ক’ৰ’ণা ভাইৰাছৰ বাবে পিছুৱাই দিয়া হ’ল “লখিমী” ৰ ট্ৰেইলাৰ মুক্তি। বিগত কিছুদিনৰ পৰা সমগ্ৰ দেশত ক’ৰ’ণা ভাইৰাছে এক প্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে। ফলত, ১৭ মাৰ্চত জ্যোতি চিত্ৰৱন ষ্টুডিঅ’ত মুক্তি পাবলগীয়া “লখিমী” ট্ৰেইলাৰৰ তাৰিখ পিছুৱাই দিয়া হৈছে। আগন্তুক কেতিয়া ছবিখনৰ ট্ৰেইলাৰ মুক্তি অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব সেয়া পৰিচালক বিশ্বজিৎ বৰাই জনাব বুলি দৰ্শকৰ আগত চচিয়েল মিডিয়া যোগে প্ৰকাশ কৰে। আমেৰিকা নিবাসী ভাৰতীয় মূলৰ মহেশ চিৰলাৰ দ্বাৰা প্ৰযোজিত এই ছবিখনে অসমীয়া ছবিৰ ক্ষেত্ৰখনত আকৌ এক নতুন সোঁৱাদ দিবলৈ সক্ষম হ’ব বুলি আশা কৰিছে পৰিচালক বিশ্বজিৎ বৰাই। উল্লেখ্য যে, ছবিখনৰ নিৰ্মাতা ও কলা-কুশলীয়ে আয়োজন কৰিছে এক প্ৰতিযোগিতাৰ।

ছবিখনত অন্তৰ্ভূক্ত দুটি ক্ৰমে “অগ্নিশিখা” আৰু “লখিমী” ত নিজ কন্ঠৰে কন্ঠদান কৰি আপুনি লাভ কৰিব পাৰে ছবিখনৰ সমূহ শিল্পীৰ সৈতে এসাঁজ খোৱাৰ সুবিধা। আনহাতে, যিগৰাকীৰ কন্ঠই পৰিচালক বিশ্বজিৎ বৰাক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব তেওঁ পৰিচালক গৰাকীৰ আগন্তুক ছবিখনত কন্ঠদান কৰাৰ সুবিধা লাভ কৰিব। অহা ২৪ এপ্ৰিল তাৰিখে মুক্তি লাভ কৰিব “লখিমী”। ইয়াত অভিনয় কৰিছে অৰুণ হাজৰিকা, ৰাজীৱ ক্ৰ’, পৃথ্বীৰাজ ৰাভা, দীনেশ গগৈ, অতুল বৰা, জ্যোতিৰূপা বৰা, লগতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে নৱাগত গিতাৰ্থ বৰা আৰু লভা হাজৰিকা চিৰলা।
আনহাতে আপোনালোকক জনাই থওঁ যে,অসমীয়া ছবি পৰিচালক সমূহৰ ভিতৰত এগৰাকী জনপ্ৰিয় পৰিচালক হৈছে বিশ্বজিৎ বৰা। ফাৰ্ষ্ট কাৰ্বন নিউট্ৰেল মু্ভি “এইচা য়েহ জাহা” শীৰ্ষক বলীউড ছবিখনৰ দ্বাৰা পৰিচালকৰ কেৰিয়াৰ আৰম্ভ কৰা এইগৰাকী পৰিচালকে দুখনকৈ অসমীয়া ছবি “বহ্নিমান” তথা “ৰক্তবীজ” ৰ নিৰ্মাণ কৰি অসমীয়া ছবি জগতত নিজৰ স্থিতি মজবুত কৰে। এইটো বৰ্ষতে আকৌ এবাৰ এই গৰাকী পৰিচালকৰ দ্বাৰা নিৰ্মিত ছবি “লখিমী” য়ে লাভ কৰিব মুক্তি।

এগৰাকী পৰিচালকৰ সৈতে বিশ্বজিৎ বৰা এগৰাকী সুদক্ষ অভিনেতাও। তেওঁ কেইবাখনো থিয়েটাৰত অভিনয় কৰাৰ লগতে পৰিচালনাও কৰে কেইবাখনো নাটৰ। গোলাঘাট জিলাত জন্মগ্ৰহণ কৰা এইগৰাকী পৰিচালকে তেওঁৰ প্ৰথমখন হিন্দী ছবি “এইচা য়েহ জাহা” ৰ বাবে “চতূৰ্থ অৰুণাচল ফিল্ম সমাৰোহ” ত লাভ কৰে “শ্ৰেষ্ঠ ফিছাৰ ফিল্ম ২০০৭” ৰ বঁটা।
Add comment