Rupaliparda.com
ইতিমধ্যে শেষ হৈছে "ইপাৰ-সিপাৰ" ৰ প্ৰচাৰঃ মুক্তি লাভ কৰিব ১৫ নৱেম্বৰত- 1

ইতিমধ্যে শেষ হৈছে “ইপাৰ-সিপাৰ” ৰ প্ৰচাৰঃ মুক্তি লাভ কৰিব ১৫ নৱেম্বৰত-

চলিত মাহৰ ১৫ তাৰিখে মুক্তি লাভ কৰিব প্ৰণৱজ্যোতি ভৰালীৰ পৰিচালনাৰে অসমীয়া ছবি “ইপাৰ-সিপাৰ”-এ। অসমৰ বিভিন্ন প্ৰান্তলৈ গৈ ছবিখনে ইতিমধ্যে নিজৰ প্ৰচাৰ শেষ কৰিছে।

ইতিমধ্যে শেষ হৈছে "ইপাৰ-সিপাৰ" ৰ প্ৰচাৰঃ মুক্তি লাভ কৰিব ১৫ নৱেম্বৰত- 2


লতা বৰদলৈৰ প্ৰযোজনাৰে তথা অমৃতা গগৈ আৰু উদয়ৰ দুৱৰা অভিনীত এই ছবিখনৰ অহা কালি অৰ্থাৎ ১২ নৱেম্বৰ তাৰিখে গুৱাহাটী কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰৱনত বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। অসমীয়া চলচিত্ৰ জগতৰ বিভিন্ন জন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব এই বিশেষ প্ৰদৰ্শনীটোত।

ইতিমধ্যে শেষ হৈছে "ইপাৰ-সিপাৰ" ৰ প্ৰচাৰঃ মুক্তি লাভ কৰিব ১৫ নৱেম্বৰত- 3


কমেডী-ট্ৰেজেডী আদিৰ সম্পূৰ্ণ সমাৱেশ ঘটা উক্ত ছবিখন এখন গাঁৱক কেন্দ্ৰ কৰি নিৰ্মিত কৰা হৈছে। গাঁৱত অনুষ্ঠিত এখন ভাওঁনাত গাওঁবাসীৰ মাজত হোৱা ভুল বুজাবুজিক লৈয়ে ঘূৰিব “ইপাৰ-সিপাৰ” ৰ কাহিনীভাগ।

Add comment

Leave a Reply