Rupaliparda.com
চিকিম কন্যা মালিয়া প্ৰধানলৈ "Supermodel of the Year" ৰ খিতাপঃ 1

চিকিম কন্যা মালিয়া প্ৰধানলৈ “Supermodel of the Year” ৰ খিতাপঃ

এম. টিভি ৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ “Supermodel of the Year” ৰ ইতিমধ্যে সমাপ্তি ঘটিল ফাইনেল ৰাউণ্ডৰ। দৃশা মোৰে আৰু প্ৰিয়া সিঙৰ সৈতে হোৱা ফাইনেল দৌৰত জয়ী লাভ কৰে চিকিম কন্যা মানিলা প্ৰধানে। বিগত বৰ্ষৰ ২২ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই শ্ব’টোৰ বিচাৰক ৰূপে আছিল মালাইকা আৰোৰা, মিলিণ্ড সোমন, মাছাবা গুপ্তা তথা চুপাৰমডেল উজ্জ্বলা ৰাওঁট আৰু ঘোষক ৰূপত আছিল অনুষ্কা ডানডেকাৰ। বিজয়ীৰ খিতাপ দখল কৰাৰ পিছত সংবাদ মাধ্যমত মানিলাই দিয়া সাক্ষাৎকাৰত কয় যে, “এয়া যেন মোৰ সপোন বাস্তৱত পৰিণত হৈছে। এই শ্ব’টোৰ পৰা মই এটা গুৰুত্বপূৰ্ণ কথা শিকিছো এইটোৱে যে “নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে”। এই নিজৰ ওপৰত থকা বিশ্বাসটো এনে এটা শক্তি যিটো কোনোৱে কাঢ়িব নোৱাৰে।”

চিকিম কন্যা মালিয়া প্ৰধানলৈ "Supermodel of the Year" ৰ খিতাপঃ 2


ইয়াৰ লগতে “চুপাৰমডেল” ৰ খিতাপ প্ৰাপ্ত মানিলাই মালাইকা আৰোৰা তথা উজ্জ্বলাৰ প্ৰশংসা কৰাৰ লগতে কয় যে, “তেওঁলোকে যিমানেই মোক গালি নিদিয়ক কিয়; তেওঁলোকে মোৰ ভালৰ বাবে দিছিলে যাৰ বাবে মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ।” উল্লেখ্য যে, ১৯৯৫ চনত চিকিমত জন্মগ্ৰহণ কৰা মানিলাই মুঠ তিনিবাৰ এই শ্ব’টোত আহিবলৈ চেষ্টা কৰিছিল যদিও কোনো কাৰণত তেওঁক শ্ব’টোলৈ মতা হোৱা নাছিল। ফাৰ্মাচী বিষয়ত শিক্ষাগ্ৰহণ কৰা মানিলাই ফেমিনা মিছ ইণ্ডিয়াটো অংশগ্ৰহণৰ চেষ্টা কৰিছিল কিন্তু তেওঁ উচ্চতা কম হোৱা বাবে তেওঁক লোৱা হোৱা নাছিল।

চিকিম কন্যা মালিয়া প্ৰধানলৈ "Supermodel of the Year" ৰ খিতাপঃ 3


মনোৰঞ্জন ক্ষেত্ৰখন গ্ৰহণ কৰা সময়ছোৱাত মানিলাই পিতৃ-মাতৃৰ পৰা আশানুসৰি সঁহাৰি লাভ কৰা নাছিল। গতিকে, নিজ পিতৃ-মাতৃক এই বিষয়ে বুজাবলৈ তেওঁক সময় লাগিছিল এক-ডেৰ বছৰ । অভিভাৱক মান্তি হোৱাৰ পিছতো কিন্তু মানিলা সন্মুখীন হৈছিল বহু প্ৰত্যাখানৰ। মডেলিঙৰ বাহিৰেও তেওঁ থিয়েটাৰত অভিনয় কৰিবলৈ ভাল পায়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform