১৯৬৩ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া নাৰীকেন্দ্ৰিক ছবি হৈছে “তেজীমলা”। লক্ষ্মীনাথ বেজবৰুৱাৰ একে নামৰ সাধুৰ আধাৰত নিৰ্মাণ হোৱা এই ছবিখনৰ পৰিচালনা কৰিছিল আনোৱাৰ হুছেইনে। সাধুৰ আধাৰত নিৰ্মাণ কৰা হৈছিল যদিও এই ছবিখন বাস্তৱধৰ্মী কৰি তুলিবলৈ ইয়াৰ কাহিনীৰ সালসলনি কৰা হৈছিল। ছবিখনৰ নিৰ্মাতা আনোৱাৰে ২২ বছৰ বয়সৰে ছবি পৰিচালনাৰ কামত হাত দিছিল আৰু ক্ৰমান্বয়ে তেওঁ ৬ খন অসমীয়া ছবি নিৰ্মাণ কৰিছিল। আনোৱাৰ হুছেইনৰ প্ৰায় ছবিয়ে আছিল নাৰীকেন্দ্ৰিক।
“টাইমচ অৱ ইণ্ডিয়াৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত পৰিচালকগৰাকীয়ে কৈছিল:-
নাৰীয়ে হ’ল মানৱ সমাজৰ মূল শক্তি। আমোদৰ বাদেও চলচ্চিত্ৰৰ সামাজিক বৈষম্য সম্পৰ্কে সচেতনা বঢ়োৱাৰো দায়িত্ব আছে। সেয়ে মই সদায় নাৰী সম্পৰ্কীয় বিষয় আৰু নাৰীৰ বাবে প্ৰয়োজনীয় বিষয়ৰ ওপৰত দৃষ্টিনিবদ্ধ কৰিবলৈ চেষ্টা কৰো। সৰাপাত ধনী পুৰুষৰ দ্বাৰা এজনী দুখীয়া নাৰীক নিৰ্যাতন সম্পৰ্কীয় কাহিনীৰ, নতুন পৃথিৱী বিধৱা বিবাহৰ আধাৰত নিৰ্মাণ কৰা হৈছিল। মানুহৰ মনত কিবা এটা প্ৰভাৱ পেলাবলৈ চেষ্টা কৰো। বেজবৰুৱাৰ কাহিনীৰে তৈয়াৰী মোৰ ছবি তেজীমলা নাৰী-কেন্দ্ৰিক ছবি। পাপ আৰু প্ৰায়শ্চিত্ত আৰু শ্ৰী শ্ৰী মা কামাখ্যাতো নাৰী চৰিত্ৰই গুৰুত্ব পাইছে।” (সংগৃহীত)
“তেজীমলা” ছবিখনে দশম ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত “চাৰ্টিফিকেট অৱ মেৰিট” লাভ কৰিছিল।
Add comment