হিয়া দিয়া নিয়া’ৰ মাজত স্পষ্ট হৈছিল আন এগৰাকী ‘পৰিচালক মুনিন বৰুৱা’৷ ‘পিতা-পুত্ৰ’ (১৯৮৮), ‘পাহাৰী কন্যা’ (১৯৯১), ‘প্ৰভাতী পখীৰ গান’ (১৯৯২)ৰ পাছত পৰিচালনা কৰা এই চিনেমাখনক ‘মিউজিকেল ৰোমাণ্টিক’ বুলিও ক’ব পৰা যায়৷ এই চিনেমাখনৰ পাছত দেখা গৈছিল ‘মুনিন-যতীন-জুবিন’ মানেই যেন ‘সফলতা’৷ পৰিচালক মুনিন বৰুৱা, নায়ক যতীন বৰা, সংগীত পৰিচালক জুবিন গাৰ্গ যেন হৈ পৰিল অসমীয়া চিনেমাৰ ‘বক্স-অফিচ সফলতা’ৰ মন্ত্ৰ’৷ এই মন্ত্ৰৰ চিনেমা ‘দাগ’ (২০০১), ‘নায়ক’ (২০০১), ‘কন্যাদান’ (২০০২), ‘বিধাতা’ (২০০৩), ‘ৰং’ (২০০৪) আৰু ‘বাৰুদ’ (২০০৪)৷
‘কন্যাদান’ চিনেমা এখনৰ বিষয়ে লিখিবলৈ গৈ প্ৰখ্যাত সমালোচক দীপা গেহলটে লিখিছিল–“চিনেমা পাৰিবাৰিক, ৰোমাণ্টিক, হাস্যপ্ৰধান যিয়ে নহওক কিয়; সেইখন চিনেমাহে আজিৰ দৰ্শকে আদৰি লোৱা দেখা যায়, যিখন চিনেমাৰ দৰ্শক হৈ বেছিভাগ সময় উৎকণ্ঠাৰে কটাব লগা নহয়…৷’’ এনেধৰণৰ ‘দৰ্শকে আদৰি লোৱা’ কাহিনী, ট্ৰিট্মেণ্টৰে এখন চিনেমা ‘কন্যাদান’৷ চিনেমাখনৰ কাহিনীভাগ জটিল নহয়৷ যিকোনো পৰিয়াল এটাত ঘটিব পৰা বা ঘটি থকা এটা সাধাৰণ কাহিনী৷ চিত্ৰনাট্যকাৰ মুনিন বৰুৱাৰ অসাধাৰণ ট্ৰিট্মেণ্টৰ বাবেই সাধাৰণ কাহিনীটো সকলো শ্ৰেণীৰ দৰ্শকৰ বাবে হৈ উঠিছে উপভোগ্য৷ পৰিচালক-চিত্ৰনাট্যকাৰ বৰুৱাৰ পূৰ্বৰ চিনেমাৰ দৰে এই চিনেমাখনত সংলাপৰ ‘আতিশয্য’ একেবাৰেই নাই৷ যিমানখিনি সংলাপ ব্যৱহাৰ নকৰিলে নহয়, সিমানখিনি সংলাপহে ব্যৱহাৰ কৰিছে৷ সংলাপেই নহয় অযথা শ্বট এটাও ব্যৱহাৰ কৰা নাই৷ যাৰ বাবে ছবিখনৰ গতি হৈছে মসৃণ আৰু কোনো এটা ছিকুৱেন্সতেই দৰ্শকে বিৰক্তি অনুভৱ কৰা নাই৷ ‘কন্যাদান’ত চৰিত্ৰৰ সংখ্যা কম নহয়৷ চৰিত্ৰকেইটাত সু-অভিনয় কৰিছে অৰুণ নাথ, মৃদুল বৰুৱা, যতীন বৰা, তপন দাস, পূৰৱী শর্মা, মাধুৰিমা বৰুৱা, হিৰণ্য ডেকা আদি জনপ্ৰিয় শিল্পীসকলে৷ এই জনপ্ৰিয় শিল্পীসকলক গুৰুত্ব সহকাৰে উপস্থাপন কৰাতোৱেই হৈছে পৰিচালক-চিত্ৰনাট্যকাৰ বৰুৱাৰ কৃতিত্বৰ অন্যতম দিশ৷ চিনেমাখনত কোনো চৰিত্ৰ গুৰুত্বহীন যেন লগা নাই৷ সংলাপ, শ্বট, চৰিত্ৰত হিচাপী পৰিচালকে মনোযোগ দিয়া যেন নালাগিল৷ মনোযোগ দিয়া যেন নালাগিল আৱহ সংগীত আৰু নায়িকা নিৰ্বাচনৰ ক্ষেত্ৰতো৷ আৱহ সংগীতৰ আতিশয্যই মাজে মাজে সংলাপো ঢাকি ৰাখিছে৷ চিনেমাখনৰ চৰিত্ৰটোৰ সৈতে সকলো পিনৰ পৰাই খাপ খাই পৰিছিল নায়িকা ঋতুপৰ্ণা কটকী৷ কিন্তু নায়িকাগৰাকীৰ কণ্ঠস্বৰ আৰু সংলাপ প্ৰক্ষেপনে সকলো পণ্ড কৰি পেলালে৷ ( ২০ মাৰ্চ, ২০০২)
Add comment