Rupaliparda.com
অংগৰাগৰ "ধিক্কাৰ এই জীৱন"- 1

অংগৰাগৰ “ধিক্কাৰ এই জীৱন”-

বিগত বছৰৰ পৰাই দৰ্শকৰ হৃদয়ত উৎসাহৰ সৃষ্টি কৰি ৰখা ছবি “গৰু” ৰ প্ৰথমটো ভিডিঅ’ গীতে ইতিমধ্যে লাভ কৰিলে মুক্তি। অসমে কিছু বেয়া পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হোৱাত “গৰু” ৰ মুক্তিৰ তাৰিখ জানুৱাৰীৰ পৰা পিছুৱাই ১ মে’ তাৰিখলৈ লৈ যোৱা হৈছিল। চচিয়েল মিডিয়াত প্ৰথমে ব্যতিক্ৰমী ধৰণে প্ৰচাৰ আৰম্ভ কৰা এই ছবিখনক লৈ উৎসাহী অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শকো। চেঞ্চৰ বোৰ্ডেও গ্ৰীণ চিগনেল দিয়া “গৰু” ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছে পূৰ্বতে মুক্তিপ্ৰাপ্ত “ছাকিৰা আহিব বকুলতলৰ বিহুলৈ” ছবিৰ পৰিচালক হিমাংশু প্ৰসাদ দাস। চাহজাহানৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত এই ছবিখনত সংযোজিত “ধিক্কাৰ এই জীৱন” শীৰ্ষক গীতটিত কন্ঠদান কৰা অংগৰাগে নিজাববীয়াকৈ মুম্বাইত গীতটিত কন্ঠদান কৰি মেইল যোগে হিমাংশু প্ৰসাদ দাসক প্ৰেৰণ কৰে। ব্যক্তিগত চিনাকী নথকা স্বত্বেও অংগৰাগে গীতটিত কন্ঠদান কৰিম বুলি কোৱাত পৰিচালক আনন্দিত হৈছিল বুলিও তেওঁ ফেচবুক যোগে জনায় আৰু লগতে, পাপনলৈ গীতটিৰ বাবে ধন্যবাদো জ্ঞাপন কৰে।

অংগৰাগৰ "ধিক্কাৰ এই জীৱন"- 2


আনহাতে, ছবিখনৰ প্ৰমশ্ব’নেল গীতটিত দীপলিনা ডেকা আৰু মিনিমিয়ে কন্ঠদান কৰাৰ লগতে ছবিখনত অন্তুৰ্ভূক্ত আন এটি গীত “চকু মেলি চোৱা” ত কন্ঠদান কৰিছে দীক্ষু শৰ্মাই। চিনেমাখনৰ “পাহি মেলি” শীৰ্ষক গীতটিত কন্ঠদান কৰিছে তৰালী শৰ্মা আৰু নীল আকাশে। “গৰু” ছবিখনৰ বিভিন্ন চৰিত্ৰ ৰূপায়ন কৰিছে বাহাৰুল ইছলাম, অৰুণ নাথ, প্ৰাঞ্জল শইকীয়া, পাকিজা বেগম তথা চন্দন দাস, কমল লোচন আৰু লনিশ্ৰী দাসে।

অংগৰাগৰ "ধিক্কাৰ এই জীৱন"- 3
অংগৰাগৰ "ধিক্কাৰ এই জীৱন"- 4


উল্লেখ্য যে, “এ ছোৱালী এবাৰ ভাল পাই চাবা নেকি??” – উক্ত কবিতাটিয়ে হাজাৰ হাজাৰ যুৱ প্ৰজন্মক এগৰাকী শিল্পীৰ অনুৰাগী হ’বলৈ বাধ্য কৰাইছিল। অসমৰ এনে এগৰাকী ব্যতিক্ৰমী চিন্তা-ধাৰাৰ শিল্পীয়ে হৈছে হিমাংশু প্ৰসাদ দাস। ২০০৮ বৰ্ষত দিল্লী স্থিত নেশ্বনেল স্কুল অৱ ড্ৰামাত তেওঁ অভিনয়ৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি অসমত নতুন উদ্যমেৰে উভতি আহি নিজৰ লগতে নাটক সমূহক এক অন্য যাত্ৰা প্ৰদান কৰাৰ চেষ্টা কৰিছিল। ইয়াৰ উপৰিও হিমাংশু প্ৰসাদ দাসে পৰিচালিত কৰা “ছাকিৰা আহিব বকুল তলৰ বিহুলৈ” শীৰ্ষক ছবিখনেও লাভ কৰিছিল দৰ্শকৰ বৃহৎ সংখ্যাত সমাদৰ। তেওঁৰ শেহতীয়াকৈ নিৰ্মিত ছবি “গৰু” ক লৈ তেওঁ বিভিন্ন পোষ্ট যোগে চচিয়েল মিডিয়াত দৰ্শকক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। কিছুদিন পূৰ্বে “১ মে তাৰিখে বহুতৰে মুখা খোল খাব” ইত্যাদি বিভিন্ন শাৰীৰে পোষ্ট কৰি পৰিচালক গৰাকীয়ে “গৰু” ক সফল ছবি ৰূপে পৰিগণিত কৰাৰ চেষ্টা কৰিছে।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform