মালিগাঁৱৰ বৰিপাৰাস্থিত অভিনয় আৰু সংগীত প্ৰতিষ্ঠান ‘গন্ধৰ্ব’ৰ বিংশতিতম বৰ্ষপূৰ্তি উপলক্ষে অহা ৬ আৰু ৭ ডিচেম্বৰ, ২০২৪ তাৰিখে দুদিনীয়াকৈ দ্বিতীয় বাৰ্ষিক “গন্ধৰ্ব নাট মহোৎসৱ” মালিগাঁৱৰ বৰিপাৰাস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত আয়োজন কৰিছে বুলি অনুষ্ঠানটিৰ সভাপতি গৌতম কুমাৰ আৰু সম্পাদক ধ্ৰুৱজ্যোতি কুমাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ যোগে জনাইছে৷ প্ৰথম নিশাৰ নাট্য সন্ধিয়াটি বিখ্যাত শিল্পী সুদক্ষিণা শৰ্মাৰ সোঁৱৰণত ‘গন্ধৰ্ব’ৰ স্ব-প্ৰযোজনাত হিমজ্যোতি বৈশ্যৰ ৰচনা আৰু ধ্ৰুৱজ্যোতি কুমাৰৰ পৰিচালনাত নাটক ‘দৃষ্টান্ত’, আৰু বিশিষ্ট নাট্যকাৰ নৰেন পাটগিৰিৰ ৰচনা আৰু পৰিচালনাত ভাৰতীয় গণনাট্য সংঘৰ প্ৰযোজনাত নাটক ‘প্ৰিয়বন্ধু’ সন্ধিয়া ৬.৩০ বজাৰ পৰা মঞ্চস্থ কৰাৰ লগতে দ্বিতীয় নিশাৰ নাট্য সন্ধিয়াটি অভিনেতা জয়ন্ত দাসৰ সোঁৱৰণত নটসূৰ্য, গুৱাহাটীৰ প্ৰযোজনাত নাট্যকাৰ অভিজিৎ ৰঞ্জন ভট্টাচাৰ্য্যৰ ৰচনা আৰু মন্মথ বৰুৱাৰ পৰিচালনাত নাটক ‘হালধীয়া মানুহ’ সন্ধিয়া ৬.৩০ বজাত মঞ্চস্থ কৰা হব।
নাট মহোৎসৱৰ লগত সঙ্গতি ৰাখি পোন প্ৰথমবাৰৰ বাবে ‘গন্ধৰ্ব’ই প্ৰকাশ কৰি উলিওৱা বিশিষ্ট সাংস্কৃতিক সাংবাদিক তথা লেখক অতুল মজুমদাৰ’ৰ ‘নাট্য প্ৰবাহ’ নামৰ গ্ৰন্থখনি উন্মোচন কৰিব নাট্যকাৰ নৰেন পাটগিৰিয়ে প্ৰথম নিশাৰ নাট্য সন্ধিয়াটিত। দ্বিতীয় নিশা অৰ্থাৎ ৭ ডিচেম্বৰ তাৰিখে বিচমিল্লা খাঁ বঁটা প্ৰাপক ডিম্পী বৈশ্যৰ সত্ৰীয়া নৃত্যৰে সেইদিনাৰ সন্ধিয়াটি শুভাৰম্ভনী কৰা হব।
‘গন্ধৰ্ব’ৰ বিংশতিতম বৰ্ষপূৰ্তিৰ লগত সঙ্গতি ৰাখি অহা ৭ ডিচেম্বৰ, আবেলি ৩.০০ বজাৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ জীৱন শিল্পী আদ্য শৰ্মা সোঁৱৰণী ‘চিত্ৰাংকণ প্ৰতিযোগিতা’ আৰু ডিচেম্বৰৰ ৮ তাৰিখে ৰাতিপুৱা ১০.০০ বজাৰ পৰা চতুৰ্দশ বাৰ্ষিক সদৌ অসম ভিত্তিত ‘ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা’ দুটা শাখাত অনুষ্ঠিত হ’ব (‘ক’ শাখা ১৫ বছৰ তলৰ আৰু ‘খ’ শাখা ১৫ বছৰ ওপৰৰ)৷ প্ৰতিযোগীয়ে বয়সৰ প্ৰমাণ পত্ৰ জমা দিয়াটো বাধ্যতামূলক৷ প্ৰতিযোগিতাত বাদ্যযন্ত্ৰী উদ্যোক্তাৰ তৰফৰ পৰা যোগান ধৰা হ’ব৷ প্ৰতিযোগিতাত প্ৰতিযোগীৰ সাঁজপাৰ মাৰ্জিত হোৱাটো বাঞ্ছনীয়৷ যিকোনো সিদ্ধান্তৰ ক্ষেত্ৰত কমিটিৰ সিদ্ধান্ত চূড়ান্ত বুলি বিবেচিত হ’ব৷ ৮ ডিচেম্বৰত সন্ধিয়া ৭.০০ বজাত বঁটা বিতৰণী অনুষ্ঠানত নগদ ধন আৰু চূড়ান্ত বঁটাৰ লগতে প্ৰমাণ প্ৰত্ৰ বিজয়ী প্ৰতিযোগীক প্ৰদান কৰি সাংস্কৃতিক অনুষ্ঠানেৰে গন্ধৰ্বৰ বৰ্ষপূতিৰ সামৰণি ঘটিব। সবিশেষ জানিবৰ বাবে ৯৮৬৪১-৩০৫৭২, ৯৩৬৫৩-৪৩১৯৫, ৭০০২৮-৪৭২৪০ – এই নম্বৰসমূহত যোগাযোগ কৰিব পাৰিব বুলি ‘গন্ধৰ্ব’ই এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে৷
–ৰূপকাৰ চিনে এণ্টাৰপ্ৰাইজ
Add comment