Rupaliparda.com
গোলাই চোৰ | ১৭ জানুৱাৰীৰ পৰা চিত্ৰগৃহত --উৎপল মেনা 1

গোলাই চোৰ | ১৭ জানুৱাৰীৰ পৰা চিত্ৰগৃহত –উৎপল মেনা

গোলাই চোৰ | ১৭ জানুৱাৰীৰ পৰা চিত্ৰগৃহত --উৎপল মেনা 2

যোৱ ২৭ ডিচেম্বৰত আমন্ত্ৰণ পাইছিলোঁ অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ পৰা– এখন নতুন অসমীয়া চিনেমাৰ ট্ৰেইলাৰ আৰু সংগীত মুকলি অনুষ্ঠানলৈ। জেং এন্টাৰটেইনমেন্ট আৰু অসম ৰাজ্যিক চলচ্চিত্র (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ যুটীয়া প্রযোজনাত নির্মিত চিনেমা খনৰ নাম– “গোলাই চোৰ”। অনুষ্ঠানৰ নিৰ্দিষ্ট সময়ৰ কেইঘণ্টা মান পূৰ্বে ASFFDC-ৰ ফালৰ পৰা জনোৱা হ’ল– “Today’s program has been cancelled.”। কৰণ নজনালে। সেয়া যি নহওক, আজি চিনেমা খনৰ “ট্ৰেইলাৰ”টো দেখিলোঁ। (সম্ভৱতঃ “ট্ৰেইলাৰ”টো ১৫ জানুৱাৰী ২০২৪ -তো দেখুৱাইছিল, “আইদেউ চিত্ৰগৃহ মুকলি কৰাৰ দিনাও দেখুৱাইছিল!) চিনেমা খনৰ কাহিনী ভাগ যে হাস্য প্ৰধান হ’ব– সন্দেহ নাই।

গোলাই চোৰ | ১৭ জানুৱাৰীৰ পৰা চিত্ৰগৃহত --উৎপল মেনা 3
সংবাদ মাধ্যমক চিনেমা খনৰ পৰিচালক ৰক্তিম কমল বৰুৱাই কৈছে, “… এখন পিৰিয়ডিক হাস্যমধুৰ চিনেমা। সাধুকথাৰ নিচিনা! যোৰহাটৰ এটা অঞ্চলৰ এটা সঁচা ঘটনাৰ আলম হিচাপে লৈ ইয়াৰ কাহিনী নিৰ্মাণ কৰা হৈছে। স্বাভাৱিকতে কিছু অংশ কাল্পনিক । ১৯৪৫ চন কিছুমান ঘটনা আৰু নতুন স্বাধীন ভাৰতৰ সমাজ ব্যৱস্থাকলৈ চোৰ আৰু পুলিচৰে এটা কাহিনী হাস্যমধুৰভাৱে তাত উপস্থাপন কৰা হৈছে ।”

গোলাই চোৰ | ১৭ জানুৱাৰীৰ পৰা চিত্ৰগৃহত --উৎপল মেনা 4

চিনেমা খনত অভিনয় কৰিছে জয়ন্ত দাস, হিমাংশু গগৈ, কেনী বসুমতাৰী, জয়ন্ত ভাগৱতী, টনী বসুমতাৰী, হিমাংশু প্ৰসাদ দাস, মৃন্ময় শইকীয়া, বনী দেউৰী, বনদ্বীপ শৰ্মা, বেদব্ৰত বৰা, সপ্তৰ্ষি গগৈ, নৱজ্যাতি নাথ মৈত্ৰী দাস, বলীন বৰা, বনদীপ শৰ্মা, প্ৰতিভা চৌধুৰী আদিয়ে। সংগীত পৰাশৰ কাশ্যপৰ, দৃশ্যগ্ৰহণ প্ৰয়াস শৰ্মাৰ। তামুলীয়ে, চাউণ্ড ডিজাইন অমৃত প্ৰীতমৰ । এই চিনেমা খন চিত্ৰগৃহলৈ আহিব অহা ১৭ জানুৱাৰীত।

গোলাই চোৰ | ১৭ জানুৱাৰীৰ পৰা চিত্ৰগৃহত --উৎপল মেনা 5
(গোলাই ছিৰিজ– ৬০ খনৰো বেছি ডিটেকটিভ উপন্যাসৰ এটি ছিৰিজ। লেখক: কুমুদেশ্বৰ বৰঠাকুৰ। এই উপন্যাস চিৰিজৰ সৈতে “গোলাই চোৰ”ৰ কিবা সম্পৰ্ক আছে নেকি! –মনলৈ অহা প্ৰশ্ন।)

Utpal Mena

Add comment

Leave a Reply

Most popular

The Ultimate Managed Hosting Platform