৬ মাৰ্চৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’বলগীয়া “চলচিত্ৰম নেচনেল ফিল্ম ফেষ্টিভেল” ত প্ৰদৰ্শন কৰা হ’ব জুবিন গাৰ্গ, তপন দাস, নিশিতা গোস্বামী আৰু গায়ত্ৰী মহন্ত অভিনীত এখন জনপ্ৰিয় অসমীয়া ছবি “দীনবন্ধু”। ৭ মাৰ্চৰ দুপৰীয়া ২.৩০ টা বজাত প্ৰদৰ্শিত কৰা হ’ব উক্ত ছবিখন। গুৱাহাটী স্থিত জ্যোতি চিত্ৰৱনৰ ফিল্ম ষ্টুডিঅ’ৰ চৌহদত অনুষ্ঠিত হ’বলগীয়া এই ছবি মহোৎসৱখনত বিভিন্ন বিষয়ৰ কেইবাখনো ছবি প্ৰদৰ্শিত কৰা হ’ব। আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উপলক্ষে বিশেষভাৱে নিৰ্বাচিত ছবি প্ৰদৰ্শিত কৰাৰ লগতে ছবি সম্পৰ্কীয় কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হ’ব “চলচিত্ৰ্ম নেচনেল ফিল্ম ফেষ্টিভেল” ত।

আনহাতে, ৭ মাৰ্চত প্ৰদৰ্শিত হ’বলগীয়া “দীনবন্ধু” ছবিখন হৈছে পৰিচালক মুনীন বৰুৱাৰ দ্বাৰা পৰিচালিত ছবি সমূহৰ ভিতৰত এখন উল্লেখযোগ্য ছবি। ২ ঘন্টা ৩০ মিনিট দৈৰ্ঘ্যৰ এই ছবিখন ভৱেন্দ্ৰ নাথ শইকীয়াৰ “যৌতুক” নামে গল্পটিৰ আধাৰত নিৰ্মিত।

সাধাৰণ শ্ৰেণীৰ লোক এজনৰ জীৱন কাহিনীৰ ওপৰত নিৰ্মিত কৰা হৈছিল “দীনবন্ধু”। কোনো ধৰণৰ দূনীৰ্তি অথবা ভ্ৰষ্টাছাৰ অবিহনেই নিজৰ আৰ্জিত কিছু ধনৰ লগত ; দুজনী জীয়ৰীক লৈয়ে সুখী পৰিয়াল আছিল চিনেমাখনৰ নায়কৰ ।ডাঙৰ জীয়েকৰ বিয়াত বিয়ৈ ফালৰ সকলো ইচ্ছাত ক্ৰুটি নপৰাকৈ চেষ্টা কৰিছিল নায়ক গৰাকীয়ে। শেষত,তেওঁ নিজৰ বিবাহ তথা ডাঙৰ জীয়েকৰ বিয়াত ইমানেই টকা খৰচ কৰিছিল যে সৰু জীয়েকৰ বিবাহৰ সময়ত তেওঁৰ তলি উদং হৈ পৰিছিল। নায়ক গৰাকী উপায়হীন হয় তেওঁৰ সৰু জীয়েকক তেওঁ এখন চিঠিৰ জৰিয়তে বৰ্ণনা কৰি পলাই যোৱাৰ আদেশ দিছিল। এয়াই আছিল “দীনবন্ধু” ৰ কাহিনীভাগ। উল্লেখ্য যে, এই ছবি মহোৎসৱখনত উক্ত ছবিখন চাবলৈ প্ৰৱেশ বিনামূলীয়া হ’ব।
Add comment