Rupaliparda.com
ব্যক্তিগত জীৱনত "টিক-টক" ৰ পৰা দূৰত য়ামীঃ 1

ব্যক্তিগত জীৱনত “টিক-টক” ৰ পৰা দূৰত য়ামীঃ

ছবিগৃহত দৰ্শকৰ বৃহৎ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা ছবি “বালা” য়ে ইতিমধ্যে কোটি টকা অৰ্জনেৰে হিট ছবিত অন্তৰ্ভূক্তি লাভ কৰিছে। অভিনেত্ৰী য়ামী গৌতমে ছবিখনত এগৰাকী চুপাৰহিট টিকটক ইউজাৰৰ চৰিত্ৰ ৰূপায়ন কৰিছে।

ব্যক্তিগত জীৱনত "টিক-টক" ৰ পৰা দূৰত য়ামীঃ 2


কিন্তু, আপোনালোকে শুনিলে আচৰিত হ’ব যে ৰিয়েল লাইফত য়ামী গৌতমে টিকটক চলাব নোৱাৰে। য়ামীয়ে কয় যে, ” মোৰ ব্যক্তিগত জীৱনত মই টিকটকৰ “টি’ টোও নোৱাৰো; মই ইয়াৰ পৰা বহু দূৰতেই আছো। মই যেতিয়া প্ৰথমবাৰৰ বাবে টিকটক দেখিছিলো তেতিয়া লাগিছিল যে ই দেখোন সম্পূৰ্ণ এখন বেলেগ পৃথিৱী। মনোৰঞ্জনো কৰায় টিকটকে লগতে এক মিনিটতে মানুহৰ প্ৰতিভাৰ সোঁৱাদ পোৱা যায় ইয়াত।”

ব্যক্তিগত জীৱনত "টিক-টক" ৰ পৰা দূৰত য়ামীঃ 3


অভিনেত্ৰী গৰাকীয়ে ছবিৰ শ্বুটিঙৰ সময়ছোৱাতহে কেৱল চৰিত্ৰটো ৰূপায়নৰ বাবে টিকটক খুলিছিল কিন্তু শ্বুটিঙ শেষ হোৱা পিছত ইয়াক খুলি চোৱা নাছিল; কিয়নো এইবোৰ তেওঁৰ বাবে নাছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.