বাহাৰুল ইছলাম – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Fri, 06 Mar 2026 03:42:49 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 বাহাৰুল ইছলাম – Rupaliparda.com https://rupaliparda.com 32 32 163073109 বাহাৰুল ইছলামৰ অভিনয় | হিল্লোল পাঠকৰ নাটক… | –উৎপল মেনা https://rupaliparda.com/archives/32921 https://rupaliparda.com/archives/32921#respond Fri, 06 Mar 2026 03:42:24 +0000 https://rupaliparda.com/?p=32921 মধুমক্ষিকা

কেইবা খনো নাটক চালোঁ, যোৱা কেইটামান দিনত, মনত ৰৈ গ’ল– “আকাশ” আৰু “মধুমক্ষিকা”।
“আকাশ” ছিগালৰ প্ৰযোজনা। বাহাৰুল ইছলামৰ পৰিচালনা। মূল চৰিত্ৰটোত অভিনয়ো কৰিছে– নাট্যকৰ্মী গৰাকীয়ে। নাটক খন প্ৰথম বাৰ মঞ্চস্থ হৈছিল ২০০৫ চনত। যোৱা ২১ ফেব্ৰুৱাৰী তাৰিখে চালোঁ ৯২ সংখ্যক দৰ্শনীটো। –নাটক খনৰ শিপা ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ একে নামৰ গল্প। বিশেষ পৰিৱৰ্তন অনুভৱ নকৰিব গল্পটো পঢ়া সকলে। নাট্যকাৰ-পৰিচালকে পৰিপাটিকৈ মঞ্চলৈ আনিছে “গল্প”টো। বিশেষ সলনি কৰা নাই, কিছু সংযোজন কৰিছে, “গল্পটো”ৱে মঞ্চত দেখুৱাইছে।

মধুমক্ষিকা
নাটক খনৰ কাহিনী-ৰেখাৰ মূল বিন্দু– জ্যোতির্ময় চৌধুৰী (এই চৰিত্ৰটোতে অভিনয় কৰিছে বাহাৰুল ইছলামে)। পৰিপাটিকৈ জ্যোতির্ময়ৰ “গল্প”টো কৈছে তৃতীয় পুৰুষত।
পৰিৱেশ নিৰ্মাণ কৰিছে– সংগীতেৰে। আৰম্ভনিতে বিয়াগীতৰ “সুৰে” দৰ্শকক চুইছে। কাহিনীয়ে গতি লৈছে জ্যোতির্ময় চৌধুৰীৰ জীয়ৰীৰ বিয়াক কেন্দ্ৰ কৰি। বিয়াৰ ভাল লগা হুলুস্থুলৰ মাজতে বেনামী চিঠি এখন আহিছে– জীয়ৰীৰ যিগৰাকীৰ সৈতে বিয়া ঠিক হৈছে, সেই গৰাকীৰ জীৱনলৈ বহু কেইগৰাকী নাৰী আহিছে বুলি!

মধুমক্ষিকা
উজাগৰী নিশা এটাত জ্যোতির্ময় চৌধুৰীয়ে উভতি গৈছে নিজৰ অতীতলৈ। জ্যোতির্ময়ৰ জীৱনলৈ অহা প্ৰতিটো নাৰী চৰিত্ৰ মনলৈ আনিছে। শেষত মনতে সিদ্ধান্ত লৈছে অহা বেনামী চিঠি খনক লৈ চিন্তা কৰিব লগীয়া একো নাই– পত্নীৰ সৈতে চৌধুৰীয়ে পৰিপাটিকৈ সংসাৰ চলাই থকা নাই জানো!
পৰিচালকে অতি সুন্দৰকৈ অতীত-চাৰণ ব্যৱহাৰ কৰিছে। জ্যোতির্ময় চৌধুৰীৰ জীৱনলৈ অহা “নাৰী চৰিত্ৰ” কেইটা আনিছে। সাজ-পাৰ আৰু সংগীতেৰ নিৰ্ধৰণ কৰিছে “সময়”। অতি সুন্দৰকৈ, পৰিপাটিকৈ।

মধুমক্ষিকা
নিঃসন্দেহে “সংলাপ” নাটক খনৰ সৌন্দৰ্য। বিশেষ সৌন্দৰ্য কিন্তু বাহাৰুল ইছলামৰ অভিনয়। আজিৰ তাৰিখত আমাৰ স্তৰৰ নাট্যৰসিকৰ বাবে “বাহাৰুল ইছলামৰ অভিনয়” বিশ্লেষণৰ বাট ৰুদ্ধ; অনুভৱহে চৰ্চালৈ আনিব পাৰোঁ, ব্যক্ত কৰিব পাৰোঁ।
আদহীয়া জ্যোতির্ময় চৌধুৰীক অতীত-চাৰণত “যৌৱনৰ সময়” চোৱালৈ লৈ গৈছে, জ্যোতির্ময়ে দুষ্টামি কৰিছে, প্ৰেম কৰিছে– ইত্যাদি। প্ৰতিটো “সময়”তে দৰ্শকে আনন্দ মনেৰে নাট্য-ৰস অনুভৱ কৰিছে বাহাৰুল ইছলামে কৰা অনিন্দ্য অভিনয়ৰ বাবে। থোৰতে এনেদৰে ক’ব পাৰি– নাটক খনৰ মূল সৌন্দৰ্য, বাহাৰুল ইছলামৰ– Diversity in Performance আৰু কথনশৈলী।

মধুমক্ষিকা
চৰ্চালৈ অনা আন খন নাটক “মধুমক্ষিকা”ই আমাক চুই থকাৰ প্ৰথম কাৰণ– অভিনয়। এই নাটক খনৰ মূল চৰিত্ৰ– মধু। “নাটক”ৰ নায়িকা। আবেগিক অভিনেত্ৰী! অভিনয়ৰ শীৰ্ষলৈ আৰোহণ কৰাৰ মন! নিজৰ অভিনয় বৃত্তৰ বাহিৰত প্ৰকৃত অৰ্থৰ সন্ধানত থকা দেখা যায়! দেখা যায়– মঞ্চ আৰু বাস্তৱ জীৱনৰ মাজত দোমোজাত পৰা!
নাটক খনৰ কাহিনীৰ গতিত অনুভৱ হয়– মধু অভিনয়ৰ বহল পৃথিৱীৰ অন্বেষণত খোজ আগবঢ়াই বন্দীত্বৰ বৃত্তত সোমাই পৰে। বন্দীত্বৰ পৰা মুক্ত হ’বলৈ যুঁজ দিয়ে, নিজৰ পৰিচয়ৰ সন্ধান কৰে।

মধুমক্ষিকা
থোৰতে আমি এনেদৰেও ক’ব পাৰোঁ– মধুৰ সংগ্ৰাম আৰু আত্ম-অন্বেষণৰ এক মৰ্মস্পৰ্শী কাহিনী স্পষ্ট নাটক খনৰ কাহিনী-ৰেখাত। চৰিত্ৰটোত অভিনয় কৰিছে ৰুণুমি দেৱীয়ে। পৰিপাটি অভিনয়, চুই যোৱা অভিনয়। অভিনয়ৰ পৰিসৰ– বহল। নাট্যকাৰ, পৰিচালকে অভিনেত্ৰী গৰাকীক শাৰীৰিক অভিনয় ভাষা আৰু সংলাপ প্ৰক্ষেপণত ভিন্নতা (Variation in Dialogue Delivery) -ৰ বাট দিছে; আৰু এই সুযোগ অভিনেত্ৰী গৰাকীয়ে দৰ্শকক চুব পৰাকৈ ব্যৱহাৰ কৰিছে। তেনেদৰে চুই গৈছে আন এটা চৰিত্ৰত অভিনয় কৰা মাণিক ৰয়ৰ অভিনয়ে। অভিনেতা গৰাকীৰ সংলাপ উচ্চাৰণৰ ধৰণ, গতি (tempo), সুৰ (tone) আৰু জোৰ (emphasis) নাটক খনৰ সৌন্দৰ্যলৈ ৰূপান্তৰ হৈছে।

মধুমক্ষিকা
মাণিক ৰয় নাটক খনৰ পৰিচালকো। নাট্যকাৰ: হিল্লোল কুমাৰ পাঠক। নাট্যকাৰে বিষয়বস্তু নিৰ্মাণত, কাহিনীক গতি দিয়াৰ সময়ত “Magic Realism”-ৰ ওচৰত অৱস্থান কৰিছে। নাট্যকাৰে পৰিপাটিকৈ মধুৰ স্থিতিস্থাপকতা (resilience/ “বিফলতাৰ পিছত পুনৰ থিয় হোৱা আৰু নিজৰ দৰ্শনত অটল থকা”), আত্ম-আৱিষ্কাৰ (Self-discovery/ “নিজৰ সত্তাৰ গভীৰলৈ যোৱা আৰু সৃষ্টিৰ মাজেৰে সত্যৰ সন্ধান কৰা”) -ৰ যাত্ৰাক পৰিপাটিকৈ মঞ্চলৈ আনিছে, পৰিচালকৰ সু-পৰিচালনাৰে। (এই খিনিতে ষ্টেজ ডিজাইনৰ বাবে পৰিচালকক প্ৰশংসা কৰিম।)
ভাল লাগিছে– ভ্ৰাম্যমাণ থিয়েটাৰত “হেৰাই যোৱা” নাট্যকাৰ গৰাকীৰ শক্তিশালী “কলম” অনুভৱৰ সুযোগ পোৱা বাবে। (ফটো “মধুমক্ষিকা” নাটকৰ)

]]>
https://rupaliparda.com/archives/32921/feed 0 32921
ৰবি শৰ্মাৰ “মোক্ষ” /চিনে সংবাদ –উৎপল মেনা https://rupaliparda.com/archives/31278 https://rupaliparda.com/archives/31278#respond Tue, 12 Nov 2024 10:08:17 +0000 https://rupaliparda.com/?p=31278 মোক্ষ

আৰু এখন চিনেমা ৰবি শৰ্মাৰ। অভিনেতা ৰবি শৰ্মাৰ আৰু এক চিনেচিন্তা, চিনে-ৰচনা “মোক্ষ”। “শ্ৰী ৰঘুপতি”ৰ পাছত দ্বিতীয় চিনেচিন্তা। চিনেমা খনৰ পোষ্টাৰ মুকলিৰ লগতে মহুৰৎ অনুষ্ঠান সম্পন্ন হয় গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতিচিত্ৰবনত। মহুৰৎ শ্বটটোত অংশ লয় ৰবি শৰ্মা আৰু বিভাষ চক্ৰৱৰ্তীয়ে। চিনেমা খনৰ মূল চৰিত্ৰটো নিৰ্মাণ কৰিব ৰবি শৰ্মাক লৈ। “হিয়া দিয়া নিয়া”ৰে অসমীয়া চিনেমাৰ নায়কৰ ট্ৰেকত খোজ পেলোৱা ৰবি শৰ্মাৰ চিনে-অভিনয়ৰ উত্তৰণ হয় (আমাৰ ধাৰণাত) “বাৰুদ”ত। –কোন নাছিল মুনিন বৰুৱাৰ “বাৰুদ”ত? বিজু ফুকন, তপন দাস, যতীন বৰা, প্ৰাঞ্জল শইকীয়া, বাহাৰুল ইছলাম, প্ৰস্তুতি পৰাশৰ…। এক বিশেষ ইমেজেৰে (বলিউদৰ চিনেমাত যি ইমেজক কোৱা হয়– ৰাফ এণ্ড টাফ), অভিনয় ক্ষমতাৰে জিলিকি উঠিছিল ৰবি শৰ্মা।
মোক্ষ
–“মোক্ষ”ৰ প্ৰথমটো অনুষ্ঠানত উপস্থিত থাকি অনুভৱ কৰিছো “বাৰুদ”ত নিৰ্মাণ হোৱা ইমেজটো হয়তো আৰু পুৰঠ ৰূপত ব্যৱহাৰ হ’ব। অন্য এক দৰ্শকক চুব পৰা চৰিত্ৰ নিৰ্মাণ কৰিব পৰিচালক মিৰ্জা আৰিফ হাজৰিকাই। –হয়, চিনেমা খনৰ পৰিচালক মিৰ্জা আৰিফ হাজৰিকা। পৰিচালক আৰিফে ২০১৯ বৰ্ষত চিত্ৰগৃহলৈ অহা “অস্তিত্ব“ৰ লগতে কেইবা খনো চুটি চিনেমাৰে পৰিচালনা শক্তি দেখুৱাইছে। আমাৰ ধাৰণাত ভিন্ন শৈলীৰ চিনেকৰ্ম কৰিব পৰা ক্ষমতা আছে পৰিচালক গৰাকীৰ।
মোক্ষ
–চিনেমা খনৰ আন কেইটামান চৰিত্ৰ নিৰ্মাণ হ’ব শৰৎ ছাক্সেনা, বিভাষ চক্ৰৱৰ্তী, অৰ্চিতা আগৰৱাল, মৃদুল চুতীয়া, সঞ্জীৱ হাজৰিকা, প্ৰিয়ম পল্লৱী, সিদ্ধাৰ্থ মুখাৰ্জীক লৈ। বলিউডৰ অভিনেতা (চিনেমা: মিষ্টাৰ ইণ্ডিয়া, ত্রিদেৱ, খিলাড়ি, গোলাম, গুপ্ত: দ্য হিডেন ট্রুথ, ডুপ্লিকেট, ছোলজাৰ, বাগবান, ফানা, ক্রিশ, বজৰঙ্গি ভাইজান আদি) শৰৎ ছাক্সেনাই তেলুগু, মালয়ালম আৰু তামিল চিনেমাতো অভিনয় কৰিছে। ১৯৭০ চনত অভিনয় কেৰিয়াৰ আৰম্ভ কৰা অভিনেতা গৰাকীৰ এই খনেই উত্তৰ-পূব ভাৰতৰ প্ৰথম চিনেমা। অভিনেতা গৰাকীক লৈ নিৰ্মাণ কৰিব এগৰাকী মূখ্যসেনা বিষয়াৰ চৰিত্ৰ। সেনা বিষয়াৰ আন এটা চৰিত্ৰ নিৰ্মাণ কৰিব নাটক-চিনেমাৰ অভিনেতা মৃদুল চুতীয়াক লৈ।
এছ.এইচ. প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই চিনেমা খনৰ চিত্ৰগ্ৰহণ কৰিব গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন স্থানৰ লগতে মেঘালয়, অৰুণাচল প্ৰদেশ তথা উত্তৰ বংগৰ বিভিন্ন স্থানত। চিত্ৰগ্ৰহণ কৰিব বিতুল দাসে। কাৰিকৰী পৰিচালক ঝুলন কৃষ্ণ মহন্ত। শব্দ দেবোজিত চাংমাই, সংগীত প্ৰ’নয় দত্তৰ।

]]>
https://rupaliparda.com/archives/31278/feed 0 31278
|| the woodcutter, হনুমানৰ সাধু, কলাজ || –উৎপল মেনা https://rupaliparda.com/archives/30284 https://rupaliparda.com/archives/30284#respond Sun, 09 Jun 2024 14:19:19 +0000 https://rupaliparda.com/?p=30284 || the woodcutter, হনুমানৰ সাধু, কলাজ || --উৎপল মেনা 5

খবৰ: কিমান যে অসমীয়া চিনেমা!
চিনে উত্তৰণ আশা কৰিব পৰা, চোৱাৰ বাবে আগ্ৰহ বঢ়া চিনেমাৰ খবৰো আছে।
দিন হ’ল! সামাজিক মাধ্যমত চৰ্চালৈ আহিছিল দোতাৰা বজাই অভিনেতা বাহাৰুল ইছলামে “অ’ মোৰ মলুৱাৰে…” গোৱা এটা ভিডিঅ’। পাছত, বহু পাছত জানিলোঁ এখন চিনেমাৰ কাম চলি থকা সময়ত, চিনেমা খনৰ সংগীত পৰিচালক তৰালি শৰ্মাই মোবাইলত ধৰি ৰখা “ভিডিঅ'”। চিনেমা খনৰ নাম: “the woodcutter”। অসমীয়া চিনেমা, ইংৰাজী নাম।
প্ৰকাশ ডেকাৰ পৰিচালনা। “ফায়াৰফ্লাইছ-জোনাকী পৰুৱা”ৰ (তৃতীয় লিংগ কেন্দ্ৰিক উত্তৰপূৱ ভাৰতৰ প্ৰথমখন চিনেমা।) পৰিচিলক গৰাকীৰ পৰিচালনা, চিনেচিন্তা। নাট্যকৰ্মী, বলিউডৰ বাটতো সফল খোজ দিয়া আভিনেতা বাহাৰুল ইছলামে চিনেমা খনত এগৰাকী লোক সংগীতৰ শিল্পীৰ চৰিত্ৰত অভিনয় কৰিছে। চিনেমা খনৰ ট্ৰেইলাৰ মুকলি হৈছে কান চলচ্চিত্ৰ মহোৎসৱত, যোৱা ২১মে’ তাৰিখে। পাছত সামাজিক মাধ্যমত ট্ৰেইলাৰটো চাই অনুভৱ কৰিছোঁ– এগৰাকী লোক সংগীতৰ শিল্পীৰ জীৱন, লোক সংগীত (সম্ভৱতঃ) চিনেমা খনৰ বিষয় বস্তু। বাহাৰুল ইছলামে অভিনয় কৰা চৰিত্ৰটোক কেন্দ্ৰ কৰি কাহিনী আগবাঢ়িব, কাহিনীয়ে বিষয় বস্তু কঢ়িয়াই নিব! ট্ৰেইলাৰটোৱে আমাক চিনেমা খনৰ প্ৰতি আগ্ৰহ বঢ়াইছে।

|| the woodcutter, হনুমানৰ সাধু, কলাজ || --উৎপল মেনা 6–চিনেমা খনৰ প্ৰযোজনা ড° জে ভি মনীষা বাজাজ আৰু তাৰ্চেম আণ্টিলৰ। ছাউণ্ড ডিজাইন অমৃত প্ৰীতম আৰু দেৱজিৎ চাংহাইৰ। বাহাৰুল ইছলামৰ লগতে অভিনয় কৰিছে শৰ্মিষ্ঠা চক্ৰৱৰ্তী, প্ৰতিভা চৌধুৰী প্ৰজ্বালিকা আদিয়ে।
আন এখন অসমীয়া চিনেমা, আমি আগ্ৰহেৰে আপেক্ষাত থকা– “হনুমানৰ সাধু”। প্ৰবীণ হাজৰিকাৰ পৰিচালনা। “শৃংখল” (The Quiver)-ৰ পাছত দ্বিতীয় পৰিচালনা (feature cinema)। জেউতি প্ৰডাকচনচৰ বেনাৰত প্ৰযোজনা কৰিছে মৃণালবিনে। এই হাস্যব্যংগ চিনেমা খনৰ কাহিনী পবিত্ৰ কুমাৰ ডেকাৰ। সংগীত মানস হাজৰিকাৰ।

|| the woodcutter, হনুমানৰ সাধু, কলাজ || --উৎপল মেনা 7আৰু এখন অসমীয়া চিনেমা– “কলাজ”। অমৰদীপ গগৈৰ চিত্ৰনাট্য-পৰিচালনা। চিনেমা খনৰ কাহিনীলৈ আহিব– “অসমৰ ৭০-৮০ দশকত চলা অৰাজক অৱস্থা”, অসম কেন্দ্ৰিক নক্সাল- আলফা প্ৰসংগ ইত্যাদি। সেই “অ-সময়”ত অসমৰ সাধাৰণ জনতা সোমাই পৰা সমস্যাৰ খণ্ডিত চিত্ৰই চিনেমা খনৰ কাহিনীক গতি দিব!

|| the woodcutter, হনুমানৰ সাধু, কলাজ || --উৎপল মেনা 8–চিনেমা খনৰ কাহিনী আৰু প্ৰযোজনা সুমিত্ৰা হাজৰিকাৰ। চিত্ৰগ্ৰহণ নাহিদ আহমেদৰ। চৰিত্ৰ নিৰ্মাণ কৰিছে কুল কুলদীপ, ৰাজীব কলিতা, দীপজ্যোতি কাকতি, মেঘালী কলিতা, দীপক তাঁতী , অপু অপূৰ্ব বৰ্মন, ৰাজু ৰয়, অন্তৰা জি জি চৌধুৰী, বিদ্যা ভাৰতী, কৃষ্ণা কল্যাণী, কাব্যশ্ৰী হাজৰিকা, লক্ষ্যজিত বৰুৱা, বিনোদ লাল দাস, বিশ্বজিৎ বৰাৰ আদিক লৈ। সংগীতৰ সৌৰভ মহন্তৰ। শব্দ দেৱজিত গায়নৰ।

 

]]>
https://rupaliparda.com/archives/30284/feed 0 30284
।।বাহাৰুল ইছলাম: বিশাল ভৰদ্বাজৰ চিনেকৰ্মত।।– উৎপল মেনা https://rupaliparda.com/archives/29520 https://rupaliparda.com/archives/29520#respond Wed, 21 Jun 2023 06:10:21 +0000 https://rupaliparda.com/?p=29520 বাহাৰুল ইছলাম –চিনেমাৰ সাধাৰণ অভিনেতা! তেতিয়া, “সূৰুয” (১৯৮৫), “পিতাপুত্ৰ” (১৯৮৮) চিত্ৰগৃহলৈ অহা সময়ত।(তেতিয়াও কিন্তু অসাধাৰণ নাট্যকৰ্মী। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ছাত্ৰ, ১৯৮৭-১৯৯০ চনৰ সময় চোৱাত।)

বাহাৰুল ইছলাম

ইয়াৰ মাজতে চিনেমাৰ দৰ্শকৰ চকুত পৰে “সংকল্প” (১৯৮৬)-ত। কিন্তু অভিনয় শক্তি (cine acting power) চিনেমাত দেখুৱাবলৈ অপেক্ষা কৰিব লগা হ’ল ২০২১ (চিনেমা: গৰু) লৈ। পৰিচালক হিমাংশু প্ৰসাদ দাসে বাহাৰুল ইছলামক লৈ নিৰ্মাণ কৰা চৰিত্ৰটো “চিনেমা অভিনয়ৰ পাঠ” হ’ব পাৰে, চিনেমাৰ শিক্ষাৰ্থীৰ বাবে।

বাহাৰুল ইছলাম

সেই তাহানিতে জ্যোতি প্ৰসাদ আগৰৱালাই চিনেমাৰ (জ্যোতি প্ৰসাদ আগৰৱালাই বোলছবি, কথাছবি, ছাঁয়াছবি শব্দ তিনিটা ব্যৱহাৰ কৰিছিল।) বাস্তৱ অভিনয় (real acting) -ৰ কথা কৈছিল; আৰু বাস্তৱ অভিনয়কে cinematic acting বুলি কোৱা হৈছিল, আজিও কোৱা হয়। এতিয়া আমি এনেদৰে ক’ব পাৰো– অসমীয়া চিনেমাৰ cinematic acting -ৰ এটা উদাহৰণ– “গৰু”ত কৰা বাহাৰুল ইছলামৰ অভিনয়। ইয়াৰ মাজতে typical villain -ৰ চৰিত্ৰত (চিনেমা: ৰক্তবীজ/ ২০১৮) আৰু “কানীন” (২০১৯), “সমীৰণ বৰুৱা আহি আছে” (২০১২), “বাৰুদ” (২০০৪) আদি চিনেমাত অভিনয় কৰিছে “চৰিত্ৰ”ই বিচৰা ধৰণে। ইয়াৰ মাজতে নাট্যকৰ্মৰ লগতে চিনেমা পৰিচালনাও কৰিছে: আছেনে কোনোবা হিয়াত, ৰ’দৰ চিঠি, দ্য ছেভেন্থ ষ্ট্ৰীং।

।।বাহাৰুল ইছলাম: বিশাল ভৰদ্বাজৰ চিনেকৰ্মত।।-- উৎপল মেনা 9

–এইবোৰ নতুন খবৰ নহয়, নতুন খবৰ: বলীউডৰো কেইবাখনো চিনেমাত অভিনয় কৰা বাহাৰুল ইছলামে বিশাল ভৰদ্বাজৰ দৰে “বিশাল চিনে শক্তি”ৰ সৈতে কাম কৰি আছে। “হায়দৰ”, “ওমকাৰা”, “কমিনে”, “মকবুল”, “৭ খুন মাফ”, “ৰঙ্গুন”, “মাতৰু কি বিজলী কা মান্দোলা”ৰ পৰিচালক গৰাকীৰ শেহতীয়া চিনেকৰ্ম “চাৰ্লি চোপ্ৰা এণ্ড দ্য মিষ্ট্ৰী অৱ ছ’লাং ভেলী” (Charlie Chopra & The Mystery Of Solang Valley)-ত। আগাথা ক্ৰীষ্টিৰ উপন্যাস “The Sittaford Mystery”ৰ আধাৰত ৰচনা কৰিছে চিত্ৰনাট্য। উইলিয়াম শ্বেইকছপীয়েৰ নাটকৰ পাছত আগাথা ক্ৰীষ্টিৰ উপন্যাসৰ চিনেকৰ্ম! নিসন্দেহে হ’ব বিশাল ভৰদ্বাজৰ আন এক চমক।


–এই খন অৱশ্যে চিনেমা নহয়, OTT প্লেটফৰ্ম Sony LIV -ৰ বাবে নিৰ্মাণ কৰা ধাৰাবাহিকহে। ধাৰাবাহিকখনত ৱামিকা গাব্বি, প্ৰিয়ংশু পাইন্যুলি, নাছিৰুদ্দিন শ্বাহ , নীনা গুপ্তা, ৰত্না পাঠক শ্বাহ, গুলশ্বান গ্ৰভাৰ, লাৰা দত্ত, চন্দন ৰয় সানয়াল, পাওলি বান্ধ আদিৰ সৈতে বাহাৰুল ইছলামে অভিনয় কৰিছে।

বাহাৰুল ইছলাম

এই অভিনেতা-অভিনেত্ৰীৰ ভিৰৰ মাজত বাহাৰুল ইছলামে বা গুলশ্বান গ্ৰভাৰ আদিয়েও কিমান দৈৰ্ঘত অভিনয় কৰাৰ সুযোগ পায় সেয়া অন্য প্ৰসংগ। গুৰুত্ব পূৰ্ণ কথাটো হ’ল– বিশাল ভৰদ্বাজৰ পৰিচালনাত কাম কৰাৰ যে সুযোগ পাইছে, সেইটোহে। বিশালৰ পৰিচালনাত অভিনয় শিল্পীৰ অভিনয় ক্ষমতা প্ৰদৰ্শনৰ সুযোগ থাকে। বিশাল ভৰদ্বাজৰ শেহতীয়া চিনেমা: ফুৰসাত, খুফিয়া।

]]>
https://rupaliparda.com/archives/29520/feed 0 29520