অসমৰ কেইবাজনো জনপ্ৰিয় শিল্পীৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত দুটি গীত। এক কথাত ক’বলৈ গ’লে সাম্প্ৰতিক সময়ৰ “অসম” ক বাখ্যা কৰি নিৰ্মাণ কৰি ওলোৱা হৈছিল এই দুটি গীত। “আমাৰ অসম” আৰু “গ্লোৱেল ওৱাৰ্মিং” শীৰ্ষক এই গীত দুটিয়ে সাংস্কৃতিক মহলত খলকনিৰ সৃষ্টি নকৰাকৈ হয়টো থকা নাছিল। অৱশ্যে, অসমত প্ৰতিভাৰ বৃহৎ অংকই নিতৌ নতুন মাধ্যমেৰে অসমৰ জনসাধাৰণক উৎসাহিত কৰি ৰাখে। সাধাৰণ জনৰ মন-মগজুত এই প্ৰতিভাৰ নামবোৰে অৱস্থিতি নাপালেও তেওঁলোকৰ সৃষ্টিয়ে দৰ্শকৰ মন মুহিবলৈ সক্ষম হয়। উক্ত গীতটিৰ নাম কওঁতেই হয়টো আপোনালোকৰ মনত প্ৰশ্ন উঠিছে যে কোন আছিল এই গীত দুটিৰ আঁৰৰ ব্যক্তিজন? ২০১৪-১৫ চনৰ পৰা সংগীত জগত খনত খোজ দিয়া এই গৰাকী শিল্পী হৈছে কুমাৰেশ কৌশিক।

গীত লিখাৰ লগতে এই শিল্পী গৰাকীয়ে নিজ কম্পজিচন তথা সুৰ দি গীত মুকলি কৰে। জুবিন গাৰ্গ, দীক্ষু শৰ্মা তথা কন্ঠশিল্পী বাবুৰ সৈতেও কুমাৰেশে একেখন মঞ্চত গীত পৰিৱেশন কৰিবলৈ সুবিধা লাভ কৰিছিল। উল্লেখ্য যে, কুমাৰেশ কৌশিকৰ বৰ্তমানলৈ সংগীত ক্ষেত্ৰখনত কৰা কৰ্মৰ ভিতৰত ডাঙৰ প্ৰকল্প আছিল “আমাৰ অসম” আৰু “গ্লোৱেল ওৱাৰ্মিং”। দুয়োটা গীতৰ কমচেপ্ট তথা প্ৰযোজনা লগতে কথা আছিল কুমাৰেশ কৌশিকৰ নিজৰ।

“আমাৰ অসম” গীতটিত কন্ঠদান কৰিছিল জুবিন গাৰ্গ, জুবলি বৰুৱা, জয় বৰুৱা, দিগন্ত ভাৰতী, বৰ্ণালী কলিতা, বাবু, নীল আকাশ, ঋতৃষা, নিশান্ত নিতুল, সুদীপ, শ্বাহৰুখ, বাবন মানস, শিল্পীশিখা আৰু মিতুশ্ৰীয়ে। আনহাতে, “গ্লোৱেল ওৱাৰ্মিং” শীৰ্ষক এই গীতটিত কন্ঠদান কৰিছে জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত, দিগন্ত ভাৰতী, ইছবন লাল বৰুৱা, অনুপম শইকীয়া, তৰালী শৰ্মা, তৃষ্ণা দেৱী, দীক্ষু, ৰূপম ভূঞা, জষূয়া কুৱেহ, চন্দন দাস, ৰোহিত সোনাৰ, পদ্মনাভ বৰদলৈ, প্ৰাঞ্জল পৰশ, দিম্পী সোণোৱাল আৰু ভাস্বতী ভাৰতীয়ে। উক্ত দুয়োটি গীতৰ লিংক তলত দি দিয়া হৈছেঃ
Add comment