Rupaliparda.com
Baarud | Rupaliparda.com

অসমীয়া চিনেমা : বাৰুদ ||– উৎপল মেনা

‘বাৰুদ’ৰ নায়ক কোন–যতীন বৰা নে তপন দাস?…আৰু নায়িকা–পূৰৱী শৰ্মা নে প্ৰস্তুতি পৰাশৰ? বিষ্ণু খাৰঘৰীয়াক নায়ক বুলি ক’লে ভুল হ’ব নেকি? প্ৰশ্নকেইটাৰ উত্তৰ আমি যেনেদৰেই নিদিওঁ কিয়, অশুদ্ধ বুলি ক’ব নোৱাৰিব৷ অৰ্থাৎ চিনেমাখনৰ প্ৰতিটো চৰিত্ৰক নায়ক সজাব পাৰো, নায়িকা সজাব পাৰো৷ অৱশ্যে বিজু ফুকন, ৰবি শৰ্মাৰ ক্ষেত্ৰত এটা শব্দ ব্যৱহাৰ কৰিব লাগিব–‘নিগেটিভ’৷ ‘বাৰুদ’ৰ বিষয়বস্তু বিশাল৷ চৰিত্ৰৰ সংখ্যাও কম নহয়৷ বিশাল বিষয়বস্তু লৈ বিষয়বস্তুৰ গভীৰতালৈ যোৱা; অধিক চৰিত্ৰক গুৰুত্ব দি হিচাপত ‘ফুটেজ’ খৰচ সম্ভৱ কেৱল মাধ্যমটোত সম্পূৰ্ণ দখল থকা পৰিচালকৰ পক্ষেহে৷ চিনেমাখনৰ প্ৰতিটো ‘ছিকুৱেন্স’ত ফুটি উঠিছে পৰিচালকগৰাকীৰ দক্ষতা৷ হিচাপত বেছি ‘ফুটেজ’ খৰচ কৰিছে যতীন বৰা আৰু তপন দাসৰ নামত; বিপৰীতে আন বহুকেইটা চৰিত্ৰৰ নামত কম ‘ফুটেজ’ খৰচ কৰিছে যদিও স্পষ্ট হৈ পৰিছে যতীন, তপনে অভিনয় কৰা চৰিত্ৰ দুটাতকৈ গুৰুত্ব কোনোগুণে কম নহয়৷ এইখিনিতে প্ৰখ্যাত চিনেমা আলোচক সবিতা গেহলটে লিখা এষাৰ কথা উল্লেখ কৰিব পৰা যায়৷ চিনেমা আলোচকগৰাকীয়ে প্ৰসংগক্ৰমে লিখিছিল–‘‘চিনেমাৰ ‘বিষয়বস্তু’ৱেই যেতিয়া চিনেমাৰ ‘মূল চৰিত্ৰ’ হৈ পৰে ‘ফুটেজ’ৰ দৈৰ্ঘ্য হিচাপ কৰি চৰিত্ৰৰ গুৰুত্ব বিচাৰ কৰা উচিত নহয়৷ আৰু সম্ভৱো নহয়৷ এনেধৰণৰ চিনেমা যেতিয়া দক্ষ পৰিচালকে ট্ৰিট কৰে, বিশ্লেষণ কৰিলে দেখিব–প্ৰতিজনেই নায়ক, নায়িকা আৰু প্ৰতিটো চৰিত্ৰই পার্শ্ব চৰিত্ৰ৷’’ হয়, ক’ব পাৰি ‘বাৰুদ’ৰ বিষয়বস্তুৱে মূল চৰিত্ৰ৷ বিষয়বস্তু পুলিচ৷ পুলিচক বিষয় হিচাবে লৈ হিন্দী ভাষাত কেইবাখনো চিনেমা নিৰ্মাণ হৈছে৷ নিৰ্মাণকাৰ্য চলি আছে৷ যিকেইখন মুক্তি পাইছে, যিকেইখনৰ কাহিনী আমি জানিব পাৰিছো- সেইকেইখনৰ সৈতে ‘বাৰুদ’ৰ কোনো মিল নাই৷ চিনেমা পৰিচালক, চিত্ৰনাট্যকাৰ মুনিন বৰুৱাই কাহিনীভাগ লৈছে ভ্ৰাম্যমাণ থিয়েটাৰত পূৰ্বে মঞ্চস্থ হোৱা নিজৰে এখন নাটকৰ পৰা৷ কাহিনীভাগত আছে পুলিচৰ কৰ্তব্য, পুলিচৰ ইম’চন, সমাজৰ আন দহগৰাকী মানুহৰ দৰেই পুলিচ৷ সমাজত ভাল মানুহ আছে, বেয়া মানুহ আছে৷ পুলিচৰ মাজতো ভাল-বেয়া আছে৷…আন দহজনৰ দৰে পুলিচো কাৰোবাৰ পিতৃ, কাৰোবাৰ স্বামী, কাৰোবাৰ প্ৰেমিক৷ পুলিচৰ দায়িত্বক গুৰুত্ব দিয়া হৈছে যদিও কম ছিকুৱেন্সৰ মাজত এই প্ৰতিটো দিশেই সুন্দৰভাৱে ধৰি ৰাখিছে৷ পুলিচৰ দায়িত্ব আৰু ব্যক্তিগত জীৱন মসৃণ গতিত আগবঢ়াই নিছে৷ উজুটি খোৱা নাইনে? মসৃণ গতিত আগুৱাই যোৱা ‘বাৰুদ’ চিনেমাখনে ক’তো উজুটি খোৱা নাইনে? খাইছে। প্ৰতিটো ছিকুৱেন্সৰ ‘কেমেৰা মুভমেণ্ট’, ‘ছাবজেক্ট মুভমেণ্ট’ৰ ফালৰ পৰা সুন্দৰ গতিত থকা চিনেমাখনে উজুটি খাইছে অযথা গীত প্ৰয়োগৰ বাবে৷ আমি অনুভৱ কৰিছো, চিনেমাখনৰ কোনো এটা ছিকুৱেন্সতেই গানৰ প্ৰয়োজন নাছিল৷ গীত ব্যৱহাৰ নকৰি পৰিচালক বৰুৱাই প্ৰমাণ কৰি দিয়াৰ অৱকাশ আছিল–গান নোহোৱাকৈয়ে যে চিনেমা ব্যাৱসায়িক দিশত সফল কৰিব পাৰি৷ সুন্দৰ সুযোগটো গ্ৰহণ নকৰিলে৷ হয়তো পৰিচালক গৰাকীয়ে ‘ট্ৰেণ্ড’ৰ বাহিৰলৈ গৈ চিনেমাখন ট্ৰিট কৰি ‘ৰিস্ক’ ল’বলৈ টান পালে৷ অসমীয়া চিনেমাৰ ক্ষেত্ৰখনত ব্যস্ত থকা কেইগৰাকী পৰিচালকে ‘চিনেমা’ৰ ভূগোল জানে? নাই, সৰহ সংখ্যকৰে নাই৷ যি দুগৰাকীমানৰ আছে, তাৰ মাজৰে এজন আছিল মুনিন বৰুৱা৷ পৰিচালকগৰাকীয়ে ‘ভূগোল’ জানে বাবেই আমি উল্লেখ কৰিলো- ৰৈ যোৱা এই ত্ৰুটিটো৷ পুলিচ থানাত প্ৰাঞ্জল শইকীয়া বহা আৰু যতীনহঁতে বহা কোঠা দুটাৰ দূৰত্ব, দিশ স্পষ্ট নহ’ল৷ ‘বাৰুদ’ৰ সফলতাৰ মূল সম্পদ–সংলাপ আৰু অভিনয়৷ ৰবি শৰ্মাৰ দৰে অভিনয়ত ‘কেঁচা অভিনেতা’ৰ পৰাও পৰিচালক বৰুৱাই সুন্দৰ অভিনয় উলিয়াই লৈছে৷ (১৮/৫/২০০৪)

পৰিচালক, চিত্ৰনাট্য, কাহিনী
মুনিন বৰুৱা
প্ৰযোজক
মেৰী লস্কৰ
অভিনয়ত:
বিজু ফুকন, তপন দাস,যতীন বৰা, বাহাৰুল ইছলাম, মৃদুলা বৰুৱা, বিষ্ণু খাৰঘৰীয়া, পূৰবী শৰ্মা, পৰিণীতা বৰঠাকুৰ, অৰুণ হাজৰিকা, ৰবি শৰ্মা,প্ৰস্তুতি পৰাশৰ …
চিত্ৰগ্ৰহণকাৰী:
সুমন দুৱৰা
সম্পাদনা:
এ শ্ৰীকৰ প্ৰসাদ
সংগীত:
জুবিন গাৰ্গ
চিত্ৰগৃহলৈ:
১৪ এপ্ৰিল, ২০০৪

Utpal Mena

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.