Rupaliparda.com
"… পাৰিলে ইয়ালৈ নাহিব; মই মোৰ সন্তানৰ চোৱা-চিতা কৰিব লাগে"- ৰূপম ভূঞা 1

“… পাৰিলে ইয়ালৈ নাহিব; মই মোৰ সন্তানৰ চোৱা-চিতা কৰিব লাগে”- ৰূপম ভূঞা

বহুতেই কয়, “বিষাদেই হৈছে সৃষ্টিৰ মূল”। কিন্তু এগৰাকী কন্ঠশিল্পীৰ বিষাদে এতিয়া চকুলো টুকিবলৈ বাধ্য কৰিছে প্ৰত্যেকজন লোকক। বিষাদে কঁপাই তুলিছে তেওঁৰ সমগ্ৰ অনুৰাগীৰ হৃদয়। হয়, আপোনালোকে ঠিকেই ধৰিছে; ইয়াত কন্ঠশিল্পী ৰূপম ভূঞাৰ কথাকেই কোৱা হৈছে। পিতৃসুখ ল’বলৈ নৌপাওঁতেই তেওঁ হেৰুৱাইছিল তেওঁৰ পত্নী মানশ্ৰী বৰুৱাক। সন্তানসম্ভৱা মানশ্ৰী মেটাৰনিটি হাস্পাতালত ভৰ্তি কৰোৱাৰ পিছতেই তেওঁ জন্ম দিছিল এটি পুত্ৰ সন্তান; কিন্তু হঠাৎ গা বেয়া হোৱাত তেওঁক আই.চি.উত ভৰ্তি কৰোৱা হয় আৰু প্ৰায় ৪০-৪৫ মিনিটৰ ভিতৰত তেওঁ মৃত্যক সাৱটি লয়। ৰূপম ভূঞাৰ পত্নী মানশ্ৰী বৰুৱা পেছাত এগৰাকী অধ্যাপিকা আছিল।

"… পাৰিলে ইয়ালৈ নাহিব; মই মোৰ সন্তানৰ চোৱা-চিতা কৰিব লাগে"- ৰূপম ভূঞা 2


পুত্ৰ জন্ম দিয়াৰ পিছতেই কন্ঠশিল্পী ৰূপম ভূঞাই এক পোষ্ট যোগে দৰ্শকৰ আগত নিজ সুখ ব্যক্ত কৰে আৰু তাৰ পিছতেই সংঘটিত এই ঘটনাটোৱেই ব্যথিত কৰি তুলিছিল সকলোকে। বৃহস্পতি বাৰে সংঘটিত এই ঘটনাটোৰ পিছত ৰূপম ভূঞাই পুনৰ বাৰ চচিয়েল মিডিয়াত পোষ্ট যোগে দৰ্শকৰ আগত নিজ কথা ব্যক্ত কৰে। তেওঁ পোষ্টটোত লিখে যে, “আপোনালোকৰ সঁহাৰি তথা সমবেদনাৰ বাবে বহুত ধন্যবাদ। কিন্তু মই অনুৰোধ কৰিছো এই কেইটাদিনত আমাৰ ইয়াত নাহিব কাৰণ মই নিজৰ সন্তানটোৰ চোৱা মেলা কৰিব লাগে; মই জানো আপোনালোক সকলো আমাৰ সৈতে আছে। সন্তানটিক আশীৰ্বাদ কৰক আৰু ২৩.০৩.২০২০ তাৰিখে ইয়ালৈ আহিব।” এনে এটা পোষ্টৰ জৰিয়তে ৰূপম ভূঞাই তেওঁৰ অনুৰাগী সকলক আহ্বান জনায়। উক্ত পোষ্টটোত নিশিতা গোস্বামীকে ধৰি ড° সংগীতা কাকতিও কমেন্ট কৰি তেওঁক দৃঢ় হৈ থাকিবলৈ কয়। উল্লেখ্য যে, ৰূপম ভূঞা অসমৰ এনে এগৰাকী শিল্পী; যাৰ গীতে শ্ৰোতাক একেবাৰতেই আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

"… পাৰিলে ইয়ালৈ নাহিব; মই মোৰ সন্তানৰ চোৱা-চিতা কৰিব লাগে"- ৰূপম ভূঞা 3
"… পাৰিলে ইয়ালৈ নাহিব; মই মোৰ সন্তানৰ চোৱা-চিতা কৰিব লাগে"- ৰূপম ভূঞা 4


“মমতাজ”, “আকাশ চুবৰ মন”, “অনুৰাধা” আদি ছবিত কন্ঠদান কৰাৰ লগতে এই শিল্পী গৰাকীয়ে নিজাববীয়াকৈ কেইবাটাও গীত তথা গজলো পৰিৱেশন কৰে। ” Indian Fusion Band North East Breeze” শীৰ্ষক সংগীত গোষ্ঠীটোৰ মূল ব্যক্তি ৰূপম ভূঞা সৰুৰ পৰাই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত আছিল।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.