰ তালবাৰীত, এঘৰ মানুহৰ ঘৰত। ছয় দিন চিত্রগ্রহণৰ কাম কৰিছিল। কেমেৰা মুভমেণ্ট নাছিল। কেমেৰা একে ঠাইতে ৰাখিছিল। এংগল সলাইছিল।” সম্ভৱতঃ এই কাৰণেই ‘চিনেমা সৌন্দর্য’ নাছিল, কথাছবি পর্যায়তে ৰৈ গৈছিল ‘ইন্দ্ৰ-মালতী’।
শেষত : ‘ইন্দ্ৰ-মালতী’ত কিশােৰ চৰিত্ৰত ভূপেন হাজৰিকাই অভিনয় কৰিছিল— গৰখীয়া ল’ৰাৰ চৰিত্ৰত। ওঁঠত গীতাে আছে— গাইছিল বিশ্ব বিজয়ী নৱ জোৱান…’। তেওঁ লিখিছিল—“..নায়ক মনােভিৰাম বৰুৱাই ষ্টুডিঅ’ৰ বহির্ভাগৰ চোতালত থকা মধুৰিআম গছ এজোপাৰ ওচৰত থিয় হৈ মােক (গৰখীয়া ল’ৰাক) সুধিব— এইগীতটো ক’ত শিকিচা ? মই উত্তৰ দিব লাগিব—ভলণ্টিয়াৰৰ পৰা।” বুজাত অসুবিধা নহয়, ৰােমাণ্টিক কাহিনীটোৰ মাজলৈ ‘দেশভক্তি’ও আনিছিল। গীতে চিনেমাখনৰ ব্যৱসায়ত সহায় কৰিছিল। পৰৱৰ্তী সময়ত ‘ইন্দ্ৰ-মালতী’ৰ ট্রেকেৰেহে অসমীয়া চিনেমাই গতি কৰে। ‘জয়মতী’ৰ ট্রেকেৰে গতি কৰিলে ‘বিশ্ব চিনেমা’ৰ ক্ষেত্ৰখনত বিশেষ স্থান দখল কৰি থাকিলহেঁতেন।
Add comment