Rupaliparda.com
যুৱপ্ৰজন্মৰ ব্যতিক্ৰমী চিন্তাৰে আৰম্ভ "DG Studios" নামৰ ইউটিউব চেনেলঃ 1

যুৱপ্ৰজন্মৰ ব্যতিক্ৰমী চিন্তাৰে আৰম্ভ “DG Studios” নামৰ ইউটিউব চেনেলঃ

এখন উপন্যাস বা এটা গল্প পঢ়িলে পঢ়ুৱৈয়ে সেই কাহিনীটোত নিজকে বিচাৰি লয়। তেওঁলোকৰ কল্পনাৰ ৰাজ্যখনত বহুতো এনে কথা ঘূৰিবলৈ লয় যিয়ে তেওঁক এনে এখন পৃথিৱীলৈ লৈ যায়; য’ত তেওঁ নিজৰ সপোন বোৰ দিঠকত পৰিণত হোৱা যেন অনুভৱ কৰিৱলৈ লয় । এনে কিছু কাহিনীৰ জৰিয়তে পঢ়ুৱৈক আকৰ্ষিত কৰা একাংশ লেখকৰ সংখ্যা বৰ্তমান অসমত ভালেকেইজন আছে। গল্প, উপন্যাস আদি লিখি নিজ প্ৰতিভা বিকাশ কৰাও দেখিবলৈ পোৱা যায় বহু একাংশ অসমীয়া নৱ প্ৰজন্মক । ইয়াৰ ভিতৰত “ষ্টৰী টেলিং” ৰ নিচিনা সুন্দৰ প্লেটৰ্ফম আৰম্ভ কৰিছে অসমৰে একাংশ যুৱক যুৱতীয়ে। ইউটিউবত খোলা এনে এটা চেনেলৰ নাম হৈছে “ডি জি ষ্টুডিঅ’জ (DG Studios)”।

যুৱপ্ৰজন্মৰ ব্যতিক্ৰমী চিন্তাৰে আৰম্ভ "DG Studios" নামৰ ইউটিউব চেনেলঃ 2


বৰ্তমানলৈ মুঠ ৮ টা এপিচ’ড অৰ্থাৎ খণ্ড মুক্তি দিয়া এই চেনেলটোৰ অধিক জনপ্ৰিয় হৈছে “মীৰা” শীৰ্ষক ভয়ানক গল্পটি। নৱ প্ৰজন্মৰ প্ৰতিভাৱান লেখিকা অন্তৰা কাশ্যপে লিখা এই কাহিনীটোত নিজ কন্ঠৰে শ্ৰোতাৰ সমুখত সুন্দৰকৈ উপস্থাপন কৰিছে দীপাংকৰ ঘোষাল নামে এজন যুৱকে। এজন ইঞ্জিনিয়াৰে এখন গাঁৱলৈ গৈ সন্মুখীন হোৱা ভয়ানক পৰিস্থিতিক কেন্দ্ৰ কৰিয়েই লিখা হৈছিল ১১ মিনিট দৈৰ্ঘ্যৰ এই “মীৰা” শীৰ্ষক গল্পটি। কাণত হেডফোন লগাই আপুনিও চকু মুদি যদি ভয়ানক কাহিনীৰ সোঁৱাদ ল’ব বিচাৰে তেন্তে এই সোঁৱাদ প্ৰদানৰ চেষ্টা কৰিছে DG Studios য়ে। উল্লেখ্য যে, এই গল্পটোত এখন গাওঁৱে সহ্য কৰা বিভিন্ন প্ৰাকৃতিক সমস্যাকো শ্ৰোতাৰ মন গহ্বৰত সোমোৱাই দিছে পাঠক দীপাংকৰ ঘোষালে।


ইয়াৰ উপৰিও, কোনো লোকে যদি নিজৰ গল্পক এওঁলোকলৈ পঠিয়াবলৈ বিচাৰে তেনেহ’লে তলত তেওঁলোকৰ ই-মেইলৰ লিংক দি দিয়া হৈছে- info@dgstudios.in

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform