Rupaliparda.com
"অস্তিত্ব" ই মুহিলে একাংশকঃ কি ক'লে দৰ্শকে- 1

“অস্তিত্ব” ই মুহিলে একাংশকঃ কি ক’লে দৰ্শকে-

চলিত মাহৰ শুক্ৰবাৰে অৰ্থাৎ ৮ নৱেম্বৰ তাৰিখে অসমীয়া সামাজিক ছবি “অস্তিত্ব” ই লাভ কৰিছিল মুক্তি। গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত ছবিখনে ইতিমধ্যে মুক্তি লাভ কৰিছে। “অস্তিত্ব” চাবলৈ যোৱা প্ৰায় প্ৰত্যেকজন দৰ্শকে ছবিখনৰ প্ৰশংসা কৰিছে। ছবিখনক উদ্দেশ্যি কৰা দৰ্শকৰ ৰিভিউ সমূহ চাওঁচোন আহকঃ

"অস্তিত্ব" ই মুহিলে একাংশকঃ কি ক'লে দৰ্শকে- 2
"অস্তিত্ব" ই মুহিলে একাংশকঃ কি ক'লে দৰ্শকে- 3
"অস্তিত্ব" ই মুহিলে একাংশকঃ কি ক'লে দৰ্শকে- 4
"অস্তিত্ব" ই মুহিলে একাংশকঃ কি ক'লে দৰ্শকে- 5
"অস্তিত্ব" ই মুহিলে একাংশকঃ কি ক'লে দৰ্শকে- 6
"অস্তিত্ব" ই মুহিলে একাংশকঃ কি ক'লে দৰ্শকে- 7


মিৰ্জা আৰিফৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখন হৈছে এখন সঁচা অৰ্থত “অসমীয়া” ৰ ছবি। অসমীয়াৰ অস্তিত্বক পুনৰবাৰ জীৱিত কৰি ৰখাৰ স্বাৰ্থত নিৰ্মাণ কৰা হৈছে এই ছবিখন লগতে অসমীয়াৰ ভিতৰৰ আৰ্তনাদ, ভিতৰৰ যিখিনি কোলাহল অথবা ভিতৰৰ যিখিনি তেওঁৰ নিজৰ মাজতেই হৈ থকা দ্বন্দ; সেইখিনিয়ে হৈছে “অস্তিত্ব”।


অস্তিত্ব” ত বহু ন-পুৰণি শিল্পীৰ সমাহাৰ ঘটাইছে পৰিচালকে। ব্ৰজেন বৰা, সিদ্ধাৰ্থ মূখাৰ্জী, লনিশ্ৰী দাস, দূৰ্গাশ্ৰী বৰা, মনোজ গগৈ, বিভাষ সিনহা, ৰুণুমী দেৱী, উদলক য়গী, ৰণিত চৌধুৰী, মহিবুৰ ৰহমান, কুলদীপ বৰা, জ্যোতি শংকৰ, ৰাজীৱ ক্ৰ’ লগতে স্মৃতি দাসে অভিনয় কৰিছে বোলছবিখনত।

"অস্তিত্ব" ই মুহিলে একাংশকঃ কি ক'লে দৰ্শকে- 8


বহু প্ৰশংসাৰ পিছতো ছবিখনে লাভ কৰা নাই আশানুযায়ী বস্ক অফিচ কালেকচন। “ৰত্নাকৰ”, “কাঞ্চনজংঘা” তেই সীমাবদ্ধ নেকি অসমীয়া ছবিৰ সুদিন? জুবিন, যতীনৰ বাহিৰে অইন অসমীয়া ছবিয়ে লাভ কৰিবনে দৰ্শকৰ সঁহাৰি?

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.