




মুনিন বৰুৱাৰ অসমীয়া চিনেমা : ৰং
চিনেমাখনৰ বিষয়বস্তু মানুহৰ মনৰ ‘ৰং’৷ চিত্ৰনাট্যকাৰ, পৰিচালকে কেইটামান চৰিত্ৰ নিৰ্মাণ কৰিছে৷ দুটা প্ৰেমৰ কাহিনীৰ সহায়ত চিনেমাখনৰ কাহিনীভাগ আগবঢ়াই নিছে৷ চিনেমাখনৰ মূল চৰিত্ৰটোৰ নাম বসুন্ধৰা চলিহা, কেইবাখনো চাহ বাগিচা আৰু উদ্যোগৰ মালিক৷ চৰিত্ৰটোত অভিনয় কৰিছে মলয়া গোস্বামীয়ে৷ মলয়া গোস্বামীৰ ‘এক্সপ্ৰেছন’ত অতি সুন্দৰভাৱে স্পষ্ট হৈ পৰিছে অহংকাৰী বসুন্ধৰাৰ মনৰ মাজতে লুকাই আছে আন এটি ৰং৷ সহজ-সৰল মনৰ ৰং৷ সহজ-সৰল ৰংটো অহংকাৰেৰে ঢাকি ৰাখিবলৈ বহুখিনি কষ্ট কৰিব লগা হৈছে৷ পৰিচালক, চিত্ৰনাট্যকাৰ বৰুৱাই এই কথাখিনি দৰ্শকক বুজাবলৈ সংলাপ ব্যৱহাৰ কৰা নাই৷ নায়িকাগৰাকীৰ ‘এক্সপ্ৰেছন’তেই বুজি পোৱা গৈছে৷ বসুন্ধৰা চলিহাৰ দুই পুত্ৰ৷ চৰিত্ৰ দুটা নিৰ্মাণ কৰিছে যতীন বৰা, ঋষি কৌশিকক লৈ৷
ঋষিৰ চৰিত্ৰটো সহজ-সৰল, মৰম আকলুৱা মনৰ৷ ঋষিৰ বিপৰীতে অভিনয় কৰিছে নিশিতা গোস্বামীয়ে৷ গতানুগতিক প্ৰেম কাহিনী৷ বসুন্ধৰা চলিহাৰ ‘চৰিত্ৰ’টোৰ দৰেই পৰিচালকে নিৰ্মাণ কৰিছে যতীন বৰাৰ চৰিত্ৰটো৷ যতীনৰ বিপৰীতে অভিনয় কৰিছে প্ৰস্তুতি পৰাশৰে৷ স্বাভাৱিকতে ক’ব পৰা যায় যতীন-প্ৰস্তুতিৰ ‘ৰোমাণ্টিক কমেডী’য়ে চিনেমাখনৰ ৰং বঢ়াইছিল৷ এইখিনিতে উল্লেখ কৰিব পাৰি ‘বাৰুদ’ৰ পাছত ছবিঘৰলৈ অহা মুনিন বৰুৱাৰ চিনেমা হ’ল ‘ৰং’৷ চিনেমা দুখনৰ দৰ্শক হোৱাৰ পাছত আমি অনুভৱ কৰিছোঁ–‘বাৰুদ’ নতুনত্বৰ সন্ধান কৰা চিনেমা৷ ‘ৰং’ সফলতাৰ মন্ত্ৰ প্ৰয়োগ কৰা চিনেমা৷ মসৃণ গতিত এই চিনেমাখন (ৰং) দৰ্শকে যে আদৰি ল’ব সন্দেহ নাছিল৷
মুনিন বৰুৱাই সফলতাৰ মন্ত্ৰ বিচাৰি পাইছিল ‘হিয়া দিয়া নিয়া’ত আৰু সেই সফলতাৰ মন্ত্ৰটোৱেই প্ৰয়োগ কৰিছে ‘ৰং’ত৷ সংলাপ, অভিনয় আৰু সুপৰিকল্পিত ‘কেমেৰা মুভমেণ্ট’, ‘ছাবজেক্ট মুভমেণ্ট’ৰ বাবেই বিৰক্তিকৰ হৈ উঠা নাই কোনো এটা ‘ছিকুৱেন্সে’ই৷ সততে অসমীয়া চিনেমাৰ গীত ব্যৱহাৰৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা দেখা যায় পৰিচালকসকলক৷ এই ব্যৰ্থতা ‘বাৰুদ’তো স্পষ্ট আছিল৷ ‘ৰং’ত কিন্তু পৰিচালক বৰুৱা এই ব্যৰ্থতাৰ পৰা মুক্ত বুলি ক’ব পৰা যায়৷ গীত চিত্ৰায়নৰ ক্ষেত্ৰত অৱশ্যে সুপৰিকল্পনাৰ অভাৱ স্পষ্ট হৈ থাকিল৷ এইখিনিতে এটা কথা স্পষ্ট কৰি নিদিলে দোষে চুব৷ মুনিন বৰুৱাৰ চিনেমাৰ যি ত্ৰুটিৰ কথা আমি উল্লেখ কৰি আহিছো, সেয়া অসমীয়া চিনেমাৰ বাবে সমস্যা নহয়৷ সমস্যা এইবাবেই নহয়, পৰিচালকগৰাকীৰ চিনেমাৰ প্ৰতি দৰ্শকৰ দুৰ্বলতা স্পষ্ট৷
পৰিচালকগৰাকীৰ দৰ্শকক আকৰ্ষণ কৰিব পৰা ক্ষমতা স্পষ্ট৷ মুনিন বৰুৱাৰ চিনেমাৰ বিশেষত্ব–খাটি অসমীয়া চৰিত্ৰ, কাহিনী নিৰ্মাণত গুৰুত্ব৷ দৰ্শকক চুব পৰা কাহিনী প্ৰতিখন চিনেমাতে আছে৷ ‘নাটক’ৰ ওচৰত থাকি ‘চিনেমাকৰ্ম’ কৰে৷ মুনিন বৰুৱাৰ চিনেমা দৰ্শকে ভাল পোৱাৰ কাৰণ–কাহিনী৷ অসমীয়া সমাজৰ ‘কাহিনী’ পৰিচালকগৰাকীয়ে কয়, পৰিপাটিকৈ দৰ্শকক চুব পৰাকৈ৷ থোৰতে ক’ব পাৰি–মুনিন বৰুৱাৰ চিনেমাই টিকট ক্ৰয় কৰি চিত্ৰগৃহত চিনেমা চোৱা দৰ্শকক চুই যায়৷ (২০০৪)
Add comment