অপেক্ষাৰ সাম কাটি চলিত মাহৰ ১৫ আগষ্ট তাৰিখে দৰ্শকৰ মাজত মুক্তি পাইছিল “সেক্ৰেড গেমচ” ৰ দ্বিতীয়টো সংকৰণ। আকস্মিকতা আৰু থ্ৰীলাৰযুক্ত এই সংস্কৰণটোত অভিনয় কৰিছে নৱাজুদ্দিন চিদ্দিকী,ছেইফ আলি খান, পংকজ ত্ৰিপাঠীৰ লগতে কালকী আৰু ৰণৱীৰ শোৰেকে।

এই “সেক্ৰেড গেমছ” ৰ বিষয়ে জানো আহক কেইটিমান নজনা কথা-
১. বিক্ৰম চন্দ্ৰাৰ উপন্যাসৰ ওপৰত আধাৰিত এই চিৰিজখনক লিখিবলৈ সময় লাগিছিল প্ৰায় এবছৰ। বৰুণ গ্ৰ’ভাৰ, স্মিতা সিং আৰু বসন্ত নাথে ইয়াৰ স্ক্ৰিপ্ট প্ৰস্তুত কৰিছিল যদিও ইয়াক “সৰু তথা দৰ্শকৰ বাবে সহজ” কৰি উলিয়াই স্মিতা নেইৰ আৰু মন্ত্ৰা ৱাটছাই।

২. সেক্ৰেড গেমছ হৈছে প্ৰথমখন এনেকুৱা নেটফ্লিক্স চিৰিজ যাক কেইবাখনো দেশৰ লোকে উপভোগ কৰে।

৩.”সেক্ৰেড গেমছ” ৰ প্ৰত্যেকটো চিকুৱেণ্স,লগ’ আৰু টাইটেল ডিজাইন কৰিছে গ্ৰাফিক ডিজাইনাৰ অনিৰুদ্ধ মেহতা আৰু মুম্বাই বেছড মছন লেৱ প্লেক্সাছে। এই চিৰিজখনৰ ডিজাইন সমূহ “হিন্দু পুৰাণ” ৰ পৰা তুলি লোৱা হৈছে।

৪. উক্ত চিৰিজখন শ্বুট কৰা হৈছিল মুঠ ১৫০ টা দিনত। মটৱানীয়ে চিৰিজখনৰ শ্বুটিং আৰম্ভ কৰিছিল ২০১৭ চনত আৰু তাৰ পিছত ২০১৮ চনৰ জানুৱাৰী অনুৰাগ কাশ্যপে তেওঁক জইন কৰিছিল।
Add comment