এটা নতুন কনচেপ্ট, ব্যতিক্ৰমী কাহিনীৰে সৈতে বিগত বছৰত মুক্তি লাভ কৰিছিল এখন অসমীয়া ছবি “আমিষ”। একঘেয়ামী প্ৰেম কাহিনীক এৰি এটা ব্যতিক্ৰমী কাহিনীৰ সৈতে মুক্তি লাভ কৰা এই “আমিষ” ছবিখনে দৰ্শকৰ হৃদয়ত অসমীয়া ছবি চোৱাক লৈ উৎসাহ যোগাইছিল বুলি ক’লেও উপৰঞ্চি নহ’ব। ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা বিজয়ী ভাস্কৰ হাজৰিকাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনে মুক্তি লাভ কৰাৰ পূৰ্বৰ পৰাই দৰ্শকৰ মনত আলোড়নৰ সৃষ্টি কৰিছিল। ছবিখনত কিবা এটা অইন দৃষ্টিভংগী চাবলৈ পোৱাৰ আশাত দৰ্শকেৰে ভিৰ হৈছিল ছবিগৃহ। চলচিত্ৰ সমালোচক ৰাজীৱ মাছান তথা বলীউডৰ জনপ্ৰিয় পৰিচালক অনুৰাগ কাশ্যপেও কৰিছিল এই ছবিখনৰ প্ৰশংসা।

নৱাগত অভিনেতা অৰ্ঘ্যদ্বীপ বৰুৱা আৰু নৱাগতা অভিনেত্ৰী লিমা দাসৰ কাহিনীৰে নিৰ্মাণ কৰা হৈছিল ছবি “আমিষ”। ছবিখনত মূখ্য চৰিত্ৰ ৰূপায়ন কৰা লিমা দাসে এগৰাকী শিশু বিশেষজ্ঞ “ডাঃ নিৰ্মালী” ৰ চৰিত্ৰ ৰূপায়ন কৰে। ডাঃ নিৰ্মালী এগৰাকী ডাক্তৰ হোৱাৰ উপৰিও এগৰাকী গৃহিণী। ঘৰখনক লৈ থকা দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰি নিজৰ দৈনন্দিন জীৱন আৰম্ভ কৰে। এইখিনিতে, এদিন নিৰ্মালীৰ পৰিচয় হয় এজন গুৱাহাটী বিশ্ববিদ্যালয়ৰ খ্যাদাভাষৰ ওপৰত গৱেষণা কৰি থকা ছাত্ৰ সুমনৰ (অৰ্ঘ্যদ্বীপ) ৰ সৈতে। উক্ত বিষয়ত অধ্যয়নৰত ছাত্ৰ সুমনৰ দৃষ্টিভংগীৰে পৃথিৱীত এনে কোনো মাংসই নাই;যিটোৰ সোৱাদ ল’ব পৰা নাযায়। কালক্ৰমত, বিভিন্ন প্ৰণালীৰে ৰন্ধা ব্যঞ্জনৰ সৈতে সুমনে চিনাকী কৰোৱাই ডাঃ নিৰ্মালীক। বিভিন্ন খাদ্যৰ সোৱাদ লোৱা বিশেষকৈ মাংসৰ বিভিন্ন ব্যঞ্জনৰ প্ৰতি আকৰ্ষিত নিৰ্মালীয়ে সুমনক ঘনাই লগ কৰিবলৈ ধৰাত দুয়োৰে মনত প্ৰেমৰ আৱিষ্কাৰ হয়।

প্ৰেম হোৱা স্বত্বেও কিছু বাধ্য-বাধকতাৰ খাতিৰত দুয়োৰে শাৰিৰীক স্পৰ্শ নহয়। ফলত সুমনে ব্যতিক্ৰমী ভাৱে নিৰ্মালীক স্পৰ্শ কৰিবলৈ বিচাৰে; আৰু এই ব্যতিক্ৰমী উপায় এইটোৱে যে তেওঁ নিজৰ ভৰিৰ মাংস কাটি সুস্বাদু ৰূপত বনাই নিৰ্মালীক খোৱাবলৈ বিচাৰে। কিন্তু, পিছলৈ নিৰ্মালীয়ে এই মাংসৰ প্ৰেমত পৰাত তেওঁ সুমনৰ ওচৰত মানুহৰ মাংস খুৱাবলৈ মিনতি কৰে। প্ৰেমৰ এই অনুৰোধত সুমনে অৱশেষত নকৰিবলগীয়া কাম কৰিবলগীয়াত পৰে আৰু দুয়োৰ এই সম্পৰ্কই অদ্ভূত ৰূপ লয়।

“আমিষ” ছবিখনক চোৱাৰ উপৰিও চচিয়েল মিডিয়াত দৰ্শকে ইয়াৰ বিভিন্ন মতামত দিয়ে। ২০১৯ চনৰ ট্ৰাইবেকো চলচিত্ৰ মহোৎসৱত ছবিখনে মুক্তি লাভ কৰিছিল লগতে “আমিষ”-এ “ইন্টাৰনেছনেল নেৰেটিভ” ৰ পাঁচটা ভিন্ন শিতানত মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছিল। ১০৮ মিনিট দৈৰ্ঘ্যৰ এই ছবিখনে ২২ নৱেম্বৰত মুক্তি লাভ কৰে। উল্লেখ্য যে, ছিংগাপুৰত অনুষ্ঠিত দক্ষিণ এছিয়া আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত “আমিষ” ৰ বাবে লিমা দাসে শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰাৰ লগতে ভাস্কৰ হাজৰিকাই লাভ কৰে “শ্ৰেষ্ঠ পৰিচালক” ৰ বঁটা। চতূৰ্থ সংখ্যক শৈলধৰ বৰুৱা চলচিত্ৰ বঁটা ২০১৯ ত শ্ৰেষ্ঠ অভিনেত্ৰীৰ লগতে ছবিখনে শ্ৰেষ্ঠ সংগীত পৰিচালক তথা শ্ৰেষ্ঠ শব্দ গ্ৰহণকাৰীৰ বঁটাও লাভ কৰে।
Add comment