ছায়াবাজি’– চিনেমা নুবুজা বয়সতে আমি চিনেমা উপভােগ কৰা মাধ্যম। ১৯৮১-৮২ চন। সেই সময়ত আমাৰ গাঁৱত চিনেমা চোৱাৰ অন্য উপায় নাছিল। ৯-১০ কিলােমিটাৰ দূৰত থকা ভাৰতীয় টকীজ বা নলবাৰী নাট্যমন্দিত চিনেমা চোৱাৰ অনুমতি পােৱা নাছিলাে বাবে ‘ছায়াবাজি’তে চিনেমা চোৱাৰ হেঁপাহ পূৰণ কৰিছিলাে। ‘মনােমতী’ অসমীয়া ‘কথাছবি’খনৰ কেইটামান ছিকুৱেন্স আমাৰ গাঁৱলৈ অহা ‘ছায়াছবি’তে চাইছিলাে। এটা গীতৰ কিছু অংশ দেখুৱাইছিল— কুহু কুহু বুলি তই মৰ পুৰি অগনি জ্বলাৱ গাত…’
গীতাংশ আমাৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছিল। পৰৱৰ্তী সময়ত চিনেমাখন চোৱাৰ আশাৰে বহুজনৰ ওচৰ চাপিছিলাে, কিন্তু সকলােৰে মুখত এটায়ে উত্তৰ-প্রিণ্ট নষ্ট হৈছে। মাত্র এটা প্রিণ্টহে আছে। ৩ এপ্রিল, ১৯৪১ চনত চিত্ৰগৃহলৈ অহা চিনেমাখনৰ ‘নতুন প্রিন্ট’ এটা উলিয়াইছিল ১৯৬৭ চনত। আমি ‘ছায়াছবি’ চোৱা ছিকুৱেন্স কেইটা সম্ভৱতঃ ১৯৬৭ চনৰ। এই খিনিতে কেইটামান তথ্য : অসমীয়া চিনেমা ‘অধ্যয়ন কৰাৰ সময়ত আমি স্পষ্ট হ’ব পৰা নাই ‘মনােমতী’ তৃতীয়খন নে চতুর্থ অসমীয়া চিনেমা। কেইবাগৰাকীয়াে চিত্র সাংবাদিকৰ মতে— তৃতীয়। আমি সংগ্রহ কৰা তথ্যত কিন্তু স্পষ্ট ‘মনােমতী’ৰ পূর্বে চিত্রগৃহলৈ আহিছিল ‘জয়মতী’ (১৯৩৫), ‘দেৱদাস’ (১৯৩৯), ‘ইন্দ্ৰমালতী’ (১৯৩৯)। জয়মতীৰ চিত্রনাট্য ৰচনা কৰিছিল উপন্যাস সম্রাট ৰজনীকান্ত বৰদলৈৰ একে নামৰ উপন্যাসৰ আধাৰত।
কাহিনী : বৰপেটা সত্ৰ। ৰাস-পূর্ণিমা৷ লক্ষ্মীকান্ত-মনােমতীৰ দেখা-দেখি।
দুয়ােৰে মনত ‘ভাল লগা-ভাল লগা’ অনুভৱ হয়। প্রেমৰ গল্প আৰম্ভ হয়। স্বাভাৱিক কাহিনী ‘প্রেম গল্প’লৈ আহে সমস্যা। মনােমতীৰ ধর্মীয় পিতৃ আৰু লক্ষ্মীকান্তৰ পিতৃ ক্রমে বৰনগৰৰ চণ্ডি বৰুৱা, যুগীৰ পামৰ হৰকান্ত বৰুৱা। পূর্ব পুৰুষৰ পৰায়ে তেলপানী সদৃশ দুটা শিবিৰ। ‘প্রেম কাহিনী’ সােমাই পৰে মানৰ আক্ৰমণৰ মাজত।
স্বাভাৱিকতে চিনেমাখনৰ পৰিচালনা শৈলী ‘কথাছবি’ স্তৰৰ। কাহিনীৰ গতি অতি মন্থৰ। ছিকুৱেন্স নির্মাণত সংলাপ আৰু ‘ছাবজেক্ট মুভমেণ্ট’- এই পৰিচালকৰ ভৰসা। মন চুই যোৱা৷ অভিনয় — শূন্য।
বজাৰ : চিনেমাখন নির্মাণত প্রযােজকে খৰচ কৰিছিল প্রায় ১৫ হাজাৰ টকা। প্রযােজকৰ লাভ হােৱা নাছিল।
Add comment