





সন্দেহ নাই ‘দীনবন্ধু’ মুনিন বৰুৱাৰ সফল পৰিচালনা৷ সম্পূৰ্ণ ‘চিন্তা’ কিন্তু মুনিন বৰুৱাৰ নহয়৷ ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘চিন্তা’হে মুনিন বৰুৱাই ৰূপালী পৰ্দালৈ আনিছিল৷ পৰিচালনা শৈলীও ভবেন শইকীয়াৰ ‘চিনেকৰ্ম’ৰ পৰা মুক্ত নাছিল৷ আনহাতে ‘পিতা-পুত্ৰ’ৰ পৰিচালনা শৈলীও স্পষ্ট৷ ‘পিতা-পুত্ৰ’৷ পিতা আৰু পুত্ৰৰ সংঘাত, আদৰ্শৰ সংঘাত এই অসমীয়া চিনেমাখনৰ ‘কাহিনী’৷ এই চিনেমা আকৌ চালো ১২ এপ্ৰিল, ২০১৫ ত৷ প্ৰথমতে এটা কথা উল্লেখ কৰিব খুজিছোঁ– পিতা-পুত্ৰৰ সংঘাতক লৈ যিমান ভাৰতীয় চিনেমা নিৰ্মাণ হৈছে, সম্ভৱতঃ সিমান আৰু কোনো বিষয়কে লৈ হোৱা নাই৷ দ্বিতীয়তে ক’ব খুজিছোঁ, এই বিষয়ৰ চিনেমাসমূহ সংলাপ প্ৰধান; দৰ্শকক স্পৰ্শ কৰিছে সংলাপে৷ ব্যতিক্ৰম নহয় মুনিন বৰুৱাৰ ‘পিতা-পুত্ৰ’ও৷ –হয়, আমি যিখন পিতা-পুত্ৰ বিষয়ৰ চিনেমাৰ প্ৰসংগ আলোচনা কৰিব খুজিছোঁ, সেইখনৰ পৰিচালক মুনিন বৰুৱা৷ পৰিচালকগৰাকীৰ প্ৰথম স্বাধীন পৰিচালনা৷ চিনেমাখনৰ কাহিনীভাগ এনে ধৰণৰ–কিশোৰ পুত্ৰৰ দুৰাৰোগ্য ৰোগৰ বাবে নিজৰ আদৰ্শৰ ওচৰত হাৰ মানিছিল অভিনন্দন চলিহাই৷ দুৰ্নীতিৰ মাজত সোমাই পৰিছিল৷ কম দিনৰ ভিতৰতে ধনী-মানী হিচাবে সমাজত প্ৰতিষ্ঠিত হ’ল৷ কিন্তু অভিনন্দনৰ পুত্ৰ মানৱ; অতীতৰ অভিনন্দনক দেখা গ’ল মানৱৰ ৰূপত৷ দুৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ হ’ল মানৱৰ৷ দুৰ্নীতিৰ বিৰুদ্ধে এখন নিকা সমাজ গঢ়াৰ স্বাৰ্থত মানৱহঁতে প্ৰকাশ কৰিলে এখন কাকত–‘অংকুৰ’৷ পিতা-পুত্ৰৰ মাজত আৰম্ভ হোৱা সেই সংঘাতেই চিনেমাখনৰ চালিকা শক্তি৷ পৰিচালক মুনিন বৰুৱাই ‘পিতা-পুত্ৰ’ৰ চিত্ৰনাট্য ৰচনা কৰিছে অমূল্য কাকতিৰ ‘অংকুৰ’ নামৰ গল্প এটাৰ আধাৰত৷ গল্পটো পঢ়ি গ’লে, তাত ‘চিনেমা’ বিচাৰি পোৱা নাযায়৷ সম্ভৱ হৈছে চিত্ৰনাট্যকাৰৰ সুপৰিকল্পনাৰ বাবে৷ কেমেৰাৰ ভাষাৰ প্ৰয়োগ কম; কিন্তু সুন্দৰ৷ সংলাপৰ মাজেৰে পৰিচালকে ‘গল্প’ কৈছে, কিন্তু কোনো মুহূৰ্ততে দিগদাৰ পোৱা নাই৷ থকা নাই নাটকৰ পৰ্যায়তো৷ ইয়াৰ অন্যতম কাৰণ অভিনেতা-অভিনেত্ৰীৰ স্বাভাৱিক অভিনয়৷ মানৱৰ চৰিত্ৰত অভিনয় কৰা প্ৰাঞ্জল শইকীয়াৰ বাহিৰে কোনো এটা ‘চৰিত্ৰ’ৰে অভিনয়ত ‘নাটকীয়তা’ নাই৷ অভিনয় কৰিছে বিজু ফুকন, প্ৰাঞ্জল শইকীয়া, তপন দাস, ৰাজীৱ গোস্বামী, মিৰেল কুদ্দুছ, আদিল হুছেইন, মৃদুল বৰুৱা, পূৰৱী শৰ্মা, মঞ্জুলা বৰুৱা, ৰবীন ডেকা আদিয়ে৷ চিত্ৰগ্ৰহণ ইন্দুকল্প হাজৰিকাৰ৷ ১৯৮৮ত মুক্তি পোৱা এই চিনেমাখনৰ সংগীত ভূপেন উজীৰৰ৷ এইখিনিতে চিনেমাখনত ব্যৱহাৰ কৰা এটা ‘গীত’ৰ কথা উল্লেখ কৰিব খুজিছোঁ– ‘‘এখন নিকা সমাজ গঢ়িবলৈ ঘৃণাৰ জন্ম দিব লাগে, দুৰ্নীতিৰ বিৰুদ্ধে ঘৃণা’’–এটা সময়ত অভিনন্দন চলিহাই লিখিছিল৷ সেইজন অভিনন্দন চলিহাই তেওঁৰে বন্ধু এজনৰ দুৰ্নীতিৰ বিৰুদ্ধে লিখা পুত্ৰ মানৱৰ বাতৰিকাকত ‘অংকুৰ’ৰ প্ৰেছ বন্ধ কৰিব বুলি ভাবুকি দিয়ে৷ কাৰণ, পিতা অভিনন্দনৰ হাততেই প্ৰেছৰ চাবিকাঠী৷ ইয়াৰ প্ৰতিবাদতে সাতজন সংবাদকৰ্মী আলিবাটলৈ ওলাই আহে, আৰু গায়– “বন্ধ কৰিব মাত বন্ধ কৰিব হাত বন্ধ কৰিব ক্ষোভ প্ৰকাশৰ পথ নহ’লে নহ’লে কিদৰে চলিব বাৰু দেশ আৰু ৰাইজৰ প্ৰগতিৰ পথ….” সুন্দৰ চিত্ৰায়ণ৷ নিশা আলিবাটত৷ বুদ্ধিদীপ্ত শ্বটৰ সমাহাৰ৷ অসমীয়া চিনেমাৰ দৰ্শকে ‘নতুন’ সোৱাদ পাইছিল৷
Add comment