Rupaliparda.com
"অনুগ্ৰহ কৰি ভালদৰে চাওক আৰু তেওঁলোকৰ বাবে গৌৰৱান্বিত হওক"- আদিল হুচেইন 1

“অনুগ্ৰহ কৰি ভালদৰে চাওক আৰু তেওঁলোকৰ বাবে গৌৰৱান্বিত হওক”- আদিল হুচেইন

“টকিঅ’ অলিম্পিক” ত চকমপ্ৰদ প্ৰদৰ্শনেৰে অসমবাসীক গৌৰৱান্বিত কৰা বক্সাৰ লাভলীনা বৰগোঁহাইলৈ আদিল হুচেইনৰ শুভেচ্ছা বাৰ্তা। ইয়াৰ সমানন্তৰালকৈ, তেওঁ অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আদিৰ লোক সকলক আন ঠাইত কৰা দূৰ্ব্যৱহাৰৰ বিষয়েও মাত মাতে। তেওঁ ইনষ্টাগ্ৰাম পোষ্টত লাভলীনাৰ এখন ফটোৰ সৈতে এটি কেপছন লিখে যে, অভিনেতা গৰাকীয়ে কয় যে, “ঠিক মই এনেকুৱাই অনুভৱ কৰোঁ। মোৰ সকলো ভাৰতীয় বন্ধু, যিসকলে এই অসাধাৰণ ভাৰতীয়সকলৰ বিষয়ে নাজানে। অনুগ্ৰহ কৰি ভালদৰে চাওক আৰু তেওঁলোকৰ বাবে গৌৰৱান্বিত হওক। ইয়াৰ লগতে অসম, মণিপুৰৰ বিষয়ে নজনা আনসকলক শিক্ষিত কৰক, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু ছিকিমৰ বাবে গৌৰৱ উদযাপন কৰাটো সম্পূৰ্ণ স্বাভাৱিক কিন্তু যেতিয়া তেওঁলোকৰ সৈতে দুৰ্ব্যৱহাৰ কৰা হয় তেতিয়া তেওঁলোকৰ বাবে থিয় হোৱাটোও সমানে গুৰুত্বপূৰ্ণ। নহয়নে জানো?” জনপ্ৰিয় অভিনেতা আদিল হুচেইনৰ এই পোষ্টটোৱে খলকনিৰ সৃষ্টি কৰিছে চচিয়েল মিডিয়াত। তেওঁৰ অনুৰাগী সকলে সঁহাৰি ব্যক্ত কৰিছে তেওঁৰ এই পোষ্টটোত।


অসমৰ গোৱালপাৰা জিলাত জন্মগ্ৰহণ কৰা এই গৰাকী অসম সন্তানৰ কেৱলমাত্ৰ অভিনয়েই নহয়; তেওঁৰ ব্যক্তিত্বয়েও অসমকে ধৰি বাহিৰৰ প্ৰায় সমগ্ৰ লোকক নিজৰ অনুৰাগী কৰি তুলিছ। শিক্ষা জীৱনত তেওঁ বহু কেইখন নাটকত অভিনয় কৰাৰ লগতে “ভায়ামামা” নামৰ জনপ্ৰিয় নাটক গোষ্ঠীৰ সৈতেও তেওঁ ব্যংগাত্মক চৰিত্ৰ ৰূপায়ন কৰাৰ সুযোগ লাভ কৰিছিল। ইয়াৰ পিছত আদিল হুচেইনে দিল্লীস্থিত “ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়” তথা লণ্ডনৰ “ড্ৰামা ষ্টুডিঅ’ লণ্ডন” ত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.