Rupaliparda.com
বাঁহীৰ সুৰেৰে শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰা শিল্পী "প্ৰভাত শৰ্মা"- 1

বাঁহীৰ সুৰেৰে শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰা শিল্পী “প্ৰভাত শৰ্মা”-

অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনত লেখক, কন্ঠশিল্পী, নৃত্যশিল্পী আদিয়েই নহয়; ইয়াতে বিভিন্ন বাদ্যযন্ত্ৰত নিজৰ হাতৰ যাদুৰে সুৰৰ সৃষ্টি কৰা শিল্পীও আছে। এনেক্ষেত্ৰত আমি যদি এগৰাকী অসমীয়া বাঁহী বাদকৰ নাম লওঁ তেনেহ’লে সহজতে আমাৰ মনলৈ অহা এটা নাম হ’ল প্ৰভাত শৰ্মা। ১৯৩৫ চনৰ ৭ জুলাইত জন্মগ্ৰহণ কৰা প্ৰভাত শৰ্মাই বৰপেটা চহৰৰ বিদ্যাপীঠত দশম শ্ৰেণীলৈ শিক্ষা গ্ৰহণ কৰিছিল আৰু সেই সময়তেই তেওঁ সুন্দৰীদিয়া সত্ৰৰ গংগাধৰ দেৱ মিশ্ৰ আৰু সত্য কৃষ্ণ দেৱ মিশ্ৰৰ পৰা সত্ৰীয় সংগীতকে ধৰি বৰগীতৰ শিক্ষা গ্ৰহণ কৰে। সৰুৰ পৰা সংগীতৰ প্ৰতি টান থকা প্ৰভাত শৰ্মাই ভাৰতৰ শাস্ত্ৰীয় সংগীত আৰু অসমৰ লোক সংগীতৰ প্ৰাথমিক জ্ঞান আহৰণ কৰে বৰপেটাৰ জয়কৃষ্ণ সংগীত বিদ্যাপীঠৰ মতিলাল দাস আৰু গিৰিশ চন্দ্ৰ দাসৰ পৰা।

বাঁহীৰ সুৰেৰে শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰা শিল্পী "প্ৰভাত শৰ্মা"- 2


পিছলৈ এই গৰাকী শিল্পীয়ে সত্ৰীয়া সংগীতৰ পুংখানুপুংখ জ্ঞান আহৰণ কৰে বৰপেটা স্থিত বিখ্যাত বৰগীত গায়ক নৰহৰি বুঢ়া ভৰত, যাদৱ চন্দ্ৰ পাঠক আৰু দয়াল চন্দ্ৰ সূত্ৰধৰৰ পৰা। জনপ্ৰিয় অনাঁতাৰ শিল্পী আব্দুল ৰেহমানৰ পৰা বাঁহীৰ ভাৰতীয় শাস্ত্ৰীয় সংগীত শিকাৰ উপৰিও প্ৰভাত শৰ্মাই কলকাতাস্থিত বিখ্যাত বাঁহীবাদক গৌৰ গোস্বামীৰ পৰাও বাঁহীৰ প্ৰশিক্ষণ অৰ্জন কৰে। অসম চৰকাৰৰ তথ্য আৰু গণসংযোগ বিভাগত ষ্টাফ আৰ্টিষ্ট ৰূপে প্ৰভাত শৰ্মাই কাম কৰে ১৯৭৩ চনলৈ আৰু উক্ত বছৰটোতেই তেওঁ আকাশবাণী গুৱাহাটীৰ ষ্টাফ আৰ্টিষ্ট ৰূপে যোগদান কৰে। ১৯৯৮ চনত এই চাকৰিৰ পৰা অৱসৰ লৈছিল যদিও প্ৰভাত শৰ্মাক নিতৌ অসমৰ যিকোনো সংগীত অনুষ্ঠানত পৰিৱেশনৰ বাবে মাতি নিয়া হৈছিল।

বাঁহীৰ সুৰেৰে শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰা শিল্পী "প্ৰভাত শৰ্মা"- 3


ষাঠি দশকৰ কোনোবা এটা সন্ধিয়াত অনুষ্ঠিত এক অনুষ্ঠানত পোন প্ৰথমবাৰৰ বাবে বাঁহী বজাই দৰ্শকক মন্ত্ৰমুগ্ধ কৰিছিল প্ৰভাত শৰ্মাই। সুধাকন্ঠ ড° ভূপেন হাজৰিকাকে আদি কৰি বিভিন্ন জন শিল্পীৰ গীতত সুন্দৰ বাঁহীৰ সুৰ দিছে এই গৰাকী শিল্পীয়ে। থলুৱা বাদ্যযন্ত্ৰীক লৈ প্ৰভাত শৰ্মাই “পাঞ্চজন্য শংখ ধ্বনি” নামৰ এটি অৰ্কেষ্ট্ৰা দল গঠন কৰে যিটো জনপ্ৰিয় হৈ পৰাৰ পিছত ইয়াক “দেৱ গান্ধাৰ” নামেৰে নামকৰণ কৰা হয়। ব্লেকমানী, সন্তান, সন্ধ্যাৰাগ, সাৰথি, আপোনজন, মোহমুক্তি, অনল, কদমতলে কৃষ্ণ নাচে, শ্ৰী মন্ত শংকৰদেৱ ইত্যাদি অসমীয়া ছবিত প্ৰভাত শৰ্মাই সংগীত পৰিচালক ৰূপে কাম কৰাৰ উপৰিও গুৱাহাটী দূৰদৰ্শনত প্ৰচাৰিত ধাৰাবাহিক “পথৰুঘাটে ৰিঙিয়ায়” আৰু “বৃকোদৰ বৰুৱাৰ বিয়া” ত তেওঁ সংগীত দিছিল।

বাঁহীৰ সুৰেৰে শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰা শিল্পী "প্ৰভাত শৰ্মা"- 4


সূদূৰ লণ্ডনতো অসমীয়া গীতৰ বাঁহীৰ সুৰ পৰিৱেশন কৰা প্ৰভাত শৰ্মাক ২০০১ চনত প্ৰদান কৰা হয় “শিল্পী দিৱস বঁটা”। এই গৰাকী শিল্পীৰ জীয়ৰীয়ে হৈছে বৰ্তমান সময়ৰ জনপ্ৰিয় গায়িকা তৰালী শৰ্মা। ২০০৪ চনত তৰালী শৰ্মাই ৰাষ্ট্ৰীয় চলচিত্ৰ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ বঁটা লাভ কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform