Rupaliparda.com
Raamdhenu | Rupaliparda.com

অসমীয়া চিনেমা : ৰামধেনু || — উৎপল মেনা

‘ৰামধেনু’৷ –আশাৰ ৰামধেনু৷ মানুহৰ মনৰ ৰং, জীৱনৰ ৰং চিনেমাখনৰ বিষয়বস্তু৷ ভিন্ন ৰঙৰ চৰিত্ৰ, ভিন্ন ‘গল্প’৷ বান্ধিছে এটা ‘চৰিত্ৰ’ৰে৷ চৰিত্ৰটোৰ নাম মন্দিৰা৷ চিনেমাখনৰ শেষৰফালে স্পষ্ট হয় মন্দিৰাৰ ‘অতীত ৰং’৷ সুখৰ অতীত নহয়৷ যাক ভৰসা কৰিছিল, সেই প্ৰেমিক চৰিত্ৰৰ দ্বাৰাও প্ৰতাৰিত৷ শেষত পৰিচালকে চৰিত্ৰবোৰক মন্দিৰাৰ ঘৰত থিয় কৰাইছিল৷ চৰিত্ৰবোৰত ‘সুখৰ ৰং’ সানি দিছিল৷ মন্দিৰাৰ ঘৰ এখন গাঁৱত৷ ৰেলগাড়ীত উঠি চহৰ পাইছিল৷ ‘নাৰ্ছ’ৰ চাকৰি কৰিছিল৷ বাস কৰিছিল ‘বৰদেউতা’ৰ ঘৰত, ভাৰাতীয়া হিচাপে৷ ‘বৰদেউতা’ৰ সেই ঘৰটোত ‘ভিন্ন ৰঙৰ’ অন্য কেইবাজনো ভাৰাতীয়াই বাস কৰে৷ সঞ্জীৱ, দুজন ঠগ, এজন কলেজত পঢ়া যুৱক, পত্নীৰ সৈতে দুৰ্নীতিক প্ৰশ্ৰয় দিয়া চৰকাৰী বিষয়া এজন৷ কাহিনীৰ মাজলৈ কলেজৰ ছাত্ৰ পলমকৈ আহে৷ কিছু পলমকৈ৷ ক’ব পাৰি কলেজৰ ছাত্ৰজনেই চিনেমাখনৰ ‘নায়ক’৷ সময়ত সেই ঘৰটোলৈ পৰিচালকে আনে ‘নায়ক’ৰ প্ৰেয়সীকো৷ এই চৰিত্ৰ দুটাৰে পৰিচালক, চিত্ৰনাট্যকাৰে সংযোগ কৰিছে মন্দিৰাৰ ‘হেৰোৱা অতীত’৷ মন্দিৰাৰ সেই প্ৰেমিক, যিয়ে নিৰ্লজভাৱে অস্বীকাৰ কৰিছিল ‘মৰম-ভালপোৱাৰ ৰং’, ঘোষণা কৰিছিল অৰ্থৰ ওচৰত ‘ভালপোৱাৰ ৰং’ অৰ্থহীন–সেইজনৰে জীয়াৰী ‘নায়ক’ৰ প্ৰেয়সী৷ মন্দিৰাৰ ‘মনৰ ৰং’ উন্মোচন হোৱাৰ পূৰ্বেই স্পষ্ট হয় আনকেইটা চৰিত্ৰৰো মনৰ ‘ৰং’৷ ‘দুই ঠগ’ (চৰিত্ৰ দুটাত অভিনয় কৰিছে যতীন বৰা আৰু জয়ন্ত দাসে)ক ভাল মানুহ বুলিয়ে বিশ্বাস কৰিছিল মন্দিৰাই৷ পুলিচৰ খেদাত দৌৰি যাওঁতে মন্দিৰাৰ সন্মুখতে পৰিল৷ চৰকাৰী বিষয়াজন-দুৰ্নীতিৰ আঁৰৰ পাৰিবাৰিক ‘গল্প’ উন্মোচন হ’ল৷ আৰু সঞ্জীৱ-‘বৰদেউতা’ৰ আকস্মিক হৃদৰোগত তাৰ ভিতৰত থকা ‘চিকিৎসকজন’ সাৰ পালে৷ ঘৰটোৰ মালিক ‘বৰদেউতা’ৰো বাহিৰৰ ‘ৰং’ ভিতৰৰ ‘ৰঙৰ’ দৰে নহয়৷ ‘বৰদেউতা’ৰ কথা–সেই বিশেষ ঘৰটো খালী কৰি দিব লাগিব৷ বিদেশৰ পৰা উভতি আহিলে তেওঁৰ পুত্ৰ থাকিব৷ কিন্তু বাস্তৱত পুত্ৰৰ মৃত্যুৰ হৈছে, দুৰ্ঘটনাত৷ আৰু এটা চৰিত্ৰ আছে৷ ‘চৰিত্ৰ’বোৰক ঘৰুৱা কামত সহায় কৰা গুণদা৷ গিৰীয়েক আছে৷ বহুদিন হ’ল অহা নাই৷ আহিব। মন্দিৰাৰ পৰামৰ্শ মতে গুণদা ওলাল গিৰীয়েকৰ সন্ধানত৷ আশা ভংগ হয় গুণদাৰো৷ ভিন্ন ‘ৰং’, ভিন্ন কাহিনী৷ দৰ্শকে কিন্তু চাইছে এটা কাহিনী চোৱাৰ দৰে৷ পৰিচালক, চিত্ৰনাট্যকাৰৰ দক্ষতাৰ বাবে ‘ভিন্ন ৰং’বোৰ মিলি হৈছে ‘ৰামধেনু’৷ আহিছো অভিনয় প্ৰসংগলৈ৷ সন্দেহ নৰখাকৈ ক’ব পাৰি প্ৰস্তুতি পৰাশৰক লৈ ‘মন্দিৰা’ নামেৰে অসমীয়া চিনেমাৰ ‘শ্ৰেষ্ঠ চৰিত্ৰ’ নিৰ্মাণ কৰিলে মুনিন বৰুৱাই৷ অসমীয়া চিনেমাৰ শ্ৰেষ্ঠ চৰিত্ৰ ‘মেনকা’ (চিনেমাঃ অগ্নিস্নান), ঋতু (চিনেমাঃ ফিৰিঙতি) আদিৰ পৰ্যায়ৰ ‘মন্দিৰা’৷ চৰিত্ৰটো ‘প্ৰস্তুতিৰ ইমেজ’ৰ বাহিৰৰ৷ তেনেদৰে প্ৰশংসা কৰিব পাৰি ‘বৰদেউতা’ চৰিত্ৰটোত কৰা অভিনয়ৰ বাবে বিষ্ণু খাৰঘৰীয়াক৷ যতীন বৰা, উৎপল দাস, তপন দাস, নিশিতা গোস্বামী, পাকিজা বেগম আদিয়ে অভিনয় কৰিছে অন্যান্য চৰিত্ৰত৷ ‘ৰামধেনু’ত পৰিচালনা শৈলীত যি চমক, সেয়া ‘কেমেৰা’ত নাই৷ ‘কেমেৰা’ যেন কোনো মুহূৰ্তৰ বাবেই পৰিচালকে চিত্ৰগ্ৰহণকাৰী সুমন দুৱৰাৰ হাতত এৰি দিয়া নাই। বিপৰীতে ‘সংগীত’ত ‘বিশেষ চমক’ অৱশ্যেই আছে৷ কাহিনীক গতি দিছে৷ ‘কাহিনী’, ‘চৰিত্ৰ’ত ‘ৰং’ সানিছে৷ ব্যৱহাৰ কৰা ‘আইটেম ছং’টোৱে ‘ব্যৱসায়’ত সহায় কৰিছে৷ কথাটো এনে ধৰণে ব্যাখ্যা কৰিব পাৰি–‘টুপী…টুপী…’ চিত্ৰায়ণ কৰা হৈছিল মুনমী ফুকনক লৈ৷ গীতটোৰ আকৰ্ষণ শক্তি আছিল৷ দৰ্শকৰ এটা অংশ ‘আইটেম ছং’টোৰ বাবেই চিত্ৰগৃহলৈ গৈছিল৷ কিন্তু চিনেমাখনৰ ‘দৰ্শক’ হোৱাৰ পাছত ‘আইটেম ছং’টো গুৰুত্বহীন হৈ পৰিছিল৷

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform

Most popular

Follow us

Don't be shy, get in touch. We love meeting interesting people and making new friends.

%d bloggers like this: