Rupaliparda.com
Dr. Bhabendra_Nath_Saikia

|| ৰাফ cut : ড° ভবেন্দ্রনাথ শইকীয়াৰ সাংস্কৃতিক কেন্দ্ৰ… ||–উৎপল মেনা

সাংস্কৃতিক পৰিক্ৰমা বিভাগ, অসম । ১৯৮৭ চনত স্থাপিত অসম চৰকাৰৰ স্বতন্ত্ৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ । — এই বিভাগটোৰ কাম ? অসমৰ সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰসাৰৰ স্বাৰ্থত কাম কৰা । বৰ্তমান সাংস্কৃতিক সঞ্চালকালয়, সংগ্ৰহালয় সঞ্চলকালয়, পুৰাতাত্বিক সঞ্চলকালয়, পুথিভঁৰাল সঞ্চালকালয়, জ্যোতি চিত্ৰবন ছোচাইটি, অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত আৰু শ্ৰীমন্ত শংকৰদেৱ ছোচাইটিয় এই বিভাগটোৰ হৈ কাম কৰি আছে । কৰি আছে বুলি কোৱা হয় । আমাৰ প্ৰশ্ন — এই বিভাগ কেইটাৰ দ্বাৰা নৃগোষ্ঠীয় , সংগীত, নৃত্য, নাটক, চিনেমা ইত্যাদিৰ উত্তৰণ – সংৰক্ষনৰ কাম যিমান হোৱা উচিৎ , হব লাগে , হয় নে ? — হৈছে নে ?

আমাৰ প্ৰশ্ন যদি চিনেমা কেন্দ্ৰিক হয় ! অসম ৰাজ্যিক চলচ্চিত্ৰ ( বিত্ত আৰু উন্নয়ন ) নিগমে ব্যবসায়িক দিশত অসফল কেইখন মান অসমীয়া চিনেমা নিৰ্মাণ বা নিৰ্মাণত নিশ্চয় সহায় কৰিছে ! ‘ স্থানীয় বজাৰত অসফল এই চিনেমা কেইখনৰ দেশ – বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত গুৰুত্ব বা স্থান কি বুলি প্ৰশ্ন কৰিলেও উৎসাহ অনুভৱ কৰিব নোৱাৰা উত্তৰহে পোৱা যাব । এটা দিশ আমি আনুভৱ কৰি আহিছো — ৰাজ্যিক চলচ্চিত্ৰ ( বিত্ত আৰু উন্নয়ন ) নিগমে নিৰ্মাণ কৰা ( নিষিদ্ধ নদী , বান্ধোন , সাত নম্বৰৰ সন্ধানত ) আৰু সহঃ প্ৰযোজকৰ সৈতে নিৰ্মাণ কৰা ( পানী , টি আৰ পি আৰু … , ৰাগ , দিখৌ বনত পলাশ , শৃংখল , তুমি আহিবা নে , সোণাৰ বৰণ পাখি ) চিনেমা কেইখনৰ ‘ বজাৰ ব্যবস্থা ‘ ( স্থানীয় বজাৰ , মহোৎসৱ বজাৰ ) সু পৰিকল্পিত নহয় । ফলত স্বভিবিকতে মনলৈ প্ৰশ্ন আহে — ‘ৰাইজৰ টকা’ৰে এই চিনেমা কেইখন নিৰ্মাণ কৰা হ’ল কিয় ? ( ‘ৰাইজৰ টকা’ৰে নিৰ্মাণ হোৱা চিনেমা কেইখন ‘ৰাইজ ‘ৰ ওচৰলৈ নযোৱটো নিঃসন্দেহে পৰিতাপৰ বিষয় । — ‘ৰাইজ’ৰ ওচৰলৈ নিব কেনেকৈ ! এয়াও এক প্ৰশ্ন । — এই শিতানত পূৰ্বে লিখিছিলো ‘ গ্ৰাম্য চলচ্চিত্ৰ উৎসৱ ‘ৰে নিব পৰা যায় । )

এই খিনিতে মনলৈ আহিছে ড° ভবেন্দ্ৰ নাথ শইকীয়াই আমাৰ ( নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰ , সাংবাদিক অনুপম চক্ৰৱৰ্তী আৰু মোৰ । আজি কায়িক ভাবে ছাৰ নাই , আমাৰ মাজত নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰো নাই , কথা খিনিৰ গুৰুত্ব নিশ্চয় আছে । ) প্ৰশ্নৰ উত্তৰত কোৱা মিনি চিত্ৰগৃহ কেন্দ্ৰীক কথা । শইকীয়া ছাৰে কৈছিল — ” আজি বহু বজৰ ধৰি এটা কথা মই কৈ আছোঁ — আমাক এশটা চিনেমা হল লাগে । এই সৰু চিনেমা হল কেইটা তিনিশমান মানুহ বহিব পৰা হ’লেই হ’ব । আজি ডাঙৰ চিনেমা হল এটাত য’ত বাৰশ মানুহ বহে তাত তিনিশমান মানুহ বহিলে পিছদিনা মালিকে মানুহ নাই বুলি কৈ চিনেমা খন তুলি দিব খোজে । সেই তিনিশ আশন থকা হলটোত যেতিয়া দুশ মানুহো বহি থাকে তেতিয়া দেখাত কিন্তু পূৰ্ণ যেনেই লাগিব । গতিকে বিভিন্ন ঠাইত এশ সৰু সৰু চিনেমা হল লাগে আৰু এনে এটা বন্দবস্ত হ’ব লাগে তেওলোকে অসমীয়া ছবি দেখুৱাবই লাগিব । আৰু এই চিনেমা হলবোৰ কমিটিয়ে সকলো ঠাইতে একে আৰ্হিত গঢ়ি তুলিব লাগিব । এই চিনেমা হলবোৰ বজাৰৰ দৰে নহৈ মন্দিৰৰ দৰেওতো হব পাৰে — তাত লাইব্ৰেৰী এটাও থাকিব পাৰে ! সাহিত্য সভাৰ মিটিং হ’ব পাৰে ! টাউন কমিটিৰ মিটিং এখনো হব পাৰে ! মুঠতে এটা সাংস্কৃতিক কেন্দ্ৰ হিচাপে এই ছবিঘৰ বোৰ হব লাগে । … ইয়াৰ পৰা চৰকাৰৰ ৰাজহো আহিব । মই ক’লো নহয় — তোমালোকে পুৱা সাহিত্য সভাৰ বাবে ছবিঘৰটো ভাৰা দিয়া , আবেলি সময়ত ছবি দেখুওৱা ।… সমস্যাটো তেনেধৰণে শেষ কৰিবলৈ চেষ্টা কৰিব লাগে । ” — সেই বিশেষ দিনটোত ছাৰে আমাক কৈছিল , ছাৰে কোৱা ধৰণে সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ আগ্ৰহত ” ব্লু – প্ৰিণ্ট ” এখন সাজু কৰি দিছিল , নিৰ্দিষ্ট বিভাগটোক । হয়তো এতিয়াও সেই ” ব্লু – প্ৰিণ্ট ” খন নিৰ্দিষ্ট বিভাগটোৰ ফাইলৰ চেপাত পৰি আছে । যদি বৰ্তমানৰ সাংস্কৃতিক মন্ত্রী বিমল বৰাই ” ব্লু – প্ৰিণ্ট ” খন উদ্ধাৰ কৰি মিনি চিত্ৰগৃহ প্ৰসঙ্গত চিন্তা ড° ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ দৰে কৰে নিশ্চয় সু-ফল পোৱা যাব । — উল্লেখ কৰা ‘ৰাইজ’ৰ টকাৰে নিৰ্মাণ কৰা চিনমাও ‘ ৰাইজ’ৰ মাজলৈ নিয়াত সহজ হব ড° ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ দৰে মিনি চিত্ৰগৃহৰ চিন্তা কৰিলে । আহিছো ৰাজ্যিক চলচ্চিত্ৰ ( বিত্ত আৰু উন্নয়ন ) নিগমৰ ” চিনেমা নিৰ্মিণ ” প্ৰসঙ্গলৈ । বিভাগটোই আজিলৈক শ্ৰীমন্ত শংকৰ দেৱ , জ্যোতি প্ৰসাদ আগৰৱালা , ভূপেন হাজৰিকা কেন্দ্ৰীক চিনেমা নিৰ্মাণৰ কথা কিয় ভবা নাই ? মাৰাঠী চিনেমা ” Harishchandrachi Factory ” (২০০৯ ) ৰ দৰে অসমীয়া ( জ্যোতি প্ৰসাদ আগৰৱালা , প্ৰথম খন অসমীয়া চিনেমাৰ জন্ম যন্ত্ৰনা কেন্দ্ৰীক ) চিনেমা এখন নিৰ্মাণ কৰিব নোৱাৰাৰ কোনো কাৰণ নাই ! — এয়া প্ৰথম কথা । দ্বিতীয় কথা , ৰাজ্যিক চলচ্চিত্ৰ ( বিত্ত আৰু উন্নয়ন ) নিগমে ভাল চিনেমা পৰিচালনাৰ ধাৰাবাহিকতা ৰক্ষা কৰি অহা এই প্ৰজন্মৰ পৰিচালকক গুৰুত্ব দিয়ক । তৃতীয় কথা , ‘ ভাল চিনেমা ‘ নিৰ্মণৰ বাবে সহায় কৰাতকৈ , ভাল চিনেমা নিৰ্মাণ কৰা সকলক আৰ্থিক সহায়েৰে উৎসাহ দিয়ক ।

সমস্যা — চিনেচৰ্চা । বিশুদ্ধ চিনেচৰ্চা । সত্যজিৎ ৰায়ৰ ‘ পথেৰ পাঁচালী ‘ৰ পিছৰ সময় ছোৱাতে বিভাজন স্পষ্ট হয় ভাৰতীয় চিনেমাৰ । ভুল চিনেচৰ্চাৰ বাবে এক ধাৰণাৰ নিৰ্মাণ হয় — গীতৰ ফেণ্টাচি চিত্ৰায়ণ ব্যৱহাৰ নহোৱা , ছাঁ – পোহৰৰ চলমান চিত্ৰয়ে ‘ আৰ্ট ফিল্ম ‘। আৰু গীত – নৃত্য ব্যৱহাৰ কৰি গল্প কোৱা চলমান চিত্ৰয়ে — ‘
কমাৰ্চিয়েল ফিল্ম ‘ ।
আর্ট ফিল্ম ‘ নো কি ? — কোনো কোনোৱে আৰু ক’ব খোজে , যি চিনেমাত সৃষ্টিশীলতাৰ আনন্দ অনুভৱৰ অৱকাশ , কেৱল চিনেশিল্পৰ সৌন্দৰ্য পানৰ অৱকাশ থাকে। আৰু কোৱা হয় পৰিচালকে নিজেৰ ভাবনাক , চিনেচিন্তাক প্রাণ দিয়াৰ স্বাৰ্থত যি চিনেমা ৰচনা কৰা হয় , বজাৰ চিন্তা শূণ্য , কেৱল শিল্প চিন্তাৰ গুৰুত্ব স্পষ্ট , সেয়াই ‘ আৰ্ট ফিল্ম ‘ ।
‘ আৰ্ট ফিল্ম ‘ ধাৰণা নাছিল ; কিন্তু ভাৰতত আৰম্ভ হৈছিল ১৯২০ – ১৯৩০ ৰ দশকত। কোৱা হয় এই শৈলী বাবুৰাও পেইণ্টাৰৰ নিৰ্বাক চলমান ছবি Savkari Pash (Indian Shylock) দেখা যায় । চিনেমা খনৰ গল্পত আছে ( মই চোৱাৰ সুযোগ পোৱা নাই । ‘ইণ্ডিয়ান চিনেমা ‘ত পঢ়িছিলো । ) — এজন দৰিদ্ৰ কৃষকৰ মন – মগজু ছুই যোৱা ছবি । লুভীয়া জমিদাৰ এজনৰ হাতত নিজৰ মাটি হেৰুৱাই । — কি কৰিব ? কামৰ সন্ধানত চহৰলৈ যোৱাৰ বাহিৰে অন্য উপাই নাছিল । কৃষিকৰ্ম বাদ দি কল-শ্রমিক হিসাবে কাম কৰিবলৈ বাধ্য হয় । চিনে আলোচক সকলৰ লেখাত পোৱা যায় — চিনেমা খনত শিল্পলৈ ৰূপান্তৰ হোৱাকেইবাটাও শ্বট আছে , যি কেইটাক ভাৰতীয় চিনেমাৰ টাৰ্ণিং পইণ্ট বুলি কোৱা হয় । উদাহৰণ : মিড শ্বটত এটা জুপুৰি, কাষত এটা বলীয়া কুকুৰ । — ৮০ মিনিত দৈৰ্ঘৰ Savkari Pash চিত্ৰগৃহলৈ আহিছিল ১৯২৫ চনত । আৰু এই ধাৰাই গতি লৈছিল চল্লিছ দশকৰ শেষ ভাগৰ পৰা ১৯৬৫ চনৰ সময় ছোৱাত । আগবঢ়াই নিছিল গুৰু দত্ত, ভি. চন্তৰাম , তপন সিংহ , খাৱাজা আহমেড আৱাজ, বুদ্ধদেৱ দাসগুপ্ত, চেতন আনন্দ, মৃণাল সেন, ঋত্বিক ঘটক আদিৰ লগতে সত্যজিৎ ৰায়ে । আৰু ধাৰাটোক ‘ বিশ্ব চিনেমা ‘ পৰ্যায়লৈ নি বিশুদ্ধ চিনেমালৈ ৰূপান্তৰ কৰি প্ৰতিস্থা কৰিছিল । এই সময় ছোৱাত আৰু পৰৱৰ্তী সময় ছোৱাত গল্প – উপন্যাসক ৰূপালী গল্গলৈ ৰূপান্তৰ কৰাত গুৰুত্ব এই ধাৰাৰ একাংশ পৰিচালকে । সত্যজিৎ ৰায়ৰ লগতে এই ধাৰাটো মজবুট কৰে শ্যম বেনেগাল, মনি কৌল, ৰাজিন্দৰ সিং বেদী, কন্তিলাল ৰাথোড় আৰু চৈয়দ আখটাৰ মিৰ্জা , আদুৰ গোপালকৃষ্ণন, কে. পি. কুমাৰন, জি অৰবিন্দন, জন আব্ৰাহাম, পদ্মৰাজন, ভাৰথান, টি. বি. চন্দ্ৰত , ছাজি এন. কৰণ , আৰিবাম শ্যাম শৰ্মা আদিয়ে ।
— ১৯৬৫ – ১৯৯০ চনৰ সময় ছোৱাত ‘ আৰ্ট ফিল্ম ‘ ধাৰণাটো ইমানেই স্পষ্ট হৈছিল যে অভিনেতা – অভিনেত্ৰীকো ছুইছিল । শাবানা আজমী, স্মিতা পাটিল, অমল পালেকাৰ, ওম পুৰী, নাছিৰুদ্দিন শ্বাহ, কুলভূষণ খাৰবান্দা, পংকজ কাপুৰ, দীপ্তি নাভাল, ফাৰুক শ্বেইখ আদিক কোৱা হৈছিল ‘ আৰ্ট ফিল্ম ‘ৰ অভিনয় শিল্পী । নাছিৰুদ্দিন – শাবানাক কোৱা হৈছিল এই ধাৰাৰ সফল আৰু জনপ্ৰিয় যুটী । — এই ‘ আৰ্ট ফিল্ম ‘ ধাৰণাটোৱে তেতিয়াৰ পৰা এতিয়ালৈ ‘ স্থানীয় বজাৰ ‘ ত চিনেমাৰ ক্ষতি কৰি আছে । অসমীয়া চিনেমাৰো ক্ষতি কৰিছে ।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform