Rupaliparda.com
God on the Balcony

|| আৰু এটা ভাল খবৰ : বেলকনিত ভগৱান ||– উৎপল মেনা

আৰু এটা ভাল খবৰ , ‘বেলকনিত ভগৱান’ কেন্দ্ৰীক। ভাৰতৰ ৪০খনৰো অধিক চিনেমাৰ মাজৰ পৰা ‘বেলকনিত ভগৱান’ নিৰ্বাচিত হৈছে 12th Indian Film Festival of Melbourne লৈ। ‘Ludo’ ( directed by Anurag Basu), ‘Sherni ‘ (directed by Amit Masukar ) Soorarai Pottru (Tamil / directed by Sudha Kongara ) আদি চিনেমাৰ লগতে বিশ্বজিত বৰাৰ পৰিচালনাৰে নিৰ্মিত এই অসমীয়া চিনেমা খনেও তিনিটা শাখাত ( শ্ৰেষ্ঠ চিনেমা , শ্ৰেষ্ঠ পৰিচালক , শ্ৰেষ্ঠ অভিনেতা ) মনোনয়ন লাভ কৰিছে। এই খবৰে স্বাভাবিকতে উৎসাহিত কৰিছে নিৰ্মাতা নুৰুল চুলতানক। ‘জেতুকা পাতৰ দৰে’ ( পৰিচালনা : যদুমণি দত্ত Jadumoni Dutta ) চিনেমা খনৰ বাবে শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (National Film Awards) লাভ কৰা নিৰ্মাতা গৰাকীয়ে কয় — ‘আমাৰ দৰে প্ৰযোজকৰ বাবে এয়া আশাৰ বাট। এনে খবৰে আমাক আৰু চিনেমাৰ কাম কৰাৰ বাবে উৎসাহ দিয়ে। আমি যি আশাৰ বাট দেখিছো , সেই বাটেৰে আগবাঢ়িবলৈ , অসমীয়া চিনেমাক আগবঢ়াই নিবলৈ চেষ্টা কৰিম।’

২৬ তম কলকাতা চলচ্চিত্ৰ মহোৎসৱত পৰিচালকৰ ‘গ’ল্ডেন ৰ’য়েল বেংগল টাইগাৰ’ বঁটা , লণ্ডনত অনুষ্ঠিত ৰেইনবো চলচ্চিত্ৰ মহোৎসৱত ‘বিশেষ সন্মান’ , ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা , জাৰ্মানীৰ ষ্টুটগাৰ্ট চলচ্চিত্ৰ মহোৎসৱত স্কুল অৱ দ্য ইয়েৰ , নিউয়ৰ্ক চলচ্চিত্ৰ মহোৎসৱত হৰিশ খান্নাই শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আৰু পৰিনান্ধি জিমা চুলতানাই শ্ৰেষ্ঠ শিশুশিল্পীৰ বঁটা, ব্ৰাজিলত অনুষ্ঠিত হোৱা লাছা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো নেৰেটিভ শাখাত অনাৰেবল মেনচন এৱাৰ্ড লাভ কৰা চিনেমা খনে 12th Indian Film Festival of Melbourne বঁটা লাভ কৰিব নে? — অহা ১২ৰ পৰা ২১ আগষ্টলৈ অনুষ্ঠিত হ’ব লগিয়া এই ৯ দিনীয়া চলচ্চিত্র মহোৎসৱত ‘বেলকনিত ভগৱান’ ৰ গুৰুত্ব – স্থানক কেন্দ্ৰ কৰি ইতিমধ্যে চৰ্চা হৈছে ।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform