Rupaliparda.com
Daag | Rupaliparda.com

অসমীয়া চিনেমা : দাগ ||– উৎপল মেনা

চাহ বাগানৰ মালিকৰ সন্তান, এটি কিশোৰ৷ কিশোৰ কালতে পিতৃক হেৰুওৱা ‘কিশোৰ’ৰ গাত, মনত খুৰাকে দিয়া অত্যাচাৰৰ দাগ৷ হয়তো সেই দাগৰ বাবেই মনলৈ খং আহে, যি খঙে যন্ত্ৰণা দিয়ে; আৰু মনত ‘অশান্ত মানুহ এজন’ সাৰ পাই উঠে৷ ‘কিশোৰ’জন ডাঙৰ হয়, চাহ বাগানখনৰ ‘মালিক’ৰ দায়িত্ব নিজৰ হাতত লয়৷ তাৰ মাতৃ আছে, ভাতৃ আছে৷ অত্যন্ত মৰম আছে দুয়োৰে প্ৰতি৷ খুৰাকক কিন্তু সহ্য কৰিব নোৱাৰে৷ খুৰাকক দেখিলেই মনৰ মাজত থকা ‘অশান্ত মানুহজন’ সাৰ পাই উঠে৷ বুকুৰ মাজত ‘দাগ’ লৈও কিন্তু ভাতৃৰ সৈতে সি কৈশোৰৰ পৰা যৌৱনত ভৰি দিয়ে চাহ বাগানৰ সেউজীয়াৰ মাজত উমলি৷ পৰিচালকে দুই ভাতৃৰ মিলা-প্ৰীতি চিত্ৰায়িত কৰিছে এটা গীতৰ আশ্ৰয়ত–‘মনলৈ উভতি আহে ল’ৰালি…’৷ ভাতৃৰ বাবেই যেন তাৰ জীৱন৷ পৰিচালক, চিত্ৰনাট্যকাৰ মুনিন বৰুৱাই ‘চৰিত্ৰ’টো নিৰ্মাণ কৰিছে তপন দাসক লৈ৷ –হয়, চৰিত্ৰটো তপন দাসৰ অভিনয়শৈলীৰ বৃত্তৰ মাজতে বন্দী; কিন্তু চৰিত্ৰটো তপন দাস হোৱা নাই, তপন দাস চৰিত্ৰটো হৈছে৷ গতিকে দৰ্শকে স্বাভাৱিকতে চৰিত্ৰটো গ্ৰহণ কৰিছে৷ –পৰিচালকে এই চৰিত্ৰটোক কেন্দ্ৰ কৰিয়ে ‘কাহিনী’ আগবঢ়াই নিছে৷ চৰিত্ৰটো কিন্তু ‘হিৰো’ নহয় ‘এণ্টি হিৰো’৷ ‘হিৰো’ হিচাপে পৰিচালকে নিৰ্মাণ কৰিছে ‘চৰিত্ৰ’টোৰ ভায়েকৰ চৰিত্ৰটো, যিটো চৰিত্ৰত অভিনয় কৰিছে যতীন বৰাই৷–‘পৰ্দা’লৈ ‘নায়িকা’ আহে৷ নায়ক-নায়িকাৰ মৰম-ভালপোৱা আগবাঢ়ে৷ নায়কৰ ককায়েক, মানে মূল ‘চৰিত্ৰ’টোৱে ধাৰণা কৰি লয় ‘নায়িকা’ৰ মৰম-ভালপোৱা তাৰ বাবে৷ ‘নায়িকা’ৰ মৰম-ভালপোৱা তাৰ নহৈ ভায়েকৰ বাবেহে বুলি যেতিয়া ‘চৰিত্ৰ’টোৱে জানিব পাৰে, তাৰ মনৰ ‘অশান্ত মানুহজন’ সাৰ পাই উঠে; আৰু ভাতৃক হত্যা কৰে৷–এইখিনিতে পৰিচালকে ‘ছাছপেন্স ড্ৰামা’ লৈ ৰূপান্তৰ কৰে৷ চিনেমাখনৰ শেষৰফালে স্পষ্ট হয়- ভাতৃ বুলি ‘চৰিত্ৰ’টোৱে আন এজনকহে হত্যা কৰিছিল৷ শেষত ‘চৰিত্ৰ’টোৰ আত্মহত্যা৷ পৰিচালক বৰুৱাৰ পূৰ্বৰ চিনেমা কেইখনৰ দৰে এই চিনেমাখনতো দৰ্শকক চুব পৰা কাহিনী আছে৷ সহজ-সৰলভাৱে কাহিনীটো কৈছে৷ কাহিনীটো কিন্তু দুৰ্বল হৈ পৰিছে ‘ভুল’ নায়িকা নিৰ্বাচনৰ বাবে৷ অনুৰূপা পাঠক আৰু ইন্দ্ৰা ৰাওৰ অভিনয় অতি দুৰ্বল৷ দেহ-চেহেৰা ‘ভাষা শূন্য’৷ গীতেও ‘হিয়া দিয়া নিয়া’ক কৰাৰ দৰে সহায় কৰিব নোৱাৰিলে৷ তেনেদৰে চিনেমাখনত ‘কেমেৰাৰ ভাষা’ প্ৰয়োগৰ সুযোগ আছিল৷ সেই ‘সুযোগ’ পৰিচালকে ব্যৱহাৰ নকৰিলে৷ ইয়াৰ পাছতো কিন্তু ক’ব লাগিব অসমত ‘কথাছবি যুগ’ চলি থকা সময়ত এখন ‘ভাল চিনেমা’ৰ সংখ্যা বাঢ়িল৷ চিনেমাখনৰ নাম ‘দাগ’৷ (১০/২/২০০১)

পৰিচালক
মুনিন বৰুৱা
চিত্ৰনাট্য
মুনিন বৰুৱা
কাহিনী
মুনিন বৰুৱা
প্ৰযোজক
নীলোৎপল চৌধুৰী
অভিনয়ত
তপন দাস, যতীন বৰা, প্ৰাঞ্জল শইকীয়া,মৃদুলা বৰুৱা, অৰুন নাথ,পূৰ্ণিমা পাঠক শইকীয়া,বিষ্ণু খাৰঘৰীয়া,
অনুৰূপা পাঠক …

চিত্ৰগ্ৰহণকাৰী:
মৃণাল কান্তি দাস
সম্পাদনা:
এ শ্ৰীকৰ প্ৰসাদ
সংগীত:
জুবিন গাৰ্গ
চিত্ৰগৃহলৈ:
২ ফেব্ৰুৱাৰী ২০০১

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform