Rupaliparda.com
বৈধ-অবৈধ ৰ যুদ্ধৰে "কানীন"- 1

বৈধ-অবৈধ ৰ যুদ্ধৰে “কানীন”-

মানৱীয় সম্পৰ্ক আৰু সামাজিক ন্যায় সম্বলিত এখন নাৰীকেন্দ্ৰিক চিনেমা -“কানীন”। শিৱম ক্ৰিয়েচনৰ বেনাৰত নিৰ্মিত ছবিখনৰ মূল ভাগ লোৱা হৈছিল ড° ৰীতা চৌধুৰীৰ উপন্যাস “ৰাজীৱ ইশ্বৰ” ৰ পৰা।

বৈধ-অবৈধ ৰ যুদ্ধৰে "কানীন"- 2


গতানুগতিক প্ৰেম-কাহিনী অথবা একচন-কমেডী সমৃদ্ধ কাহিনীৰ পৰা ফালৰি কাটি “কানীন” -এ মুক্তি লাভ কৰিছিল চলিত বৰ্ষৰ ২২ মাৰ্চ তাৰিখে। “কানীন” মানেই হৈছে অবিবাহিত কন্যাৰ সন্তান। চিনেমাখনতো এগৰাকী মাতৃৰ বৈধ-অবৈধৰ মাজৰ যুদ্ধৰ লগতে নিজ অন্তঃযুদ্ধৰ চিত্ৰও উপস্থাপন কৰা হৈছে। তথাকথিত সমাজৰ কিছু ব্যৱস্থাই একোটা নিষ্পাপ কানীনৰ জন্মতে কেনেকৈ হত্যা কৰিব পাৰে তাকো প্ৰতিফলিত কৰা হৈছে উক্ত চিনেমাখনৰ মাজেৰে। শেষত, চিনেমাখনৰ কাহিনী ভাগক দৰ্শকৰ মনত আওঁৰাবলৈ অৱকাশ দিছে “অন্তৰীণ” ৰ পৰিচালক মঞ্জুল বৰুৱাই।

বৈধ-অবৈধ ৰ যুদ্ধৰে "কানীন"- 3


চিনেমাখনত অভিনয় কৰিছে ড° জাহনাৰা বেগম, বাহাৰুল ইছলাম, পূৰ্ণিমা শইকীয়া,পাৰ্থ হাজৰিকা, তপন কুমাৰ বেনাৰ্জী, কাসৱী শৰ্মা, ধনঞ্জয় দেৱনাথ, ৰাহুল গৌতম শৰ্মা, প্ৰাণকৃষ্ণ মহন্ত, জলী ভট্টাচাৰ্য্য, মিণ্টু বৰুৱা পপী কাকতি। সংগীতত কণ্ঠদান কৰিছে তৰালী শৰ্মাই। চাউণ্ড ডিজাইনৰ কাম কৰিছিল অমৃত প্ৰীতম দত্তই লগতে চিনেমাখনৰ ভি.এফ.এক্স প্ৰীয়ম চক্ৰৱৰ্তীৰ।

বৈধ-অবৈধ ৰ যুদ্ধৰে "কানীন"- 4


“কানীন”-এ দৰ্শকৰ সুন্দৰ ৰিভিউ লাভ কৰাৰ লগতে গুৱাহাটী ইণ্টাৰনেছনেল ফিল্ম ফেষ্টিভেল ২০১৮ ত “চেকেণ্ড বেষ্ট ফিছাৰ ফিল্ম অৱ নৰ্থ ইষ্ট” ৰ বঁটা লাভ কৰে। ছবিখনৰ শ্বুটিং সম্পন্ন হৈছিল তেজপুৰ আৰু গুৱাহাটীৰ পাণ্ডু, বেলতলা আৰু মালিগাওঁ অঞ্চলত।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.