

‘নায়ক’ আঁতৰি যাব খোজা নাছিল, কিন্তু বিধাতাই কপালত লিখি দিছিল– আঁতৰি যোৱা৷ বিধাতাই যেতিয়া নিবিচাৰে তেতিয়া কাৰোবাৰ থকাৰ অধিকাৰ আছে নে? –চিনেমাখনৰ শেষৰ ছিকুৱেন্সটো মন চুই যোৱা৷ ‘নায়ক’ৰ চেহেৰা হাতৰ ভাষাৰ সু-প্ৰয়োগ৷ –নিজে যন্ত্ৰণাত থকা ‘নায়ক’-এ বিচাৰে সকলোৱে যাতে সুখত থাকে৷ সেয়েহে ঘৰখনৰ এজনকো জানিব নিদিয়ে নিপুৰ দুৰাৰোগ্যৰ কথা৷ চিকিৎসকে যেতিয়া কৈছিল দুৰাৰোগ্যৰ কথা, তেতিয়া ‘নায়ক’ৰ মুখত অসহায়ৰ সংলাপ– ‘জীয়াই থকাৰ উপায় নাইনে?’ জীয়াই থকাৰ, জীৱন সুন্দৰ কৰাৰ হেঁপাহ– ‘নায়ক’ৰ৷ মাতৃৰ অবৰ্তমানত মোমায়েক-মামীয়েকৰ মাজতে ডাঙৰ হয় ‘নায়ক’৷ পিতৃৰ দ্বিতীয় বিবাহত নাৰাজ ‘নায়ক’৷ সেয়েহে পিতৃৰ ঘৰৰ পৰা আঁতৰত থাকে৷ নিপুৰ আয়ুস জনাৰ পাছত ‘নায়কে’ সকলোৰে জীৱন ‘সুন্দৰ’ কৰিব খোজে, জীয়াই থকা দিনকেইটাতে মোমায়েকৰ ঘৰখনৰ সকলোবোৰ খেলি-মেলি আঁতৰ কৰিব খোজে৷ সকলো হয়৷ আনকি ‘নায়কে’ প্ৰেয়সীকো সু-পাত্ৰৰ হাতত গতাই দিয়ে, বুকুত যন্ত্ৰণা লৈ৷ শেষবাৰৰ বাবে নিপু ঘৰলৈ গৈ ‘নায়কে’ অনুভৱ কৰে– সুন্দৰ পৰিয়াল৷ সেই সুখৰ মাজতো থাকিব খোজে, কিন্তু সময় যে নাই৷ বিধাতাই কাঢ়ি নিছে৷ –কি কৰিব৷ অসহায় ‘নায়ক’৷ –‘নায়ক’ক কেন্দ্ৰ কৰিয়ে চিনেমাখনৰ কাহিনী ভাগ আগবঢ়াই নিছে মুনিন বৰুৱাই– ‘বিধাতা’ নামৰ অসমীয়া চিনেমাখনত৷ ২৮ মাৰ্চ, ২০০৩ ত চিত্ৰগৃহলৈ অহা এই পাৰিবাৰিক চিনেমাখনত ‘নায়িকা’কে ধৰি কেইবাটাও চৰিত্ৰ নিৰ্মাণ কৰিছিল যদিও চিত্ৰনাট্যকাৰ, পৰিচালক যেন ব্যস্ত কেৱল ‘নায়ক’ৰ চৰিত্ৰটোক লৈহে৷ চৰিত্ৰটো নিৰ্মাণ কৰিছিল যতীন বৰাক লৈ৷ সন্দেহ নৰখাকৈ ক’ব পাৰি ‘চৰিত্ৰ’টোত যতীনৰ অভিনয় ক্ষমতা প্ৰদৰ্শনৰ পূৰ্ণ সুযোগ আছিল, আৰু সুযোগৰ সৎ ব্যৱহাৰো কৰিছিল৷ পৰিচালক বৰুৱাই প্ৰথমবাৰৰ বাবে এই চিনেমাখনত সাহিত্যৰ ভাষাৰ লগত কেমেৰাৰ ভাষা ব্যৱহাৰত গুৰুত্ব দিছিল৷ বহু কথা ‘কেমেৰাৰ ভাষা’ৰে কৈছিল, কাহিনী ‘কেমেৰাৰ ভাষাৰে’ আগুৱাই নিয়াত গুৰুত্ব দিছিল৷ স্বাভাৱিকতে ‘চিনে সৌন্দৰ্য’ও বাঢ়িছিল৷ ‘চিনে সৌন্দৰ্য’ বঢ়াইছিল সংগীতেও৷ বিশেষভাৱে উল্লেখ কৰিব পাৰোঁ আৱহ সংগীত আৰু ‘শ্যামকানু…’ গীতাংশৰ প্ৰয়োগৰ প্ৰসংগ৷ সুন্দৰ, অৰ্থপূৰ্ণ৷
Add comment