জাহ্নু বৰৱাৰ পৰিচালনা আৰু শৈলধৰ বৰুৱাৰ প্ৰযোজনাৰে ২০০২ চনৰ ডিচেম্বৰ মাহৰ ২০ তাৰিখে মুক্তি প্ৰাপ্ত বোলছবি “কণিকাৰ ৰামধেনু” অৰ্থাৎ “Ride on the Rainbow”। ১১২ মিনিট দৈৰ্ঘ্যৰ এই বোলছবিখন ২০০২ চনত অক্টোবৰত দিল্লীৰ আই এফ এফ আইৰ ইণ্ডিয়ান পেনোৰামাত আৰু ২০০২ চনৰ মুম্বাইত আন্তৰাষ্ট্ৰীয় উৎসৱত প্ৰদৰ্শন কৰা হয়। ২০০২ চনতে উক্ত বোলছবিখনে শ্ৰেষ্ঠ আঞ্চলিক চলচিত্ৰৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।

বোলছবিখন মূলতঃ এটা শিশুৰ মনস্তাত্বিক অৱস্থাৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। এটা স্বাভাৱিক পৰিৱেশ নাপালে এটা শিশুৰ মানসিক অৱস্থাৰ কেনে ভয়াৱহ পৰিণতি হ’ব পাৰে তাকেই প্ৰতিফলিত কৰা হৈছে বোলছবিখনত। এটা শিশু “কুকৈ”; তাৰ ঘৰৰ টাপলি মৰা অৱস্থাৰ ফলত সি পঢ়াত যথেষ্ট ভাল হোৱা স্বত্বেও তাৰ স্কুলৰ মাহেকীয়া মাছুল দিয়াত অসমৰ্থ আছিল তাৰ পিতৃ-মাতৃ। ফলত স্কুলৰ হেডমাষ্টৰৰ পৰা অৱহেলিত হয় আৰু লগতে পিতৃ-মাতৃৰ পৰাও অৱজ্ঞা পোৱা কুকৈয়ে এদিন ঘৰ এৰি পলাই গুৱাহাটীত গেৰেজত কাম কৰিবলৈ লয়। কিন্তু গেৰেজৰ মালিকৰ পৰাও বিনা কথাত পোৱা শাস্তিয়ে তাত অস্বস্তি কৰি পেলাই আৰু সি গেৰেজৰ মালিকৰ হত্যা কৰে। ইয়াৰ পিছতেই তাক পঠোৱা হয় শিশু অপৰাধী থকা ঘৰ অৰ্থাৎ “জুভেনাইল হ’ম”। তাত থকা কিছুদিন পিছতেই তাৰ জীৱন সম্পূৰ্ণ সলনি হৈ যায়। এয়া হ’ল বোলছবিখনৰ কাহিনী।

বোলছবিখনত অভিনয় কৰিছে মলয়া গোস্বামী, বিষ্ণু খাৰঘৰীয়া, দিনেশ দাস, ৰণিক, অভিনাশ শৰ্মা,অশ্বিনী ভূঞা, ইন্দ্ৰানী গগৈ, ৰেবা ফুকন। বোলছবিখনত থকা প্ৰত্যেকটো চৰিত্ৰকেই সুকীয়া ব্যক্তিত্বৰে গঢ় দিয়া হৈছে। অপৰাধী থকা ঘৰত হোৱা দূৰ্নীতিৰো আভাষ দিয়া হৈছিল বোলছবিখনত। যেনেঃ ঘৰটোত শিশু কেইটাক খোৱাবলৈ ব্যৱহাৰ কৰা গেলা শাক-পাচলি,সপ্তাহৰ ভিতৰত এদিন অহা মাংসয়ো কৰ্মচাৰীয়ে ঘৰলুকী কৰা আদি ভিন ভিন প্ৰচলিত দূৰ্নীতিৰ উদাহৰণ দিয়া হৈছে বোলছবিখনত।

ইয়াৰ মাজতে বোলছবিখনত “জুভেনাইল হ’ম” ত থকা কিছু কাঢ়া নিয়মৰ মাজেৰে চলা লোকৰ চৰিত্ৰৰো উদাহৰণ দিয়া হৈছে। সকলো শিশুক সমদৃষ্টিৰে চাই তেওঁলোকৰ কল্পনা বা মানসিক পৰিস্থিতিৰ বুজ লোৱাৰ লগতে তেওঁলোকক একোজন সফল মানুহৰূপে গঢ় দিয়াৰ ব্যৱস্থা কৰিছিল তেওঁলোকে। জুভেনাইল হ’মৰ “হেড মেম” চৰিত্ৰত থকা মলয়া গোস্বামী আৰু “ওৱাৰ্ডেন ককা” ওৰফে “বিশ্ব বড়ো” ৰ চৰিত্ৰত থকা বিষ্ণু খাৰঘৰীয়াৰ অভিনয় লেখত ল’বলগীয়া। মূখ্য চৰিত্ৰ “কুকৈ” ত ৰণিকে তেওঁৰ চৰিত্ৰটো সুন্দৰ ৰূপত উপস্থাপন কৰিছে।

বোলছবিখনত শিশু ৰ মাজত থকা কল্পনাপ্ৰৱণতা তথা উৎস্যুকতাকো উদঙাই দিয়া হৈছে। তেওঁলোকৰ মনৰ মাজত থকা সাতোৰঙী ৰামধেনুত বগোৱা, নৈৰ পাৰত কৰা ধেমালি, জলপ্ৰপাতৰ ঠাণ্ডা অনুভৱ, সাগৰৰ বিশালতা ও গভীৰতাকো প্ৰতিফলিত কৰা হৈছে বোলছবিখনৰ মাজেৰে।

উল্লেখ্য যে, বোলছবিখন নিৰ্মাণৰ পূৰ্বেই জাহ্নু বৰুৱাই প্ৰায় ১২ টা জুভেনাইল হ’ম পৰিদৰ্শন কৰে আৰু তাত হোৱা ৮০ শতাংশৰো অধিক ঘটনাৰ মীমাংসা নেতিবাচক বুলি প্ৰকাশ কৰে
Add comment