Rupaliparda.com
"আমি তেতিয়ালৈ কাৰোবাৰ গুৰুত্ব বুজি নাপাও, যেতিয়ালৈকে তেওঁ আমাৰ পৰা আঁতৰি নাযায়"- "The Radio Guy" 1

“আমি তেতিয়ালৈ কাৰোবাৰ গুৰুত্ব বুজি নাপাও, যেতিয়ালৈকে তেওঁ আমাৰ পৰা আঁতৰি নাযায়”- “The Radio Guy”

“ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি”, যদিও এক ফঁকৰা-যোজনা তথাপিও ই বাস্তৱ জীৱনৰ সৈতে খাপ খোৱা। আমি ভাবি থকা কথাবোৰে কেতিয়াবা পূৰ্ণতা লাভ নকৰিবও পাৰে, এনে কথাবোৰে আমাক কেতিয়াবা হতাশাৰ মাজলৈ টানি নিয়ে। দায়িত্বই কেতিয়াবা আমাৰ সপোনবোৰৰ মাজত বাধা হৈ থিয় দিয়ে। কিন্তু তাৰ পিছতো একাংশই দৃঢ়প্ৰতিজ্ঞা আৰু একাগ্ৰতাৰে নিজ বাস্তৱ জীৱনত অহোপুৰুষাৰ্থ কৰে। প্ৰায় সংখ্যক লোকে আমাক আগবাঢ়ি যোৱাত সঁহাৰি জনায় লগতে সাহস দিয়ে। আমাৰ প্ৰত্যেকৰে জীৱনটো একোখন নাটকৰ দৰেই, য’ত পুৱাৰ প্ৰথমটো কিৰণত চুমুক দিয়েই নাটকৰ প্ৰথমটো দৰ্শনীৰ বাবে প্ৰস্তুত হ’ব লাগে। কেতিয়াবা হাঁহিয়েই ভাল নলগা কথাত হয়ভৰ দিবলগীয়া হয়। জীৱনটো খুব কঠিন অথচ ভাবিলে একোৱেই নাই। শেহতীয়াকৈ এই জীৱনটোৰেই কিছু ইতিবাচক-নেতিবাচক কথাসমূহক লৈ কাদম্বৰী ক্ৰিয়েচনৰ বেনাৰত মুক্তি লাভ কৰিছে এখন চুটি ছবি “The Radio Guy”। অসমীয়া জনপ্ৰিয় চুটি ছবিৰ তালিকাখনত এদিনতেই অন্তৰ্ভূক্তি লাভ কৰিবলৈ সক্ষম হৈছে এই চুটি ছবিখনেও, জনসাধাৰণক সংযোগ কৰিব পৰাকৈ একোখন চুটি ছবিক নিৰ্মাণ কৰি উলিওৱাৰ ক্ষেত্ৰত কাদম্বৰী ক্ৰিয়েচনৰ নাম অন্যতম। অৱশ্যে, আমি এইখিনিতে এটা কথা উল্লেখ কৰিবই লাগিব যে সদ্যমুক্তিপ্ৰাপ্ত এই চুটি ছবিখন তেওঁলোকৰ বিগত দিনত মুক্তিপ্ৰাপ্ত চুটি ছবি সমূহতকৈ কিছু ব্যতিক্ৰম আৰু নতুন। কিয়নো, “The Radio Guy” ত আছে জীৱনভিত্তিক সংগ্ৰাম, সপোন আৰু পৰৱৰ্তী সময়ৰ সফলতা।


“The Radio Guy” ৰ পৰিচালনাৰ দায়িত্বত আছে সকলোৰে চিনাকী তথা বৰ্তমানৰ মনোৰঞ্জন প্ৰেমী দৰ্শকৰ মাজত জনপ্ৰিয় সমুজ্জল কাশ্যপ। বিষয়বস্তু আৰু দৃশ্যগ্ৰহণ পৰিচালক গৰাকীৰ নিজৰেই। কাহিনীত টুইষ্ট আনি দৰ্শকক ধৰি ৰখাৰ এক বিশেষ গুণ পৰিচালক গৰাকীৰ সৃষ্টি সমূহৰ মাজত দেখিবলৈ পোৱা যায়। আনহাতে ইয়াত মুখ্য চৰিত্ৰত অভিনয় কৰিছে শশাংক সমীৰে। ৰেডিঅ’ কৰ্মকৰ্তাৰে কেৰিয়াৰ আৰম্ভ কৰা শশাংক বৰ্তমান সময়ৰ এগৰাকী অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনৰ জনপ্ৰিয় তাৰকা, যি একাধাৰে গীতিকাৰ, অভিনেতা, গায়ক তথা এগৰাকী চিত্ৰকাৰ। তেওঁৰ সৈতে এই চুটি ছবিখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছে ক্ৰমে বাদল সিনহা, হৰ্ষ সিদ্ধান্ত আৰু বহুল ভাৱে সমাদৃত অভিনেত্ৰী হীৰা নেওঁগ। বাদল সিনহা আৰু হৰ্ষ সিদ্ধান্ত চৰিত্ৰ দুটাই চুটি ছবিখনক ৰাইজৰ মাজত আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছে। চিত্ৰনাট্য হৰ্ষ সিদ্ধান্তৰ। চুটি ছবিখনত সংযোজিত গীত “কৈ দিয়ানা” ত সংগীত কৰিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ অসমক গৌৰৱান্বিত কৰা হৰজিৎ দিয়াজ। গীতটি লিখিছে শশাংক সমীৰে, ইয়াত কণ্ঠদান কৰিছে আন এগৰাকী জনপ্ৰিয় তাৰকা জয় বৰুৱাই। সম্পাদনা আৰু ৰং অম্বৰিশ বৰকটকীৰ।

"আমি তেতিয়ালৈ কাৰোবাৰ গুৰুত্ব বুজি নাপাও, যেতিয়ালৈকে তেওঁ আমাৰ পৰা আঁতৰি নাযায়"- "The Radio Guy" 2


ৰূপসজ্জা বিশ্ব কলিতাৰ লগতে ফাইনেল মিক্স, ডিজাইন নৱাৰুণ বৰাৰ। লোকেশ্বন চাউণ্ড য়শ শৰ্মাৰ। চুটি ছবিখনে ধনাত্মক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে দৰ্শকৰ মাজত। “The Radio Guy” ৰ বহুল সফলতা কামনা কৰাৰ লগতে ইয়াৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীক ৰূপালীপৰ্দাত তৰফৰ পৰা জনাইছোঁ আন্তৰিক শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform