Rupaliparda.com
অসমীয়াই নিজেই হেৰুৱাইছে নেকি অসমীয়া "ভাল" গীতৰ সোঁৱাদ?? 1

অসমীয়াই নিজেই হেৰুৱাইছে নেকি অসমীয়া “ভাল” গীতৰ সোঁৱাদ??

হলীউড, বলীউড আৰু টলীউডৰ সংগীত ক্ষেত্ৰখনৰ দৰেই আমাৰ অসমীয়া সংগীত ক্ষেত্ৰখনো সমানেই চহকী। শংকৰদেৱ, মাধৱদেৱৰ দৰে একোগৰাকী মহান ব্যক্তিৰ অৱস্থিতিৰ লগতে এই ক্ষেত্ৰখনত আছে ড° ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, খগেন মহন্ত ইত্যাদি কেইবাগৰাকীও জনপ্ৰিয় শিল্পীৰ কৰ্ম। বৰ্তমান সময়তো এই ক্ষেত্ৰখনক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত কৰিবলৈ চেষ্টা কৰিছে একাংশ অসমীয়া শিল্পীয়ে। নিতৌ ন-ন প্ৰতিভাৰ নিৰ্দশন দেখিবলৈ পোৱা যায় এই ক্ষেত্ৰখনত। একো একোটা গীতেৰে ক্ষন্তেকতে জনপ্ৰিয় হৈছে একোজন ন-শিল্পী। কিন্তু, এতিয়া প্ৰশ্ন হয়; অসমীয়া শ্ৰোতাই হেৰুৱাইছে নেকি বাৰু “ভাল” সংগীতৰ সোঁৱাদ?

অসমীয়াই নিজেই হেৰুৱাইছে নেকি অসমীয়া "ভাল" গীতৰ সোঁৱাদ?? 2


য’ত “বুকু হ’ম হ’ম কৰে”, “মানুহে মানুহৰ বাবে” আদি বিভিন্ন জনসাধাৰণৰ দেহ-মন জগাই তোলা একোটা গীতৰ সৃষ্টি হৈছে; তাতেই আজি কালি নিৰ্মিত একোটা গীতৰ জনপ্ৰিয়তাই ম্লানটো কৰি পেলোৱা নাই অসমীয়া “ভাল” গীতৰ অস্তিত্ব?? ঋণাত্মক সমালোচনা হোৱাৰ স্বত্বেও এটি গীতে ইউটিউবত লাভ কৰে মিলিয়নৰ অংকত ভিউৱাৰচ কিন্তু একোটা মন-পৰশা গীতে শ্ৰোতাক আকৰ্ষণ কৰা পিছতো হৈ নুঠে জনপ্ৰিয়। ইয়াৰ বাবে আছলতে দায়ী কোন??

অসমীয়াই নিজেই হেৰুৱাইছে নেকি অসমীয়া "ভাল" গীতৰ সোঁৱাদ?? 3
অসমীয়াই নিজেই হেৰুৱাইছে নেকি অসমীয়া "ভাল" গীতৰ সোঁৱাদ?? 4


কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত অনুৰাগ শইকীয়াৰ সপোন “প্ৰজেক্ট বৰগীত” মুকলি কৰা হৈছিল। ৫০০ বছৰ পূৰণি “আৰে কম্পিত” শীৰ্ষক এই বৰগীতটিত কোনো ফিউজন প্ৰদান নকৰি ওৱেষ্টাৰ্ন ক্লাছিকৰ সৈতে সংলগ্ন কৰা হৈছিল। অনুৰাগ শইকীয়াৰ এই প্ৰকল্পটিত বিশ্বৰ বিভিন্ন ঠাইৰ ৮০ গৰাকী সংগীত শিল্পীৰ লগতে অংশগ্ৰহণ কৰিছিল ১৫ গৰাকী কলা-কুশলীয়ে। গীতটিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সমাদৰ বুটিলিবলৈ সক্ষম হৈছে যদিও ইউটিউবত ইয়াৰ ভিউৱাৰচৰ সংখ্যা মাত্ৰ এতিয়া ৯৪ হাজাৰ। এক কথাত ক’বলৈ গ’লে, অইনৰ তুলনাত “প্ৰজেক্ট বৰগীত” হৈছে অসমীয়া জাতিৰ স্বাভিমান। তৎস্বত্বেও, ই ভাইৰেল হোৱা নাই চচিয়েল মিডিয়াত। সেইবাবেই প্ৰশ্ন হয়; আমিয়ে নিজৰ মাজতেই হেৰুৱাইছো নেকি অসমীয়া “ভাল” গীতৰ সোঁৱাদ?

আপুনি কি ভাৱে?উত্তৰ দিবলৈ কমেন্ট কৰক।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform