অসমীয়া উল্লেখ্যনীয় এগৰাকী গায়ক, সুৰকাৰ, সংগীত পৰিচালক তথা গীতিকাৰ হৈছে জয়ন্ত হাজৰিকা। ১৯৬০ দশকৰ পৰা সংগীত জগতত নিজ কেৰিয়াৰ আৰম্ভ কৰা এই গৰাকী শিল্পী যুৱ চামৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল যদিও তেওঁৰ সাংস্কৃতিক জীৱন কাল বৰ চমু আছিল। ৩৪ বছৰ বয়সতে মৃত্যু বৰণ কৰা এই গৰাকী শিল্পীয়ে ৯ বছৰ বয়সতে গীতত সুৰ দিয়া আৰম্ভ কৰিছিল। তেওঁ হীৰেণ ভট্টাচাৰ্যৰ এটি গীত “ফুলেৰে চাকি উৰণীয়া” ত সুৰ দিয়াৰ সমান্তৰালকৈ ভূপেন হাজৰিকাৰ সৈতেও বিভিন্ন সাংস্কৃতিক মঞ্চত গীত পৰিৱেশন কৰিবলৈ সুবিধা লাভ কৰিছিল।


“মণিৰাম দেৱান” কে ধৰি “লটিঘটি”, “চিকমিক বিজুলী” আদি কেইবাখনো ছবিৰ গীতত কন্ঠদান কৰাৰ পিছতেই জয়ন্ত হাজৰিকাই এগৰাকী সংগীত পৰিচালক হিচাপেও কাম কৰিবলৈ লয়। “চিকমিক বিজুলী” ছবিখনৰ আৱহ সংগীত পৰিচালক ৰূপে কাম কৰে জয়ন্ত হাজৰিকাই। ১৯৭২ চনৰ ১৪ ফেব্ৰুৱাৰীত অক্টোবৰ ক্লাবৰ আহ্বানত বাৰ্লিনত অনুষ্ঠিত “ৰাজনৈতিক সংগীতৰ আন্তৰ্জাতিক সন্মিলনীত” ড° ভৃপেন হাজৰিকাৰ সৈতে যোগ দিছিল এই গৰাকী শিল্পী জয়ন্ত হাজৰিকাইও। ৩৪ বছৰৰ কম বয়সতে মৃত্যু হোৱা এই গৰাকী শিল্পীৰ সংগীত পৰিচালক হিচাপে কেইবাখনো ছবিৰ কাম আধৰুৱা হৈ ৰৈছিল। ২০ চেপ্তেম্বৰ,১৯৪৩ চনত জন্মগ্ৰহণ কৰা জয়ন্ত হাজৰিকাৰ মৃত্যু হৈছিল ১৯৭৭ চনৰ ১৫ অক্টোবৰ তাৰিখে।
Add comment