Rupaliparda.com
কপিল দেৱৰ "নটৰাজ শ্ব'ট" ৰ অনুশীলনত ৰণৱীৰ সিংঃ 1

কপিল দেৱৰ “নটৰাজ শ্ব’ট” ৰ অনুশীলনত ৰণৱীৰ সিংঃ

আগন্তুক বলীউড ছবি “৮৩” ত ৰণৱীৰ সিঙে ভাৰতৰ জনপ্ৰিয় ক্ৰিকেটাৰ কপিল দেৱৰ চৰিত্ৰ ৰূপায়ন কৰিছে। ছবিখনৰ বাবে অভিনেতা গৰাকীয়ে কেৱল মাত্ৰ কপিল দেৱৰ দৰে দেখাতে নহয় তেওঁৰ দৰে ক্ৰিকেট ফিল্ডত খেলিবলৈও যত্ন কৰা দেখিবলৈ পোৱা গৈছে।

কপিল দেৱৰ "নটৰাজ শ্ব'ট" ৰ অনুশীলনত ৰণৱীৰ সিংঃ 2


এনেক্ষেত্ৰতে, ৰণৱীৰক কপিল দেৱৰ জনপ্ৰিয় “নটৰাজ শ্বট” ৰ অনুশীলন কৰা দেখিবলৈ পোৱা গৈছে; য’ত অভিনেতাগৰাকীয়ে পূৰ্ণৰূপত ক্ৰিকেটাৰ গৰাকীৰ দৰেই শ্বট দিছে।


উল্লেখ্য যে, উক্ত শ্বট’টো কপিল দেৱে ১৯৮৩ ত হোৱা ওৱৰ্ল্ড কাপৰ সময়ছোৱাত লগাইছিল আৰু জিম্বাৱেৰ বিৰুদ্ধে খেলা এই খেলখনত ক্ৰিকেটাৰজনে ১৭৫ ৰাণ কৰিবলৈ সক্ষম হৈছিল।

কপিল দেৱৰ "নটৰাজ শ্ব'ট" ৰ অনুশীলনত ৰণৱীৰ সিংঃ 3


ভাৰত তথা জিম্বাৱেৰ মাজত হোৱা এই খেলখনক আটাইতকৈ স্মৰণীয় খেল বুলি কোৱা হৈছিল যদিও ইয়াৰ কোনো ৰেকৰ্ডিং নাছিল লগতে ইয়াৰ প্ৰচাৰিত কৰা হোবা নাছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.