Rupaliparda.com
"অনাগত দিনত আৰু অধিক সুন্দৰ প্ৰকল্পৰে ৰাইজৰ কাষ চাপিবলৈ সাজু মই"- অশ্বিন শৰ্মা 1

“অনাগত দিনত আৰু অধিক সুন্দৰ প্ৰকল্পৰে ৰাইজৰ কাষ চাপিবলৈ সাজু মই”- অশ্বিন শৰ্মা

বিগত বহু দিনৰ অন্তত প্ৰিয়ংকা ভৰালীৰ কণ্ঠৰে মুক্তি লাভ কৰিছিল এটি গীত “মনকোঁৱৰ”। গীতটিত প্ৰিয়ংকা ভৰালীৰ সৈতে যুটীয়াভাৱে কণ্ঠদান কৰিছিল অশ্বিন শৰ্মা নামে এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাবান কণ্ঠশিল্পীয়ে। গীতটিত কেৱল মাত্ৰ কণ্ঠদান কৰা বুলিয়ে নহয়, ইয়াত সুৰো কৰিছিল অশ্বিনে নিজেই। এটা দিশৰ পৰা চাবলৈ গ’লে বৰ ভাল লগা কথা এয়াই যে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনে নিতৌ নতুন সৃষ্টি আৰু প্ৰতিভাক চাবলৈ পাইছে। সপোন আঁকিবলৈ এচপৰা সাৰুৱা মাটিৰ প্ৰয়োজন হয়। খোলা চকুৰ সপোনক বুকুত বান্ধি কঢ়িয়াই লৈ ফুৰা জাক জাক ব্যক্তি ঘূৰি ফুৰে পৃথিৱীৰ চুকে-কোণে। কেতিয়াবা দিগভ্ৰষ্ট হয় হাৰ মানি লয় একাংশই; আন একাংশই কঠোৰ কষ্ট, সংগ্ৰামৰ মাজেৰে আগবাঢ়ে আহিবলগীয়া সময়লৈ। অশ্বিন শৰ্মাৰ দৰে এগৰাকী নৱপ্ৰজন্মৰ অন্তৰ্ভূক্তিয়ে সংগীতপ্ৰেমী শ্ৰোতাক উৎসাহিত কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ সৃষ্টিত নতুনত্ব আছে, ব্যতিক্ৰমী সুৰ-সংগীতৰ সংমিশ্ৰণ আছে। এই আটাইবোৰৰ সন্মিলনেই এই প্ৰতিভাসকলৰ গীত সমূহক পূৰ্বতকৈ অধিক গ্ৰহণযোগ্য কৰি ৰাখে। শেহতীয়াকৈ আমি অশ্বিন শৰ্মাৰ সৈতে তেওঁৰ সাংগীতিক কেৰিয়াৰটোক লৈ পাতিছিলোঁ কিছু কথা। তেওঁৰ প্ৰকৃত নাম হৈছে প্ৰিয়ব্ৰত শৰ্মা। তেওঁক আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত কয় যে, “মই সংগীতৰ ক্ষেত্ৰত সৰুৰে পৰাই জড়িত কিয়নো মোৰ মা-দেউতা সংগীতৰ একোগৰাকী অনুৰাগী হোৱাৰ সমান্তৰালকৈ মই মোৰ দাদাক সৰুৰে পৰা দেখি আহিছোঁ। তেওঁ এগৰাকী নিজেও মিউজিচিয়ান লগতে মোক এই ক্ষেত্ৰখনৰ সৈতে জড়িত হোৱাৰ দিশত যথেষ্ট সঁহাৰি জনাইছে। সঁচা কথা ক’বলৈ গ’লে, মোৰ দাদাৰ এই সঁহাৰিৰ বাবেই মই সংগীত জগতত জড়িত হ’বলৈ সাহস কৰিছিলোঁ।

"অনাগত দিনত আৰু অধিক সুন্দৰ প্ৰকল্পৰে ৰাইজৰ কাষ চাপিবলৈ সাজু মই"- অশ্বিন শৰ্মা 2


তেওঁৰ সুৰ তথা কণ্ঠৰে নিৰ্মিত “মনকোঁৱৰ” গীতটিৰ জনপ্ৰিয়তা আৰু তেওঁৰ অভিজ্ঞতাৰ বিষয়ে জানিবলৈ বিচৰাত অশ্বিন শৰ্মাই কয় যে, “মনকোঁৱৰ” গীতটি এটা শব্দত ক’বলৈ গ’লে সেয়া মোৰ সপোনৰ প্ৰকল্প। কিয়নো, এই গীতটিত সুৰ মই কৰিছিলোঁ আৰু ইয়াত আন কেইবাগৰাকীও অসমীয়া জনপ্ৰিয় তাৰকা জড়িত হৈ আছে। প্ৰিয়ংকা ভৰালীৰ কণ্ঠত গীতটি মুক্তি লাভ কৰাৰ উপৰিও ইয়াৰ ভিডিঅ’টোত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীৰ লগতে অভিনেতা উৎপল দাসে। নীলোৎপল ৰয় চৌধুৰীৰ কথা আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত মোৰ দাদা মৃন্ময় শৰ্মাই “মনকোঁৱৰ” ত সংগীত কৰিছে। জনপ্ৰিয় তবলা বাদক ৰাজা বৰুৱা আৰু শুভাংকৰে সংগত কৰা চিতাৰেৰে গীতটিয়ে ৰাইজৰ মাজত আৰু অধিক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বুলি মই ভাবোঁ। মোৰ প্ৰথম দ্বৈত কণ্ঠৰে নিৰ্মিত “মনকোঁৱৰ” ত ইমান বোৰ বহুলভাৱে সমাদৃত অসমীয়া কলা-কুশলী জড়িত হৈ আছে যে তেওঁলোকৰ পৰা অলপ অলপকৈ হ’লেও শিকিবলৈ পাই যথেষ্ট ভাল লাগিছিল। এই অভিজ্ঞতাটো খুবেই সুন্দৰ আৰু মোৰ বাবে বহুত আপোন।” আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “আগন্তুক পৰিকল্পনা বুলি ক’লে মই আহিবলগীয়া কেইবাটাও প্ৰকল্পৰ বিষয়ে একাষাৰে ক’ব নোৱাৰিম। কিন্তু সহজ ভাষাত, অতিশীঘ্ৰে আপোনালোকে শুনিবলৈ পাব “মোৰ বসন্ত” শীৰ্ষক এটি নতুন গীত। ইতিমধ্যে গীতটিৰ সংগীত আৰু বাণীবদ্ধৰ কাম সম্পূৰ্ণ হৈছে, ইয়াত কণ্ঠদান মই কৰিছোঁ। লগতে, আশা কৰিছোঁ এই গীতটি আপোনালোক সকলোৱে শুনি ভাল পাব।”

"অনাগত দিনত আৰু অধিক সুন্দৰ প্ৰকল্পৰে ৰাইজৰ কাষ চাপিবলৈ সাজু মই"- অশ্বিন শৰ্মা 3
"অনাগত দিনত আৰু অধিক সুন্দৰ প্ৰকল্পৰে ৰাইজৰ কাষ চাপিবলৈ সাজু মই"- অশ্বিন শৰ্মা 4


আগলৈ তেওঁ কয় যে, “চলিত বৰ্ষৰ শেষৰ ফালে হয়টো আন ৪ টা গীতৰ কাম আৰম্ভ হ’ব আৰু আপোনালোকৰ সঁহাৰি তথা আশীৰ্বাদ থাকিলে এই গীতকেইটাকো সম্পূৰ্ণ কৰিবলৈ সাহস কৰিব পাৰিম। অনাগত দিনত আৰু অধিক সুন্দৰ প্ৰকল্পৰে ৰাইজৰ কাষ চাপিবলৈ সাজু মই।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform