Rupaliparda.com
ড্ৰাগছ আসক্ত নৱপ্ৰজন্ম আৰু প্ৰশাসন, মুক্তি লাভ কৰিছে "ক্লান্ত"- 1

ড্ৰাগছ আসক্ত নৱপ্ৰজন্ম আৰু প্ৰশাসন, মুক্তি লাভ কৰিছে “ক্লান্ত”-

সম্প্ৰতি সময়ছোৱাত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে সৰব হৈছে অসম চৰকাৰ। তেনে পৰিপ্ৰেক্ষিতত, অসম আৰক্ষীয়েও সক্ৰিয় ভূমিকা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে বিগত কেইদিনত ঘটা কিছু অপ্ৰীতিকৰ ঘটনাই বাৰুকৈয়ে প্ৰভাৱ পেলাইছে জনসাধাৰণৰ মাজত। একাংশ সচেতন নাগৰিকে এই ড্ৰাগছ সৰবৰাহকাৰী সকলৰ দৌৰাত্ম্যক অতিশীঘ্ৰে সমাজৰ পৰা আঁতৰাই নিকা সমাজ ৰূপে গঢ় দিবলৈ প্ৰশাসন ব্যৱস্থাক আহ্বান জনাইছে। এতিয়া এই বিষয়টোক সামৰি আমি আহো মনোৰঞ্জনৰ বিষয়টোত; আমি প্ৰায়ে একোটা বাস্তৱ কাহিনীক পৰ্দাত দেখোঁ। সঁচা অৰ্থত ক’বলৈ গ’লে, এই বাস্তৱ কাহিনীসমূহে আমাক বেছিকৈ আকৰ্ষণ কৰে কাৰণ সেই কাহিনীভাগৰ সৈতে আমি নিজক সংযোগ কৰিবলৈ সুবিধা লাভ কৰোঁ। উক্ত ড্ৰাগছ বিৰোধী অভিযান তথা নৱপ্ৰজন্মই ইয়াৰ আগ্ৰাসনলৈ আহি নিজ জীৱনটোক কেনেদৰে ধ্বংস কৰে তাকেই কেন্দ্ৰ কৰি নিৰ্মিত এখন চুটি ছবিয়ে শেহতীয়াকৈ লাভ কৰিছে মুক্তি। চুটি ছবিখনৰ নাম হৈছে “ক্লান্ত”। মনোৰঞ্জন বিষয়টো এক অবিৰত প্ৰক্ৰিয়া; হতাশ, স্ফূৰ্তি অথবা নীৰৱতাৰ মাজতো আমি মনোৰঞ্জন বিচাৰোঁ। নিজৰ সৈতে থকা অৱস্থাটো আমি সংগীত এটাকেই হওক অথবা চিনেমা এখনকেই হওক নিজ সংগী ৰূপে নিৰ্বাচন কৰোঁ। গতিকে, এইক্ষেত্ৰত নৱপ্ৰজন্মৰ সক্ৰিয়তা মনকৰিবলগীয়া।


কেতিয়াবা একাংশ নৱপ্ৰজন্মই নভবাকৈয়ে কিছু বেয়া পৰিস্থিতিৰ সন্মুখীন হয়। তাৰ ভিতৰত এক হৈছে নিচাজাতীয় দ্ৰব্য সেৱন। সদ্যমুক্তিপ্ৰাপ্ত “ক্লান্ত” ত উপস্থাপিত কাহিনীভাগ আছিল এনেধৰণৰ য’ত দুগৰাকী নৱপ্ৰজন্মই নিচাসক্ত হৈ থাকে আৰু পিছলৈ তাৰ মাজৰে এগৰাকী আকস্মিক মৃত্যুক সাবটি ল’বলগীয়া হয়। ইয়াৰ পৰিচালনা, চিত্ৰনাট্য আৰু সম্পাদনা কৰিছে বিজন বিকাশ ব্ৰহ্মাই। ৭ মিনিট ৪১ চেকেণ্ডৰ এই চুটি ছবিখনত অভিনয় কৰিছে ক্ৰমে দীপাংকৰ কলিতা (অৰ্ক), গকুল মিপুন আৰু কিশালয় এম বি বৰুৱাই। দৃশ্যগ্ৰহণ কৰিছে সুৰুয শ্বেখৰ শৰ্মাই লগতে চাউণ্ড মিক্সিং কৰিছে জনাৰ্দন পাটোৱাৰীয়ে। আমি এইখিনিতে, অভিনেতা দীপাংকৰ কলিতাৰ অভিনয়ৰ সাৱলীলতাৰ বিষয়ে উল্লেখ কৰিব লাগিব। কেইবাখনো বাটৰ নাটৰ লগতে প্ৰায় ৬ খন ধাৰাবাহিক অভিনয় কৰাৰ সমান্তৰালকৈ আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পত অভিনয় কৰিছে অভিনেতা গৰাকীয়ে। চুটি ছবিসমূহৰ প্ৰসংগ এতিয়ালৈ সক্ৰিয় হয় আছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত। ক’ৰোণা ভাইৰাছৰ সময়ছোৱাত চুটি ছবিসমূহৰ এক সুন্দৰ পৰিক্ৰমা আৰম্ভ হোৱা আমি সকলোৱে দেখিবলৈ পাইছিলো। সেই সময়ৰ পৰা আৰম্ভ হোৱা যাত্ৰাটোত বৰ্তমানলৈ আমি বহুকেইখন উল্লেখনীয় চুটি ছবি উপভোগ কৰিবলৈ সক্ষম হৈছো। আমাৰ অসমখন অইন প্ৰতিটো দিশত চহকী হোৱাৰ সমান্তৰালকৈ ইয়াত নিৰ্মিত একাংশ চুটি ছবিয়ে লাভ কৰা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সন্মানৰ কথা আমি শুনিছো অথবা সংবাদপত্ৰ যোগে পঢ়িছো।

ড্ৰাগছ আসক্ত নৱপ্ৰজন্ম আৰু প্ৰশাসন, মুক্তি লাভ কৰিছে "ক্লান্ত"- 2


উক্ত চুটি ছবি “ক্লান্ত” ৰ সৈতে জড়িত প্ৰতিগৰাকী কলা-কুশলীলৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform