Rupaliparda.com
৩৮ তম ৰাষ্ট্ৰীয় ছবি সমাৰোহত "ৰজত কমল" বঁটাপ্ৰাপ্ত ছবি "যুঁজ"- 1

৩৮ তম ৰাষ্ট্ৰীয় ছবি সমাৰোহত “ৰজত কমল” বঁটাপ্ৰাপ্ত ছবি “যুঁজ”-

১৯৯০ চনত মুক্তিপ্ৰাপ্ত এখন ৰঙীণ অসমীয়া ছবি হৈছে “যুঁজ”। হেমেন দাসৰ পৰিচালনা, কাহিনী আৰু চিত্ৰনাট্যৰে নিৰ্মিত এই ছবিখনে ৩৮ তম ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ “ৰজত কমল” বঁটা লাভ কৰিছিল। এগৰাকী ধনী খেতিয়ক তথা এগৰাকী তথাকথিত সৰু জাতৰ খেতিয়কৰ ম’হৰ মাজত হোৱা যুদ্ধক কেন্দ্ৰ কৰিয়েই ঘূৰিছে ছবিখনৰ মূল কাহিনীভাগ। গণপতি নামৰ ধনী খেতিয়ক জনৰ ম’হটো এজন তুচ্ছ জাতিৰ খেতিয়কৰ মহ’ৰ পৰা যুঁজত হাৰি যোৱাটো সহ্য কৰিব পৰা নাছিল। ফলত; ইয়াৰ পোতক তুলিবলৈ মনস্থ কৰিলে। কিন্তু, গণপতিৰ জীয়েক ইপিনে প্ৰেমত পৰিছিলে তুচ্ছ জাতিৰ খেতিয়ক জনৰ। উক্ত কাহিনীটোক লৈয়ে নিৰ্মাণ কৰা হৈছিল “যুঁজ”।

৩৮ তম ৰাষ্ট্ৰীয় ছবি সমাৰোহত "ৰজত কমল" বঁটাপ্ৰাপ্ত ছবি "যুঁজ"- 2


“যুঁজ” ত অভিনয় কৰিছিল পুলিন নাথ, সীতাৰাণী হাজৰিকা, হৰি ডেজা, ড° হেমেন বৰ্মণ, শান্তিছায়া ৰয়, জগদীশ দাস, মীনা কুমাৰী বৰ্মণ, হেমেন চৌধুৰী, লক্ষ্মী বৰঠাকুৰ আৰু হেমেন দাস আদিয়ে। “ৰজত কমল” বঁটা লাভ কৰাৰ উপৰিও ছবিখনৰ প্ৰযোজক বিপুল বৰ্মনে লাভ কৰিলে নগদ ২০ হাজাৰ টকা আৰু পৰিচালক হেমেন দাসে লাভ কৰে নগদ ১০ হাজাৰ টকা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.