Rupaliparda.com
ট্ৰোল সমূহক শমিতা ছেট্টীৰ প্ৰত্যুত্তৰঃ 1

ট্ৰোল সমূহক শমিতা ছেট্টীৰ প্ৰত্যুত্তৰঃ

অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ বিগত দিনৰ বিবাদৰ পিছত তেওঁলোকৰ সম্পূৰ্ণ পৰিয়ালেই চৰ্চা লাভ কৰিবলৈ আৰম্ভ কৰে সচেতন মহলত। ৰাজ কুন্দ্ৰাৰ বাবে শিল্পা ছেট্টীক জনসাধাৰণৰ টাৰ্গেট কৰাৰ সমান্তৰালকৈ বিগত কিছু দিনৰ পৰা শমিতা ছেট্টীৰ প্ৰতিটো একচনকেই ট্ৰোল কৰি থকা হৈছে। শেহতীয়াকৈ তেওঁ চেলুনলৈ গৈ থকা অৱস্থাত সাধাৰণ জনে তেওঁক ককৰ্থনা কৰাৰ লগতে বিভিন্ন কথাৰে তেওঁক অশান্তি কৰে। জীৱন জীয়াবলৈ তেওঁক আৰ্থিক সহায় শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাই কৰে বুলিও মন্তব্য কৰে একাংশই। বৰ্তমান এই কথাত নিজ প্ৰত্যুত্তৰ দিছে শমিতাই নিজেই। ৰাষ্ট্ৰীয় সংবাদ পত্ৰৰ সৈতে হোৱা কথা-বতৰা যোগে তেওঁ কয় যে, “মই মোৰ নিজৰ দায়িত্ব নিজেই লওঁ, কাৰো ওপৰতেই মই নিৰ্ভৰশীল নহয়।” তেওঁক যেতিয়া ভগ্নী শিল্পা ছেট্টীৰ সৈতে তুলনা কৰা হৈছিল তেতিয়া তেওঁ কয় যে, মই সদায়ে মোৰ ভগ্নীৰ দৰেই হ’বলৈ চেষ্টা কৰি থাকোঁ আৰু এয়া মোৰ সপোন।” তাৰ পিছতেই অভিনেত্ৰী গৰাকীয়ে সাধাৰণ জনক প্ৰশ্ন কৰে যে, “মই সদায় ভাবো যে এই লোকসকলে দুজন ব্যক্তিৰ একেধৰণৰ জীৱনৰ কেনেদৰে আশা কৰিব পাৰে?”

ট্ৰোল সমূহক শমিতা ছেট্টীৰ প্ৰত্যুত্তৰঃ 2


বিগত কেইবাদিনৰ পৰাই চচিয়েল মিডিয়াত চৰ্চা হৈ থকা বিষয়টো হৈছে ৰাজ কুন্দ্ৰাৰ। বি-টাউনৰ এগৰাকী জনপ্ৰিয় আৰু অনুৰাগীৰে পৰিপূৰ্ণ হৈ থকা শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ নাম শেহতীয়াকৈ জড়িত হৈ পৰিছে বি-গ্ৰেড ছবি সমূহৰ সৈতে। তেওঁক আদালতলৈ লৈ যোৱা হৈছিল আৰু ২৩ তাৰিখে তেওঁক আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমান তেওঁক মুম্বাইস্থিত ভাইখলা জেলত ৰখা হৈছে। জানিব পৰা মতে, ৰাজ কুন্দ্ৰা ৯ টা কোম্পানীৰ পৰিচালক। তেওঁক আৰক্ষীৰ জিম্মালৈ লৈ অনা কথাটোৰ পিছতেই চচিয়েল মিডিয়াত বহুল হাৰত ভাইৰেল হৈছে মিম সমূহৰ। প্ৰত্যেকেই চৰ্চা কৰিছে তেওঁক লৈ আৰু ইয়াৰ সমান্তৰালকৈ তেওঁৰ সৈতে জড়িত ভিন্ন কথাৰ প্ৰসংগক বাহিৰ উলিয়াই অনা হৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform