Rupaliparda.com
"মিম" ৰ প্ৰতিউত্তৰ দিলে অভিনেত্ৰী নেহা ধূপিয়াইঃ 1

“মিম” ৰ প্ৰতিউত্তৰ দিলে অভিনেত্ৰী নেহা ধূপিয়াইঃ

চচিয়েল মিডিয়াত বৰ্তমান চৰ্চিত এটা বস্তু হৈছে “মিম”। যিয়ে যিদৰে নিজৰ ভাৱ প্ৰকাশ কৰিব পাৰে তেনেদৰেই এই “মিম” সমূহৰ সৃষ্টি কৰে। হাজাৰটা ভিন্ন মানসিকতাৰে সৃষ্ট “মিম” বহুল ৰূপত শ্বেয়াৰ হোৱাও দেখিবলৈ পোৱা যায় চচিয়েল মিডিয়াত। বৰ্তমান “মিম” ৰ ক্ষেত্ৰত চচিয়েল মিডিয়াত ট্ৰেণ্ডিঙত আছে অভিনেত্ৰী ও “ৰডি’জ” ৰ বিচাৰক নেহা ধূপিয়া। জনপ্ৰিয় ৰিয়েলিটী শ্ব’ “ৰডি’জ” ৰ বৰ্তমান আৰম্ভ হৈছে ইয়াৰ অষ্টাদশ (১৮)সংস্কৰণৰ। ইয়াতে যেতিয়া এগৰাকী প্ৰতিযোগিয়ে অডি’শ্বন দিবলৈ আহিছিল তেতিয়াই তেওঁক বিশেষ কাৰণবশত অভিনেত্ৰী গৰাকীয়ে কটু বাক্য শুনাইছিল। আছলতে, অডিশ্বন দিবলৈ অহা ল’ৰাজনক যেতিয়া সোধা হৈছিল যে তেওঁ কিয় নিজৰ প্ৰেয়সীৰ ওপৰত হাত উঠাইছিল তেতিয়া কৈছিল যে, তেওঁৰ প্ৰেয়সীয়ে তেওঁক প্ৰতাৰণা কৰি আন ৫ গৰাকী ল’ৰাৰ লগত নিজৰ সম্বন্ধ ৰাখিছিল আৰু সেইবাবেই ল’ৰাজনেই নিজৰ প্ৰেয়সীক চৰ মাৰিবলৈ বাধ্য হৈছিল।


ল’ৰাজনৰ এই উত্তৰত নেহা ধূপিয়াই খং কৰি তেওঁক গালি পৰাৰ লগতে কয় যে, “সেয়া ছোৱালীজনীৰ নিজ ইচ্ছা”। উক্ত শাৰীটোকে কেন্দ্ৰ কৰি বিগত দিনত সৃষ্টি হোৱা দেখা গৈছিল বিভিন্ন “মিম”। কিন্তু, এই “মিম” সমূহক এতিয়া প্ৰতিউত্তৰ দিছে অভিনেত্ৰী গৰাকীয়ে। এক টুইট যোগে পোষ্ট কৰি অভিনেত্ৰী গৰাকীয়ে এই “মিম” ৰ উত্তৰ দিয়ে। তেওঁ পোষ্টত কয় যে, “মই বিগত ৫ টা বছৰৰ পৰা এই শ্ব’টোৰ সৈতে জড়িত। যোৱা কিছুদিনৰ পৰা মোৰ সৈতে ঠিক হৈ থকা নাই। মই সেইদিনা শ্ব’টোৰ অডিশ্বনৰ সময়ছোৱাত হিংসাৰ বিৰুদ্ধে মাত দিছিলো; কিন্তু দূৰ্ভাগ্যবশত মোক মানুহে নুবুজিলে। এজন ল’ৰাই কৈছিল যে তেওঁক তেওঁৰ প্ৰেয়সীয়ে প্ৰতাৰণা কৰাৰ ফলত তেওঁ তাইক চৰ মাৰিছিল; এই কথাটো মোৰ ভাল লগা নাছিল বাবেহে মই এনেদৰে তাক গালি দিছিলো।”

"মিম" ৰ প্ৰতিউত্তৰ দিলে অভিনেত্ৰী নেহা ধূপিয়াইঃ 2


এনেদৰে নিজৰ মত ব্যক্তি কৰি অভিনেত্ৰী নেহা ধূপিয়াই এক পোষ্ট কৰে। উক্ত পোষ্টটো বৰ্তমান চচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ উপৰিও ইয়াত দৰ্শকৰ কমেন্টো দেখিবলৈ পোৱা গৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform