






নায়ক’ প্ৰতিজন দৰ্শককে সন্তুষ্ট কৰিব পৰা চিনেমা অৱশ্যেই নহয়৷ কিন্তু সুপৰিকল্পিত যে সন্দেহ নাই; মুনিন বৰুৱাই ‘ট্ৰিট’ কৰা চিনেমা ‘নায়ক’৷ ‘নায়ক’ৰ কাহিনীভাগ দৰ্শকক চুই যাব পৰা, সংগীত হৃদয় স্পৰ্শ কৰিব পৰা, চিত্ৰায়নো যথাযথ৷ অসমীয়া চিনেমাৰ সৰহ সংখ্যক পৰিচালকেই শ্বট নিৰ্বাচন, শ্বট ব্যৱহাৰত ভুল কৰে; যাৰ বাবে চিনেমাই গতি নকৰে বা গতি কৰি থকা চিনেমা এখনেও উজুটি খায়৷ কেতিয়াবা চিনেমাখন চোৱাৰ পাছত চিনেমা যেন নালাগে, লাগে চেলুলয়ডৰ নাটক যেনহে৷ এইবোৰ হয় পৰিচালকৰ পৰিপক্কতাৰ অভাৱৰ বাবেই৷ মুনিন বৰুৱা পৰিপক্ক পৰিচালক যেতিয়া এনেবোৰ ভুলৰ পৰা মুক্ত হৈ থকাটোৱেই স্বাভাৱিক৷ অস্বাভাৱিক কথাটো হৈছে পৰিপক্ক পৰিচালক বৰুৱাই সংলাপৰ মোহ এৰিব নোৱাৰাটো৷ (নাটকৰ দৰে সকলো কথা সংলাপৰ মাজেৰেই কৈ দিয়ে, কেমেৰা খুব কম ব্যৱহাৰ কৰে৷ কেৱল শুনিয়েই অকণো অসুবিধা নোপোৱাকৈ বুজি ল’ব পাৰি৷) ‘নায়ক’ত এনে বহুকেইটা ছিকুৱেন্স আছিল, যিকেইটাত কেমেৰাত কথা কোৱাৰ সুযোগ দিব পাৰিলেহেঁতেন৷ পৰিচালক বৰুৱাই নিজেও জানে–চিনেমাত অভিনয় শিল্পীৰ ‘এক্সপ্ৰেচন’ কেমেৰাত ধৰি ৰাখিয়েই বহু কথা কৈ দিব পাৰি৷ এনে কৰিলে সংলাপৰ আতিশয্য কমে আৰু ছবিখনৰ সৌন্দৰ্য বাঢ়ে৷ সুপৰিকল্পিত এই ছবিখনৰ দৰ্শক হৈ থাকোঁতে মাজে মাজে অসুবিধা অনুভৱ কৰাৰ কাৰণ নিশ্চিতকৈ সংলাপৰ আতিশয্য৷ ‘নায়ক’ৰ গীতাংশৰ চিত্ৰায়ন প্ৰসংগত ক’ব পাৰি যে গীতকেইটা কম্প’জ কৰা ছিকুৱেন্সকেইটাৰ এটাতো গীতৰ আগে আগে পৰিৱেশ এটা সৃষ্টি কৰিব পৰা নাই৷ যাৰ ফলত কাহিনীৰ মাজলৈ গীতকেইটা হঠাতে আহি যোৱা যেন লাগিল৷ ‘মনতে আজি কিহৰে নাচোন….’ গীতটোৰ আগে আগে অৱশ্যে পৰিৱেশ এটা সৃষ্টি কৰিবলৈ চেষ্টা চলাইছিল৷ তথাপি প্ৰশংসা কৰিব লাগিব কৰিঅ’গ্ৰাফাৰ অসীম বৈশ্যক৷ চিনেমাখনৰ মাৰপিটৰ দৃশ্যসমূহো দৰ্শকে ভাল পাব৷ প্ৰশংসা কৰিব পৰা আৰু এটা দিশ হৈছে সাজ-সজ্জা৷ ‘নায়ক’ চিনেমাখন সুপৰিকল্পিত বুলি কোৱাৰ মূল কাৰণটো হ’ল চিত্ৰনাট্যকাৰ মুনিন বৰুৱাই প্ৰতিটো চৰিত্ৰ প্ৰতিষ্ঠা কৰিছে সুন্দৰভাৱে৷ কোনো এটা চৰিত্ৰকে এনেয়ে ৰখা নাই৷ কোনো এটা চৰিত্ৰ মিলাবৰ বাবে ক’ৰবাৰ পৰা টানিও অনা নাই৷ আনহাতে পৰিচালক বৰুৱাই প্ৰতিটো চৰিত্ৰত অভিনয় শিল্পীৰ পৰা সু-অভিনয় আদায় কৰি লৈছে৷ গতিকে ‘নায়ক’ যতীন বৰাকো প্ৰশংসা কৰিব লাগিব৷ অতিথি শিল্পী বাহাৰুল ইছলামকো প্ৰশংসা কৰিব লাগিব৷ প্ৰশংসা কৰাৰ পাছতো অৱশ্যে ‘কিন্তু’ এটা ৰৈ যায়৷–যতীন বৰাক আন এজন নায়ক ৰবি শৰ্মাই ছাপ’ৰ্ট দিব পৰা নাই কেইবাটাও গুৰুত্বপূৰ্ণ ‘ছিকুৱেন্স’ত৷ ফলত এই ‘ছিকুৱেন্স’কেইটা দুৰ্বল হৈ পৰিছে৷ এনেধৰণৰ কিছু ত্ৰুটি থাকিলেও ক’ব লাগিব বৰ্ষটোত এতিয়ালৈকে মুক্তি পোৱা অসমীয়া চিনেমাকেইখনৰ ভিতৰত ‘নায়ক’ নিঃসন্দেহে ‘নায়ক’, কিন্তু চিনেমা হিচাপে ‘নায়ক’ নহয়৷ ( ২০০১)
পৰিচালক, চিত্ৰনাট্য, কাহিনী: মুনিন বৰুৱা
প্ৰযোজক: মেৰী লস্কৰ
অভিনয়ত: যতীন বৰা, ৰবি শৰ্মা, জেৰিফা ৱাহিদ, জয়ন্ত দাস, ৰাজীৱ গোস্বামী, পূৰবী শৰ্মা,পৰিণীতা বৰঠাকুৰ, বিষ্ণু খাৰঘৰীয়া, প্ৰাঞ্জল শইকীয়া,অৰুণ হাজৰিকা…
চিত্ৰগ্ৰহণকাৰী: মৃণাল কান্তি দাস
সম্পাদনা: এ শ্ৰীকৰ প্ৰসাদ
সংগীত : জুবিন গাৰ্গ
চিত্ৰগৃহলৈ: ৩০ নৱেম্বৰ, ২০০১
Add comment