Rupaliparda.com
অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ জন্মদিনত তেওঁৰ বিষয়ে জানো আহক কেইটিমান কথাঃ 1

অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ জন্মদিনত তেওঁৰ বিষয়ে জানো আহক কেইটিমান কথাঃ

বলীউড অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে আজি উদযাপন কৰিছে ৩৩ সংখ্যক জন্মদিন।”ষ্টাৰ কিড” হোৱা স্বত্বেও অভিনেত্ৰী গৰাকীৰ গণনা এনে কিছু শিল্পীৰ অংকত হয়; যি সকল শিল্পী নিজ প্ৰতিভাৰ বাবে আগবাঢ়িছে। ২০১৬ চনত মুক্তি পোৱা “ফৰ্বছ এছিয়া” ত ৩০ বছৰতকৈ নিম্ন দমদাৰ মহিলাৰ তালিকাত শ্ৰদ্ধা কাপুৰৰ নাম সন্নিৱিষ্ট কৰা হৈছিল। শ্ৰদ্ধা কাপুৰে ২৯ টা ভিন্ন পুৰস্কাৰৰ বাবে মনোনয়ন লাভ কৰিছিল। এই গৰাকী অভিনেত্ৰীৰ বিষয়ে জানো আহক কেইটামান নজনা কথাঃ

অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ জন্মদিনত তেওঁৰ বিষয়ে জানো আহক কেইটিমান কথাঃ 2

১. ২০১০ চনত মুক্তিপ্ৰাপ্ত “তীন পত্তীৰ” ৰ পৰা শ্ৰদ্ধাই লাভ কৰিছিল অভিনয় কৰাৰ সুবিধা। অমিতাভ বচ্চনৰ সৈতে অভিনয় জীৱনৰ প্ৰথমখন ছবি লাভ কৰাৰ পিছতো তেওঁক সঁহাৰি জনোৱা নাছিল দৰ্শকে কিয়নো এই ছবিখনত তেওঁৰ চৰিত্ৰটো একেবাৰেই সৰু আছিল।

২. সৰু থাকোতে শ্ৰদ্ধা কাপুৰ যেতিয়া খেলিবলৈ ওলাই গৈছিল; সেইটো সময়তে তেওঁৰ চলন-ফুৰণত সকলোৱে তেওঁক “ল’ৰা” বুলিয়ে কৈছিল। ইয়াৰ উপৰিও, অভিনেত্ৰী গৰাকীৰ পৰিয়ালৰ সদস্যও তেওঁক চিনি পাবলৈ অসুবিধাৰ সন্মুখীন হৈছিল।

অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ জন্মদিনত তেওঁৰ বিষয়ে জানো আহক কেইটিমান কথাঃ 3

৩. শ্ৰদ্ধা কাপুৰৰ মনোবিজ্ঞান বিষয়ৰ প্ৰতি সম্যক জ্ঞান আছে। তেওঁক বষ্টন বিশ্ববিদ্যালয়ত অন্তৰ্ভূক্তি কৰা হৈছিল যদিও শ্ৰদ্ধাই প্ৰথমটো বছৰতে এৰি দিছিল।

৪. শ্ৰদ্ধাই ১৬ বছৰ বয়সতে অভিনেতা ছলমান খানৰ পৰা লাভ কৰিছিল ছবিৰ অফাৰ। কিন্তু সেইটো সময়ত তেওঁ এগৰাকী মনোবিজ্ঞানী হ’ব বিচাৰিছিল বাবেই এই ছবিখন তেওঁ গ্ৰহণ কৰা নাছিল।

অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ জন্মদিনত তেওঁৰ বিষয়ে জানো আহক কেইটিমান কথাঃ 4


নিজৰ অভিনয় তথা নৃত্যৰে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰা শ্ৰদ্ধাৰ অনুৰাগীৰ সংখ্যা লেখত ল’বলগীয়া। এই গৰাকী অভিনেত্ৰীক ৰূপালী পৰ্দাৰ ফালৰ পৰা জনাইছো জন্মদিনৰ অশেষ শুভকামনা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.